• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন চাঞ্চল্যৰ নাম অস্মিতা চলিহা : জিনিলে অল ইণ্ডিয়া ছিনিয়’ৰ বেডমিণ্টনৰ মুকুট

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 24, 2018 6:01 pm
Ashmita Chaliha

Dmdcfle

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাৱঁৰ ধিঙৰ ভিতৰুৱা ঠাইৰ ছোৱালী হিমা দাসে আন্তঃৰাষ্ট্ৰীয় এথলেটিকছত দপদপাই থকাৰ সময়তে গুৱাহাটীৰ অস্মিতা চলিহাই এক প্ৰকাৰৰ চাঞ্চল্য সৃষ্টি কৰিছে দেশৰ ক্ৰীড়া ক্ষেত্ৰত।

অসমৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ ১৮ বছৰীয়া অস্মিতাই হায়দৰাবাদত চলি থকা অল ইণ্ডিয়া ছিনিয়’ৰ বেডমিণ্টনত আজি উইমেন ছিংগলছ শাখাত বিজয়ী হয় দেশৰ তৃতীয় ৰেংকৰ খেলুৱৈ উত্তেজিতা ৰাওক 21-16, 14-21, 21-15-ত পৰাজিত কৰি।

Apply Now

ফাইনেলত দেশৰ তৃতীয় শীৰ্ষস্থানৰ খেলুৱৈ অন্ধ্ৰ প্ৰদেশৰ উত্তেজিতা ৰাৱে ফেভাৰিট হিচাপেই অৱতীৰ্ণ হৈছিল যদিও অস্মিতাৰ প্ৰাণোচ্ছ্বল, সতেজ ক্ৰীড়া প্ৰতিভাৰ আগত মূৰকত হাৰ মানে। এই জয়েৰে অস্মিতাই এছিয়ান গেইমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগীয়া দলতো স্থান নিশ্চিত কৰিলে। অৱশ্যে বেংগালুৰু টুৰ্নামেণ্টত জিকাৰ সূত্ৰে উ্তেজিতায়ো এই দলত স্থান নিশ্চিত কৰি থৈছে।

আনহাতে অস্মিতাই এই চাঞ্চল্য সৃষ্টি কৰা জয়েৰে দেশৰ বেডমিণ্টন খেলৰ জগতখনত অসমৰ নাম উজলাই তুলিলে।

মন কৰিব লগীয়া যে ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে ছেমিফাইনেলতো ১৮ বছৰীয়া অস্মিতাই দেশৰ জুনিয়’ৰ চেম্পিয়ন আকাশী কাশ্যপক 19-21, 21-17, 21-12 ব্যৱধানত হৰুৱাইছিল।

ফাইনেলৰ প্ৰথম ছেটত 8-11 লৈকে পিছপৰিও অস্মিতাই মনোবল আৰু স্নায়ুচাপৰ যুঁজত বিপক্ষক পিছ পেলাই 21-16 ব্যৱধানত ছেটটো দখল কৰিছিল। পুনৰ দ্বিতীয় ছেট অস্মিতাৰ হাতৰ পৰা 14-21 ব্যৱধানত হেৰুৱাব লগীয়া হয় অস্মিতাই। ফলত তৃতীয় তথা নিৰ্ণায়ক ছেটটো যথেষ্ট চাপৰ মাজত খেলে দুয়োগৰাকী প্ৰতিযোগীয়ে। এটা সময়লৈকে উত্তেজিতাই 10-6 ৰ অগ্ৰগতি লৈ আছিল। কিন্তু তাৰ পিছতে অস্মিতাই একেৰাহে 6 টা পইণ্ট দখল কৰে। ফলত চাপত পৰে উত্তেজিতা। শেষ পৰ্য্যন্ত 21-15 ব্যৱধানত ছেটটো দখল কৰি হাঁহি মাৰেগৈ অস্মিতাই।

বেডমিণ্টনক কেৰিয়াৰ হিচাপে লোৱা আৰু এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা অস্মিতাই ইয়াৰ পূৰ্বেও কেইবাটাও সফলতা দেখুৱাইছে। যোৱা বছৰ অনুষ্ঠিত ৪২ সংখ্যক জুনিয়’ৰ নেশ্যনেল বেডমিণ্টনত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। মালয়েছিয়াৰ তাৰকা বেডমিণ্টন খেলুৱৈ লী চং ৱেইক আদৰ্শ হিচাপে লোৱা গুৱাহাটীৰ যুৱ খেলুৱৈগৰাকীৰ এই ঈৰ্ষণীয় সাফল্য আৰু বৰ্তমান ইণ্ডিয়াৰ ট্ৰেক ৰাণীত পৰিণত হোৱা ধিঙৰ হিমা দাসক লৈ আগন্তুক জাকাৰ্টা এছিয়ান গেইমছত সপোন দেখিবলৈ আৰম্ভ কৰিছে অসমবাসীয়ে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd