• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ সাংবাদিক মানিক শইকীয়াৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী হাঁহচৰা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 16, 2018 4:51 pm
Senior jurno from Janji Manik Saikia
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ জাঁজী হাঁহচৰা নিৱাসী, জ্যেষ্ঠ সাংবাদিক, হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী মানিক শইকীয়াই আজি পুৱা ৮:৪৫ বজাত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আকস্মিক ভাবে মৃত্যুক সাবটি লয়।

আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতত জাঁজী হাঁহচৰাৰ পৰা সংবাদ সেৱা আগবঢ়োৱা শইকীয়াক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউ লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Apply Now

বৃহত্তৰ জাঁজী হাঁহচৰা অঞ্চলৰ বহু পুৰণি গ্ৰন্থ বিপনী ‘শইকীয়া বুক ষ্টল’ৰ স্বত্বাধিকাৰী মানিক শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হয়।

হাঁহচৰা পূৱেৰুণ কৃষ্টি সমাজৰ প্ৰাক্তন সম্পাদক, ৰাসোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক, হাঁহচৰা নিবনুৱা সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰগতি মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সম্পাদক, হাঁহচৰা ব্যৱসায়ী সন্থাৰ একালৰ সভাপতি সম্পাদক হিচাপে দায়িত্ব পালন কৰা মানিক শইকীয়া মৃত্যুৰ সময়ত  হাঁহচৰা জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সদস্য, হাঁহচৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ সচিবৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয় ভাবে জড়িত আছিল।

প্ৰয়াত শইকীয়াৰ মৃতদেহ চিকিৎসালয়ৰ পৰা নিজা গৃহলৈ অনাৰ পিছতে, হাঁহচৰা প্ৰেছ ক্লাৱ, শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছন, টীয়ক প্ৰেছ ক্লাৱ, পূৱেৰুণ কৃষ্টি সমাজ, হাঁহচৰা জুনিয়ৰ কলেজ, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়, হাঁহচৰা ৰাসোৎসৱ সমিতি, হাঁহচৰা দুৰ্গোৎসৱ উদযাপন সমিতি, হাঁহচৰা ব্যৱসায়ী সন্থা, হাঁহচৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা পৰিচালনা সমিতি, অসম গণ পৰিষদৰ পূৱ লাহিং আঞ্চলিক সমিতি, ভাৰতীয় জনতা পাৰ্টিৰ পূৱ লাহিং মণ্ডল, আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণ কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

দুপৰীয়াৰ ভাগত শতাধিক শোকাকুল ৰাইজৰ উপস্থিতিত সাংবাদিক গৰাকীৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। জ্যেষ্ঠ সাংবাদিক গৰাকীৰ বিয়োগত আপকুৰ যোৰহাট জিলা সমিতি, পূব যোৰহাট প্ৰেছ ক্লাৱ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা প্ৰমূখ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আনহাতে হাঁহচৰা ব্যৱসায়ী সন্থাই দোকান পোহাৰ সমূহ বন্ধ ৰাখি বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়।

৬০ বছৰ বয়সত মৃত্যুক সাবটি লোৱা প্ৰয়াত শইকীয়াই মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ,পত্নী, তিনিগৰাকী নাৱালিকা কন্যা, জ্যেষ্ঠ ভাতৃসহ বহু আত্মীয় এৰি যায়।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd