• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢেকীয়াজুলিত এপষেকৰ ভিতৰতে পুনৰ ছাত্ৰীক অপহৰণৰ চেষ্টা অ’টো চালকৰ : চলন্ত অট’ৰ পৰা জঁপিয়াই ৰক্ষা পৰিল দুই ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 12:03 pm
https://assam.nenow.in/wp-content/uploads/2018/03/Crime-against-women-570x320.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান পূৰ্বে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিবলৈ অহা ছাত্ৰীক অপহৰণৰ চেষ্টা কৰা দুজন অট’চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ ঘটনা মাৰ নৌ যাওঁতেই মঙলবাৰে একে ধৰণৰ এটা ঘটনাই ঢেকীয়াজুলিৰ ৰাইজক উদ্বিগ্ন কৰি তুলিছে।

জানিব পৰামতে ২৭ মাৰ্চৰ পুৱাৰ ভাগত কেহেৰুখন্দা পথাৰৰ দুগৰাকী ছাত্ৰীয়ে ঢেকীয়াজুলি চহৰলৈ টিউশ্যনলৈ বুলি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাংগাবস্তিত অট’ৰ বাবে ৰৈ আছিল। তেনেতে এখন অট’ আহি ছাত্ৰী দুগৰাকীৰ ওচৰত ৰয় আৰু চালকে তেওঁলোকক উঠিবলৈ কয়।

Apply Now

কিন্তু ছাত্ৰী দুয়োগৰাকী অট’খনত উঠাৰ লগে লগে অট’ চালকে অ’টোখন ঢেকিয়াজুলি চহৰ অভিমুখে নিয়াৰ সলনি বিপৰীতে দিশে, অৰ্থাৎ তেজপুৰ অভিমুখে বেগেৰে চলাই নিয়ে। ছাত্ৰী দুগৰাকী শংকিত হৈ চিঞৰ-বাখৰ কৰা সত্ত্বেও অট’ চালকজনে অট’খন ৰখোৱা নাছিল। শেষত দুয়োগৰাকী ছাত্ৰীয়ে চলন্ত অট’খনৰ পৰা জঁপিয়াই দিয়ে। এইদৰেই ছোৱালী দুগৰাকী কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

জানিব পৰামতে ঘটনা সংঘটিত কৰি অট’চালকজনে অট’সহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুয়োগৰাকী কিশোৰী ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। এই সন্দৰ্ভত ভুক্তভোগী ছাত্ৰী দুগৰাকীয়ে সমস্ত ঘটনা বিৱৰি ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৩ মাৰ্চত তেজপুৰৰ চাৰিমাইলৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চৌহদৰ পৰাই আৰু শ্ৰেণীসমূহ চলি থকা অৱস্থাতে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ দুগৰাকীকৈ ছাত্ৰীক এজন অট’ চালকে অপহৰণ কৰি নিয়াৰ চেষ্টা কৰিছিল। পিছত আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক অট’চালকজনৰ পৰা উদ্ধাৰ কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd