যোৱা নিশা গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা সামগ্ৰী ভৰ্তি ট্ৰাক এখনত ডকাইতি কৰি থাকোতে মৰিগাঁও জিলাৰ নেলী আৰক্ষীয়ে কৌশলেৰে আঠজনীয়া এটা দুধৰ্ষ ডকাইতৰ দলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে নেলীৰ পেট্ৰল পাম্পৰ ওচৰত ৰৈ থকা ইলেক্ট্ৰ’নিক সামগ্ৰীভৰ্তি ট্ৰাকখনৰ পৰা সামগ্ৰীসমূহ নমাই ডকাইতৰ দলটোৱে আন এখন বাহনত উঠাই আছিল। তেনে সময়তে নেলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময় দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
নেলী আৰক্ষীয়ে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বলেৰ’ পিক আপখনো জব্দ কৰে। ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে চোকা অস্ত্ৰ আৰু পাঁচটা ম’বাইল ফোনো জব্দ কৰে। আৰক্ষীৰ জালত পৰা ডকাইত কেইটা ক্ৰমে ফইজুৰ ৰহমান, আফচাৰ আলী, চাহিদুল আলী, ইৰফান আলী, ইকবাল হুছেইন, মইদুল ইছলাম, হবিবুল আলী আৰু মাইনুদ্দিন আলী৷ আটকাধীন আটাইৰে ঘৰ মৰিগাঁৱৰ মিকিৰভেটা আৰু মৈৰাবাৰীত ৷
ইলেক্ট্ৰ’নিক সামগ্ৰী কঢ়িওৱা ট্ৰাকখনৰ চালকে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ডকাইতৰ দলটোক জে’ললৈ প্ৰেৰণ কৰিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আনহাতে ৰাইজে আৰক্ষীৰ এই ভূমিকাৰ যথেষ্ট শলাগ লোৱা পৰিলক্ষিত হৈছে।