• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ ৬ গৰাকী আলফা (স্বাধীন) সদস্যৰ

অভীক চক্ৰবৰ্তী, অনিৰ্বাণ পাঠক by অভীক চক্ৰবৰ্তী, অনিৰ্বাণ পাঠক
June 21, 2018 7:47 pm
ulfa (I)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ ছজন কেডাৰে তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই গুৱাহাটীৰ কাহিলিপাৰাস্থিত দশম অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত এক সংবাদমেলত আজি ২১ জুনত এই কথা সদৰী কৰে।

অসম আৰক্ষীৰ দাবী অনুসৰি আলফা (স্বাধীন)ৰ আত্মসমৰ্পণকাৰী সদস্য কেইজন হ’ল নামৰূপৰ ঘিলাগুৰিৰ প্ৰণৱ গগৈ (৩৫ বছৰীয়া) ওৰফে চাৰ্জেন্ট চুকলেং অসম, তিনিচুকীয়াৰ পিঠাগুৰি পথৰগাঁৱৰ অপূৰ্ব মৰাণ(২৪ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল মৃদু অসম, কাকপথাৰৰ সত্যজিৎ মৰাণ (৩০ বছৰীয়া) ওৰফে চাৰ্জেন্ট মানৱ অসম, শদিয়াৰ অমৰপুৰৰ যিচু দলৈ (২৮ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ চিয়াং অসম, হাতীগড় টঙনাৰ ঋতুৰাজ মৰাণ (৩১ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল দুৰ্লভ অসম, চাবুৱা ৰজাবাৰীৰ অভিজিৎ গোঁহাই (২৭ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ অনুজ অসম।

Apply Now

আৰক্ষী সঞ্চালক প্ৰধানে দাবী কৰা অনুসৰি আলফা(স্বাধীন)ৰ আত্মসমৰ্পণকাৰী দলটো অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্ত্তী ম্যানমাৰৰ আৰাকান শিবিৰত আছিল। তেওঁলোকৰ পদসমূহৰ পৰা তেওঁলোক আলফা(স্বাধীন)ৰ নতুন সদস্য নহয় বুলি অনুমান কৰিব পাৰি বুলি আৰক্ষী সঞ্চালক প্ৰধান শইকীয়াই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

আত্মসমৰ্পনৰ সময়ত আলফা (স্বাঃ)ৰ সদস্য কেইজনে এটাকৈ AK 56, MQ 81 আৰু HK 33 ৰাইফল, প্ৰায় তিনিশ ৰাউণ্ড সক্ৰিয় গুলী, গ্ৰেনেড, ভালেসংখ্যক বিস্ফোৰক, সামৰিক পোচাক, সংগঠনৰ প্ৰতীক আৰু শিবিৰত ব্যৱহৃত ভালেমান সামগ্ৰী আৰক্ষীৰ ওচৰত দাখিল কৰে বুলি দাবী কৰা হৈছে।

আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিয়ামতে আত্মসমৰ্পণ কৰা আলফা(স্বাধীন)ৰ কেডাৰকেইজনে নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লোৱা বুলি আৰক্ষীক অৱগত কৰিছে। তেওঁলোকে লগতে সাধাৰণ থলুৱা লোক আৰু চাহ বাগিচাৰ শ্ৰমিক আদিক আলফা (স্বাঃ)এ অপহৰণ আৰু ধন দাবী কৰাক সহজভাৱে ল’ব পৰা নাছিল বুলি শইকীয়াই জানিবলৈ দিয়ে।

আৰক্ষী সঞ্চালকপ্ৰধানে লগতে কয় যে আলফা (স্বাধীন) কেডাৰকেইজনক তেওঁলোকৰ শীৰ্ষ নেতৃত্বই অসমত প্ৰৱেশ কৰি কূটাঘাত চলোৱাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু এই সময়ত উজনি অসমত আৰক্ষী আৰু নিৰাপত্তা বাহিনী অধিক সক্ৰিয় হৈ থকাৰ বাবেই তেওঁলোক অসমত প্ৰৱেশ কৰিব পৰা নাছিল। পাছত উপায়হীন হৈ তেওঁলোকে আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই জনোৱা মতে ভাৰত চৰকাৰৰ নতুন আত্মসমৰ্পণ নীতি অনুসৰি যদিও তেওঁলোকে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে তথাপিতো আৰক্ষীৰ বিশেষ শাখালৈ আনি তেওঁলোকক পৰীক্ষা আৰু প্ৰয়োজনীয় সোধা-পোছা কৰিব লাগে। সেয়ে তেওঁলোকক আত্মসমৰ্পণৰ লগে লগে গুৱাহাটীলৈ অনা বুলি ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

আনহাতে, আলফা(স্বাধীন)ৰ ফেইচবুক প্ৰফাইলটো আৰক্ষীয়ে তীক্ষ্ণ নজৰত ৰখা বুলি আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই সংবাদমেলত প্ৰকাশ কৰে।

অভীক চক্ৰবৰ্তী, অনিৰ্বাণ পাঠক

অভীক চক্ৰবৰ্তী, অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd