• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক : সমৰ্থন নকৰে ‘সত্ৰ মহাসভা’ই; প্ৰধান সম্পাদক, উপ সভাপতিক নিলম্বন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2018 7:19 pm
২১ এপ্ৰিলত অনুষ্ঠিত সত্ৰ মহাসভাৰ বৈঠক। ফট’ : প্ৰতিবেদক।

২১ এপ্ৰিলত অনুষ্ঠিত সত্ৰ মহাসভাৰ বৈঠক। ফট’ : প্ৰতিবেদক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) সত্ৰ মহাসভাই সমৰ্থন নকৰে। বিধেয়কৰ সমৰ্থনত মহাসভাৰ কাৰ্য্যনৰ্বাহকত কোনো সিদ্ধান্ত নোহোৱাকৈ আৰু বাকী বিষয়ববীয়াৰ অগোচৰে দিল্লীৰ শুনানিত মহাসভাৰ হৈ সাক্ষ্য দিয়া প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু উপ সভাপতি অখিল মহন্তক সংগঠনটোৰ পৰা নিলম্বন কৰা হৈছে আৰু মহাসভাৰ হৈ ১৭ এপ্ৰিলৰ শুনানিত দাখিল কৰা স্মাৰক পত্ৰ ‘তৎকালীনভাৱে’ উঠাই লোৱা হৈছে।

ৰাজ্যজুৰি হোৱা ব্যাপক তোলপাৰৰ পিছত আজি ২০ এপ্ৰিলত মহাসভাই গুৱাহাটীত অনুষ্ঠিত কৰা কৰ্ণধাৰ সমিতিৰ জৰুৰী বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

Apply Now

আজি গ্ৰহণ কৰা মহাসভাৰ সিদ্ধান্তত কোৱা হৈছে যে ‘হিন্দু বাংলাদেশীৰ বোজা অসমে নলয়। হিন্দুৱেই হওক বা মুছলমানেই হওক, বিদেশী বিদেশীয়েই। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বাংলাদেশীয়ে অসম এৰিবই লাগিব।’

কুসুম কুমাৰ মহন্তক ‘জাতিদ্ৰোহী’ বুলি অভিহিত কৰি মহাসভাৰ গুৱাহাটী সমিতিৰ কাৰ্য্যকৰী সভাপতি দুলাল গোস্বামীয়ে মহন্তৰ আৰ এছএছ আৰু বিজেপিৰ সৈতে সম্পৰ্ক থকাৰ লগতে বিজেপিৰ পৰা তেওঁ এম এল এ’ টিকট বিচৰাৰ অভিযোগ তুলিছিল।

অসমৰ প্ৰায় সকলো সকলো সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব সংশোধন বিধেয়কক সমৰ্থন কৰাৰ বাটত মহাসভাৰ প্ৰধান সম্পাদক তথা বিজেপি সদস্য কুসুম মহন্তই মহাসভাৰ বাকী বিষয়ববীয়াসকলক বিপথে পৰিচালিত কৰাৰ কথা আজিৰ বৈঠকতে পোহৰলৈ আহে।

এই সন্দৰ্ভত সভাৰ এগৰাকী বিষয়ববীয়াই কয় যে শুনানিলৈ নহয়, সত্ৰসমূহত হোৱা বেদখল আৰু কেন্দ্ৰৰ পৰা সত্ৰসমূহলৈ আৰ্থিক অনুদান সন্দৰ্ভতহে কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ দিয়াৰ বাবে প্ৰধান সম্পাদকগৰাকীক দিল্লীলৈ পঠোৱা হৈছিল।

‘অনুমতি’সাপেক্ষেই দিল্লীলৈ সম্পাদকগৰাকী গৈছিল বুলি উল্লেখ কৰি মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীয়ে কয় ‘হিন্দু বাংলাদেশীৰ সমৰ্থনত যিখিনি কথা লিখিছিল সেই সম্পৰ্কে মই অৱগত নাছিলো।’

উল্লেখযোগ্য যে সেইখিনি ‘ব্যক্তিগত মত আছিল’ বুলি আজিৰ সভাত কুসুম কুমাৰ মহন্তই স্বীকাৰ কৰে।

সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে আজিৰ সভাই সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা আৰু সভাৰ দুগৰাকী জ্যেষ্ঠ সদস্য নীলমণি মহন্ত আৰু দুলাল গোস্বামীক লৈ এখন তদন্ত সমিতি গঠন কৰি দিয়ে।

তদন্ত সমিতিয়ে এমাহৰ ভিতৰত দাখিল কৰিব লগা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনসাপেক্ষে আজি নিলম্বিত কুসুম মহন্ত আৰু অখিল মহন্তক স্থায়ীভাৱে সভাৰ পৰা বহিষ্কাৰ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলিও সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd