• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱাগত ছবি পৰিচালক হিমজ্যোতি তালুকদাৰৰ সৈতে এন এই নাও (NE NOW)ৰ এটা সাক্ষাৎকাৰ

ননি টেৰন by ননি টেৰন
January 9, 2018 5:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চিনেমা জগতত যথেষ্ট সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰে খোজ পেলোৱা নৱাগত পৰিচালক হিমজ্যোতি তালুকদাৰৰ সৈতে এন এই নাও (NE NOW)ৰ এটা সাক্ষাৎকাৰ আগ বঢ়োৱা হ’ল। এন এই নাওৰ হৈ এই গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰটো লৈছে চিনেমাৰ সমালোচক ননী টেৰনে।

এন ই নাও : চিনেমা পৰিচালনা বিষয়ত আগ্ৰহৰ উত্স?

Apply Now

স্কুলত পঢ়ি থকা দিনৰে পৰা চিনেমসৰ প্ৰতি আগ্ৰহ আছিল অসীম। চিনেমা এখননো কেনেকৈ নিৰ্মান হয় সেয়া আছিল শৈশৱৰ এক অনুসন্ধিত্সু মনৰ প্ৰকাশ। স্কুলীয়া দিনত চিনেমা হলকে ধৰি দূৰদৰ্শনত বহু চিনেমা চাইছিলো। মূলত: মনোৰঞ্জনৰ বাবেই তেতিয়া চাইছিলো যদিও কেমেৰা এটাৰ পাছফালে কি কি ঘটি থাকে সেয়া জনাৰ আগ্ৰহ হে আছিল বেছি। তেতিয়াই অসমীয়া চিনেমাৰ প্ৰতিও আগ্ৰহ বঢ়িছিল। বাতৰি কাকত আলোচনী আদিত প্ৰকাশিত চিনেমাৰ খবৰবোৰ অনুসৰণ কৰিছিলো। জাহ্নু বৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া, মুনীন বৰুৱা আদি পৰিচালক সকলৰ চিনেমাৰ প্ৰতি আকৃষ্ট হৈছিলো। মুঠৰ ওপৰত চিনেমাৰ প্ৰতি আগ্ৰহৰ বীজ অঙ্কুৰিত হৈছিল স্কুলীয়া দিনতে। দিল্লীত যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি আছিলো তেতিয়া বহু বিদেশী ভাষাৰ চিনেমাৰ লগত পৰিচয় ঘটিল। মনৰ ভিতৰত থকা চিনেমাৰ খিৰিকীখন আৰু অলপ বহলকৈ মেল খালে। বহু বছৰ কাল অসমৰ বাহিৰত থাকি এদিন অসমলৈ ঘূৰি আহিছিলো, ‘কিবা এটা কৰাৰ হেঁপাহত। এনাজৰী প্ৰকল্পটোৰ কাম তেতিয়া পূৰ্ণ্যোদ্য্মে চলি আছিল (এতিয়াও চলি আছে)। কিন্তু হয়তো ভবা নাছিলো যে ইমান সোনকালে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা এখন নিৰ্মাণ কৰাৰ সুযোগ মিলিব। কেলেণ্ডাৰ চিনেমা খন নিৰ্মাণত মোক সহায় কৰিলে মাৰ্কশ্বিট চিনেমাখনে। মোৰ যিহেতু কোনো ধৰণৰ চিনেমা পাঠ্যক্ৰমৰ ডিগ্ৰী অথবা প্ৰশিক্ষণ নাছিল সেইবাবে মাৰ্কশ্বিটখন আছিল মোৰ বাবে চিনেমাৰ বিভিন্ন দিশ শিকাৰ এটা প্লেটফৰ্ম। মাৰ্কশ্বিটৰ সহ-প্ৰযোজনা, কাহিনী-চিত্ৰনাট্যৰ লগত জঢ়িত হৈ বহু কথা শিকিলো। এইখিনিতে এটা কথা অকপতে স্বীকাৰ কৰিও ভাল লাগে যে ইউটিউবত থকা চিনেমা নিৰ্মান শৈলীৰ বিভিন্ন ভিডিঅ’ সমূহেও মোক বহু সহায় কৰিলে কেলেণ্ডাৰ নিৰ্মাণত। বৰ্তমানৰ উন্নত কাৰিকৰী প্ৰযুক্তিৰ যুগত কেনেদৰে চিনেমা নিৰ্মাণ কৰিব পাৰি সেই সম্পৰ্কে অলপ অধ্যয়ন কৰি লৈছিলো। কেলেণ্ডাৰৰ কাহিনী, চৰিত্ৰ, চিত্ৰনাট্য আদিবোৰ মিলি চিনেমা খন বহু কম বাজেটতে সম্পূৰ্ণ হোৱাত সহায়ক হৈছিল।

এন ই নাও : Indie film maker হিচাবে অৰ্থ সমস্যাৰ বিষয়ে?

চিনেমা নিৰ্মাণ এক খৰছী প্ৰক্ৰিয়া। গতিকে চিনেমাৰ বাবে বাজেট এটা মূল সমস্যা। বিশেষকৈ অসমৰ দৰে চিনেমা উদ্যোগত(?) পিছপৰি থকা ৰাজ্যৰ বাবে স্বতন্ত্ৰ চিনেমা নিৰ্মাণ প্ৰক্ৰিয়াটো অতি জটিল। কোনো প্ৰযোজকে এনেধৰণৰ চিনেমাত বিনিয়োগ কৰিব নোখোজে। মূলধন অথবা লাভৰ অংশ ঘূৰি নহাৰ ভয়ত। গতিকে স্বতন্ত্ৰ চিনেমা নিৰ্মাতা সকলেও বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয়। কম চৰিত্ৰৰ কাহিনী, এটা চুটি শ্বুটিং কাৰ্যসূচী, তুলনামূলক ভাবে কম সংখ্যক ক্ৰিউ সদস্য, কম খৰছী কাৰিকৰী যন্ত্ৰপাতি, সৰু বাজেট এখন, স্বতন্ত্ৰ চিনেমা নিৰ্মানত এইবোৰেই একো একোটা মূল সম্পত্তি। বৰ্তমানলৈ দেখা গৈছে অসমত নিৰ্মিত বেছিভাগ স্বতন্ত্ৰ চিনেমাই কোনো নিৰ্দিষ্ট প্ৰযোজক নোহোৱাকৈ একেলগে কেইবাজনো লগ হৈ অথবা ক্ৰাউডফাণ্ডিং প্ৰক্ৰিয়াৰ যোগেদি চিনেমা নিৰ্মাণ কৰিছে। কথানদী, বকুল, মাৰ্কশ্বিট আদি চিনেমা ক্ৰাউডফাণ্ডিং প্ৰক্ৰিয়াৰে সম্পূৰ্ণ হোৱা অসমীয়া চিনেমাৰ ভাল উদাহৰণ। টকা পইচাৰ সমস্যা নিশ্চয়কৈ আছে, কিন্তু যদি চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো তেন্তে বাজেটৰ ৰাস্তাটো সুষম গতিত আমি নিজেই উলিয়াই লাগিব বিভিন্ন মাধ্যমেৰে।

 

এন ই নাও : অসমত চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ সমস্যা আছে নেকি?

সুবিধাতকৈ আন্ত:গাঁথনিজনিত অসুবিধাহে বেছি বুলি কম। অসমীয়া চিনেমা এক উদ্যোগ হিচাবে ঠন ধৰি উঠিবলৈ যিখিনি আন্ত:গাঁথনিৰ দৰকাৰ সেইখিনি পাবলৈ এতিয়াও বাকী। বিভিন্ন কাৰিকৰী সা‌-সৰঞ্জামৰ অসুবিধা, সকলো সুবিধা থকা আধুনিক ষ্টুডিঅ’ৰ অভাৱ, ফিল্ম চিটি আদিৰ দৰে যিখিনি সুবিধা এটা উদ্যোগক লাগে সেইখিনিৰ অভাৱ সততে দেখা যায়, যাৰ ফলত চিনেমাৰ বিভিন্ন কামৰ বাবে অসমৰ বাহিৰলৈ যাবলগীয়া হয়। যিটো এক খৰছী কাৰবাৰ।

এন ই নাও : চিনেমা প্ৰদৰ্শনৰ ক্ষেত্ৰত বৃহৎ ষ্টুডিঅ’ জড়িত ডাঙৰ বজাৰখনৰ পৰা পোৱা সুবিধা-অসুবিধাবোৰ কি কি আৰু ইয়াৰ আঞ্চলিক সমাধান কি?

আঞ্চলিক ভাষাৰ চিনেমাসমূহ প্ৰদৰ্শন হোৱাৰ সুবিধা থাকিব লাগে। সাধাৰণতে দেখা যায় কেতিয়াবা ভালদৰে অসমীয়া চিনেমা এখন হলত চলি থাকিলেও ডাঙৰ বাজেটৰ হিন্দী চিনেমা এখনে পৰৱৰ্তী সপ্তাহত সেই ঠাই দখল কৰি লয়। এনে হ’ব নালাগে। যদি অসমীয়া চিনেমা এখনে সঁচাকৈয়ে ভাল ব্যৱসায় কৰিছে তেন্তে সেইখন আঁতৰাই দিয়াৰ কোনো কাৰণ নেদেখো। সেইবাবে চিনেমা হলত মুক্তিৰ ক্ষেত্ৰত এক চৰকাৰী নীতি নিয়ম থকাটো বিচাৰো। যিহেতু অসমীয়া চিনেমা উদ্যোগটো এতিয়াও ভালদৰে বিকশিত হৈ উঠা নাই সেইবাবে এইক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা থকাটো জৰুৰী। অসমৰ বাহিৰৰ বৃহত বেনাৰৰ চিনেমা সমূহে যিদৰে অসমত খুবেই গুৰুত্ব পায়, ঠিক সেইদৰে অসমৰ ভাল ভাল চিনেমা সমূহেও চিনেমা হলত সেই গুৰুত্ব পাব লাগে। অৱশ্যে এইটো কথাও ঠিক যে যিহেতু চিনেমা হল সমূহে ব্যৱসায়িক দৃষ্টিভংগীৰে কথাবোৰ চায় (যিটো জৰুৰীও), আমি চিত্ৰ নিৰ্মাতা সকলেও খুব সু পৰিকল্পিত ভাৱে বজাৰ অধ্যয়ন কৰি চিনেমা নিৰ্মাণ (যদিহে বাণিজ্যিক লাভালাভৰ কথা জড়িত হৈ থাকে) তথা মুক্তিৰ কথা ভবাটো প্ৰয়োজন। অসমীয়া চিনেমাৰ গুণগত মানদণ্ড উন্নত কৰাত আমি যদি চিত্ৰনিৰ্মাতা সকলে ধ্যান দিওঁ তেন্তে নিশ্চয়কৈ বাহিৰৰ বিশাল বেনাৰবোৰৰ চিনেমাৰ সৈতে সমানে ফেৰ মাৰিবলৈ আমি সক্ষম হ’ম বুলি মই নিশ্চিত। কাৰণ শেষত এটা কথায়েই সত্য প্ৰতিপন্ন হয় যে ভাল চিনেমা এখন ৰাইজে আকোঁৱালি ল’ব, বেয়াখন প্ৰত্যাখান কৰিব।

এন ই নাও : অসমীয়া চিনেমাৰ সবল স্থিতি দেখিছেনে?

এই ক্ষেত্ৰত এটা কথায়েই কম যে সময়ৰ লগত খাপ খোৱা নিৰ্মাণ শৈলীৰে ভাল ভাল চিনেমা নিৰ্মাণ হওক। দৰ্শকে চিনেমা সমূহ চাই ভাল নিশ্চয় পাব। ইয়াৰ বাহিৰে বেলেগ উপায় মই দেখা নাই। হলত যদি চিনেমা এখন মুক্তি দিব খুজিছো তেন্তে ই এটা প্ৰডাক্ট হৈ পৰে আৰু তেতিয়া দৰ্শকৰ (কাষ্টমাৰ)ৰ বাবে চিনেমা (প্ৰডাক্ট)খন ভাল হ’বই লাগিব। যদি চিনেমা খন উন্নত মানদণ্ডৰ নহয় অথবা আমি কেৱল নিৰ্মাণ কৰিব লাগে কাৰণেহে কৰিছো তেন্তে হাজাৰখন চৰকাৰী আঁচনিয়েও অসমৰ চিনেমা বজাৰ খন ৰক্ষা কৰিব নোৱাৰে। এইটো কথাও ঠিক যে অসমত চিনেমা হলৰ খুবেই অভাৱ। মাত্ৰ 30-40 টা চিনেমা হলেৰে অসমৰ দৰে এখন ৰাজ্যত চিনেমাৰ বজাৰ নচলে। গতিকে এখন ভাল চিনেমা তিনি সপ্তাহলৈ হাউচফুল হৈ চিনেমা হলত চলি থাকিলেও হয়তো বিনিয়োগ কৰা ধনখিনিয়েই উভতি নাহে। গতিকে চিনেমা হলৰ খুবেই প্ৰয়োজন। গ্ৰামাঞ্চল আৰু সৰু সৰু নগৰসমূহৰ এক বৃহত সংখ্যক দৰ্শকৰ বাবে হলত গৈ চিনেমা চোৱাৰ কোনো উপায় নাই। গতিকে ভাল চিনেমাৰ লগতে চিত্ৰগৃহৰ নিৰ্মানেহে অসমৰ চিনেমা বজাৰখনক এক সবল স্থিতি প্ৰদান কৰিব বুলি মই বিশ্বাস কৰোঁ।

এন ই নাও : চৰকাৰী নীতি কি?

নিশ্চয়কৈ আৱশ্যক বুলি ভাবো। চৰকাৰী নীতি থাকিবই লাগিব আৰু সবল হ’বই লাগিব। কিন্তু দুখজনকভাৱে যিধৰণে চিনেমা উদ্যোগটোক চৰকাৰী সাহায্যৰ প্ৰয়োজন আছিল বহু বছৰ ধৰি সেয়া পোৱা নাছিল। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে অসমৰ চিনেমা উদ্যোগৰ বাবে যিবোৰ কাম কাজ আৰম্ভ কৰিছে সেয়া প্ৰশংসনীয়। অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু জ্যোতি চিত্ৰবন ছোচাইটি বৰ্তমান চিনেমাৰ নীতি সমূহ লৈ সক্ৰিয় হৈ উঠা দেখা গৈছে। গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱৰ সাফল্য, চলচ্চিত্ৰ নীতিৰ ক্ষেত্ৰত দৰ্শক ৰাইজৰ মতামত গ্ৰহণ, নীতি সমূহৰ ওপৰত সঘন বৈঠক আদিবোৰ এক আশাৰ বতৰা। আমিও আশা কৰিম এই আঁচনিবোৰ কাৰ্যকৰী হওঁক। এক সবল চৰকাৰী নীতি প্ৰস্তুত হওঁক যিয়ে অসমৰ চিনেমা জগতলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে।

https://youtu.be/jkuJknww_10

কেলেণ্ডাৰ চিনেমাখনৰ এটা teaser video.

ননি টেৰন

ননি টেৰন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd