• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিন অতিক্ৰম কৰিলে চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশনে : আশ্বস্ত হোৱা নাই মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পত্ৰত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 22, 2018 8:15 pm
যোৱা ২০ জুলাইৰ পৰা মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই গ্ৰহণ কৰা আমৰণ অনশন কাৰ্য্যসূচীত ভাগ লোৱাসকলৰ একাংশ।

যোৱা ২০ জুলাইৰ পৰা মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই গ্ৰহণ কৰা আমৰণ অনশন কাৰ্য্যসূচীত ভাগ লোৱাসকলৰ একাংশ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিন অতিক্ৰম কৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশনে। ইয়াৰ পাছতো জনগোষ্ঠীটোৰ দাবীসমূহক ন্যায্যতা প্ৰদান আৰু সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গা এৰা দিয়া মনোভাব প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃবৃন্দই।

উল্লেখযোগ্য যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যোৱা ২০ জুলাইৰ পৰাই মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আমৰণ অনশন কৰি আছে। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, বগীবিল দলঙৰ নাম ‘বীৰংগনা সাধনী সেঁতু’ হিচাপে নামাকৰণ আৰু আৰু বীৰংগনা সাধনী দিৱসৰ দিনটো ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই কাৰ্যসূচী অব্যহত ৰাখিছে।

Apply Now

আজি ২২ জুলাইৰ বিয়লি অনশনস্থলীতেই সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীসমূহ মানি নোলোৱা পৰ্যন্ত সংগঠনটোৱে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ নকৰে বুলি জানিবলৈ দিয়ে।

সংবাদমেলত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়াই জানিবলৈ দিয়ে যে কালি অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ অনশনস্থলীত উপস্থিত হৈ মুখ্য মন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব মৃগেশ নাৰায়ণ বৰুৱাৰ স্বাক্ষৰিত এখন প্ৰত্ৰ প্ৰেৰণ কৰে। তেওঁ জনোৱা মতে পত্ৰখনত সংগঠনটোৰ দাবী সম্পৰ্কত ‘মুখ্য মন্ত্ৰীৰ লগত আলোচনাৰ অৰ্থে অহা আগষ্ট মাহৰ প্ৰথম পষেকত এটি দিন ধাৰ্য কৰা হ’ব’ বুলি উল্লেখ আছে। কিন্তু আলোচনাৰ কোনো স্পষ্ট তাৰিখ নথকা এখন পত্ৰত তেওঁলোক আশ্বস্ত হ’ব পৰা নাই বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, “ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহতেই যোৰহাটত আমি অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিলো। তেতিয়া অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত যোৱা ১৯ এপ্ৰিলত যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত আমাৰ দাবীসমূহ সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ সৈতে দুমাহৰ ভিতৰত আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই দুমাহ সময় উকলি যোৱাৰ পাছত এতিয়া আকৌ কোনো ধৰণৰ স্পষ্ট তাৰিখ উল্লেখ নকৰাকৈ চিঠি এখন প্ৰেৰণ কৰিছে। ইয়াতেই চৰকাৰৰ সদিচ্ছাৰ যে অভাৱ আৰু আমাৰ দাবীসমূহক লৈ চৰকাৰে যে ল’ৰা ধেমালি কৰি আছে সেয়া স্পষ্ট হৈ পৰিছে।”

ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ চুতীয়াই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল প্ৰতাৰণাৰ ৰাজনীতি কৰি অহা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “আমি আলোচনাৰ নামত আলোচনা নিবিচাৰো। আমাৰ দাবীসমূহৰ এটা স্থায়ী সমাধান বিচাৰো। কিন্তু চৰকাৰে ইয়াৰ বিপৰীতে বিষয়টোৰ পৰা গা এৰা দিয়া মনোভাবহে প্ৰকাশ কৰিছে। তেওঁলোকে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে।”

সংবাদমেলত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই জনজাতিকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁ লগতে সদৌ অসম ট্ৰাইবেল সংঘ আৰু আন কেইবাটাও জনজাতীয় সংগঠনৰ নেতাই নতুনকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিৰোধিতা কৰা বিষয় সন্দৰ্ভত কয়, “চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আগ বঢ়াই ১৯৮১ চনতেই সদৌ অসম ট্ৰাইবেল সংঘই প্ৰস্তাৱ গ্ৰহণ কৰিছিল কিন্তু এতিয়া তেওঁলোকে ওলোটা খৰ মাৰিছে।” লগতে চুতীয়াসকলক জনজাতিকৰণৰ ক্ষেত্ৰত পূৰ্বে সদৌ গুৱাহাটী মিচি কেবাং আৰু সদৌ অসম দেউৰী সন্মিলনেও সমৰ্থন আগ বঢ়াইছিল বুলি জানিবলৈ দিয়ে।

একেখন সংবাদমেলতেই চুতীয়া যুৱ সন্মিলন, অসমৰ উপদেষ্টা নৃপেন শইকীয়াই জনজাতিকৰণৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে চুতীয়া সকলকে ধৰি ছয় জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, “জনজাতিকৰণৰ বিষয়টোক লৈ গঠন কৰা মডেলিটি কমিটীয়ে প্ৰতিবেদন দাখিল কৰাটো দূৰৈৰে কথা। এতিয়ালৈকে প্ৰতিবেদনৰ এটা আখৰো লিখা নাই। বিজেপিয়ে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল।”

ইয়াৰ উপৰি সংবাদমেলত জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে আনাগত দিনত বিজেপি দলক প্ৰতিটো নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd