• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুমডুমাত মৰ্মান্তিক দুৰ্ঘটনা : ৰে’লত অহা আত্মীয়ক আনিবলৈ যাওঁতেই মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 8:46 am
Road accident illustration

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিৰ ৰে’লত অহা আত্মীয়ক আগ বঢ়াই আনিবলৈ পুৱাই নিজৰ মাৰুতি গাড়ীখন লৈ ওলাই যোৱা এজন চফল ডেকা নিজেই মৃতদেহ হৈ আহিল। এই মৰ্মান্তিক দুৰ্ঘটনাটো ঘটিছে ডুমডুমাত। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ মাজতে ১ মে’ দিনা এই ঘটনাটোত মৃত্যু হয় অঞ্চলটোৰ অবিনাশ দত্ত নামৰ এজন সৰবৰহী যুৱকৰ।

ঘটনাৰ বিৱৰণি মতে, অবিনাশে ৰে’লত অহা তেওঁৰ আত্মীয়ক আগ বঢ়াই আনিবলৈ নিজৰ মাৰুতি গাড়ীখন লৈ গৈ থাকোতেই গংগাবাৰী চাহ বাগিচাৰ আলি কেঁকুৰিটোতে তিনিচুকীয়াৰ ফালৰ পৰা তীব্ৰ গতিত অহা এখন আইটেন গাড়ীয়ে (নং এ এছ ০৬ এম ৮১৮৮) অবিনাশৰ কাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। খুন্দাটো ইমানেই ডাঙৰ আছিল যে অবিনাশৰ থিতাতে মৃত্যু হয়।

Apply Now

অবিনাশ অঞ্চলটোৰ ৰূপাই লাচিত নগৰ নিৱাসী, অসম সাহিত্য সভাৰ তিনিচুকীয়া  জিলা সমিতিৰ প্ৰাক্তন সম্পাদক, ৰূপাই হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰকাশ দত্তৰ একমাত্ৰ সন্তান আছিল।

তেওঁ এজন যুৱ ব্যৱসায়ী হোৱাৰ লগতে অঞ্চলটোৰ বহুকেইটা দল-সংগঠনৰ লগত জড়িত আছিল। বিভিন্ন ধৰণৰ সামাজিক কাম-কাজতো জড়িত আছিল।

আনহাতে দুৰ্ঘটনাটোৰ পিছত উত্তেজিত স্থানীয় লোকে গোট খাই ৰাষ্ট্ৰীয় পথটো কিছু সময়ৰ বাবে অৱৰোধ কৰে। দুৰ্ঘটনাটোত আইটেন গাড়ীখনৰ চালক চাবুৱা দিনজানৰ সুভাষ নায়ক (২৬) আৰু আৰোহী অৰূপজ্যোতি নায়ক (২৫) আৰু আন দুজন আৰোহী ক্ৰমে তিনিচুকীয়াৰ ৰাতুল বসু (২৫) আৰু ডুমডুমাৰ বিকাশ তাঁতী (২৬)ও আহত হয়। বিকাশ তাঁতীৰ বাদে বাকী ৩ জনৰ আঘাত গুৰুত্বভাৱে হোৱাত তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে।

সৰবৰহী যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছত নিজ ঘৰলৈ অনা হয় আৰু বহুকেইটা স্থানীয় সংঘ-সংগঠন আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd