• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমাপুৰ ডিমাচা ৰজাৰ ৰাজধানী আছিল; নাগালিমত অসমৰ ভূখণ্ড অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি যাম : ডিমাচা নেশ্যনেল কাউন্সিল

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
July 17, 2018 8:01 pm
Dimapur

প্ৰাচীন ডিমাপুৰ নগৰৰ ভগ্নাৱশেষ।

26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমাপুৰ, ডিমা হাচাওকে ধৰি দক্ষিণ অসমৰ কেইবাটাও অংশক সামৰি পৃথক হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী তুলিলে ডিমাচা নেশ্যনেল কাউন্সিলে (ডি এন চি) নামৰ এটা অখ্যাত সংগঠনে। কেৱল সেয়ে নহয়, এই সংগঠনটোৱে ১৬ জুলাইত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি পৃথক হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী সম্বলিত স্মাৰকপত্ৰ দিয়ে।

স্মাৰকপত্ৰত সংগঠনটোৱে লগতে এইটোও উল্লেখ কৰে যে অসমৰ ভূমি অন্তৰ্ভুক্তিৰে প্ৰস্তাৱিত নাগালিম গঠনৰ তেওঁলোকে বিৰোধিতা কৰে। লগতে তেওঁ উল্লেখ কৰে যে ডিমাপুৰ ডিমাচা ৰজাৰহে ৰাজধানী আছিল।

Apply Now

ইফালে পূৰ্বে নাম নুশুনা এটা সংগঠন (ডিমাচা নেশ্যনেল কাউন্সিল)-এ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা এটা দাবীৰে হঠাৎ চৰ্চালৈ আহিব খোজা বুলি সন্দেহ প্ৰকাশ কৰিছে বৰাক উপত্যকাৰ একাংশ সচেতন লোকে।

হাফলঙৰ প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিত্ হাফলংবাৰে কয় যে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়টো ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিষয়। এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল’ব লাগে। উভয় চৰকাৰৰ সিদ্ধান্ত অবিহনে একো সম্ভব নহ’ব।

মনোজ হোজাই নামৰ মাইবাঙৰ এজন শিক্ষিত যুবকে কয়, “তথ্য অনুসৰি ডিমাপুৰ অসমৰ আছিল, লীজতহে নাগাল্যাণ্ডক দিয়া হৈছিল। এনে ক্ষেত্ৰত ডিমাপুৰ অসমক ওভতাই দিব লাগে। অৱশ্যে নতুন হিৰম্বাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি যাতে ডিমাচা আৰু নাগা জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ কাৰণে সজাগ থাকিব লাগিবি। মনোজে কয় যে ডিমাপুৰ ওভোতাই অনাৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া সমাজে আইনগতভাৱে দাবী উত্থাপন কৰিব লাগে।

আডছুৰ ডিমা হাচাও জিলাৰ সভাপতি উত্তম লাংথাচাই কয় পৃথক ৰাজ্য বা পৰিষদ গঠনটো পাছৰ কথা। কিন্তু প্ৰথম প্ৰশ্নটো হ’ল ডিমাচা নেশ্যনেল কাউন্সিল বা ডি এন চি কেতিয়া গঠন হৈছে আৰু কোনে এই সংগঠনৰ নেতৃত্ব দি আছে? কাৰণ আমি এই বিষয়ে একো নাজানো। আনহাতে হঠাৎকৈ  লোকসভা নিৰ্বাচন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কেইবা মাহ বাকী থকা সময়ত এনে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ প্ৰস্তাৱ তাৎপৰ্য্যপূৰ্ণ। নিশ্চয় এয়া কোনো ৰাজনৈতিক অভিসন্ধি হ’ব পাৰে বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে।

আন কেইবাজনো ৰাজনৈতিক দলৰ নেতাৰ লগত যোগাযোগ কৰাত তেওঁলোকে এই ইছ্যু লৈ কোনও ধৰণৰ মন্তব্য দিবলৈ মান্তি নহ’ল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd