• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৃথিৱীৰ ক’তো ‘নোহোৱা ঘটনা’ : ‘শ শ হৰিণা ভক্ষণ’ গুৱাহাটী চিৰিয়াখানাত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2018 8:56 pm
entrance-of-assam-state-zoo

চিৰিয়াখানাৰ প্ৰৱেশ পথ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ( Assam State Zoo cum Botanical Garden )ত চিৰিয়াখানাৰ বিষয়াই হৰিণা ভক্ষণ কৰা বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চই অনা গুৰুতৰ অভিযোগ চিৰিয়াখানাৰ ডি এফ অ’ই ‘ভিত্তিহীন’ বুলি নৰ্থ ইষ্ট নাওত মন্তব্য কৰাৰ পিছত আজি ২২ এপ্ৰিলত পুনৰ বিষয়টো লৈ সৰৱ হোৱা মঞ্চটোৱে চি বি আই তদন্ত দাবী কৰিছে।

‘এটা দুটা নহয় শ শ হৰিণ’ ভক্ষণ কৰা হৈছে বুলি দাবী কৰি আজি সংগঠনটোৱে কয় যে ‘পৃথিৱীৰ কোনো চিৰিয়াখানাতে এনে ঘটনা হোৱা নাই। আমি ইয়াৰ চি বি আই তদন্ত দাবী কৰিছো।’

Apply Now

বিষয়টো লৈ অহা ৬ মে’ত এখন নাগৰিক সভা আয়োজন কৰা হৈছে বুলি জানিবলৈ দি আজিৰ সংবাদমেলত মঞ্চই কয় যে নাগৰিক সভাৰ পিছতে চি বি আই তদন্তৰ দাবীত তেওঁলোকে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

হৰিণাৰ সংখ্যা ৬ মাহ আগলৈকে ১২০০ টা আছিল বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চই কৰা দাবী নস্যাৎ কৰি বিষয়া টেৰজ মৰিস্বামীয়ে নৰ্থ ইষ্ট নাওক ‘চিৰিয়াখানাত আৰম্ভণিৰে পৰা ১২০০ টা হৰিণ নাই। যদি তেওঁলোকৰ হাতত ১২০০ টা হৰিণ থকাৰ তথ্য আছে তেন্তে আমি শাস্তি ল’বলৈও প্ৰস্তুত’ বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সংগঠনটো।

চিৰিয়াখানাৰ হৰিণ ভক্ষণৰ অভিযোগ আৰু প্ৰত্যুত্তৰৰ নৰ্থ ইষ্ট নাও এক্সক্ল্যুছিভ ভিডিঅ’ চাওক।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত চিৰিয়াখানাত থাকিব লগাতকৈ বেছিহে হৰিণ আছে বুলি মৰিস্বামীয়ে ‘আমি পি চি এফলৈ পত্ৰ প্ৰেৰণ কৰিছো যে হৰিণৰ সংখ্যা ৫০০ হোৱাটো বহুত বেছি গতিকে আমি ইয়াক মুকলি কৰি দিয়াৰ অনুমতি দিয়ক’ বুলি কৰা মন্তব্যত আশ্চৰ্য্য প্ৰকাশ কৰি মঞই কয় যে ‘মন্ত্ৰী-বিষয়াই বহুকাল ধৰি হৰিণ ভক্ষণৰ বাবে ফাৰ্ম হিচাপে চিৰিয়াখানাক ব্যৱহাৰ কৰি আহিছিল আৰু তদন্তৰ পূৰ্বে তাৰ চিন মাৰিবলৈ এতিয়া অৰণ্যলৈ হৰিণা স্থানান্তৰ কৰিব বিচাৰিছে।’

‘হৰিণা ভক্ষণৰ বিৰুদ্ধে প্ৰবল জনমত গঢ় লৈ উঠাৰ উমান পাই’ চিৰিয়াখানা কৰ্তৃপক্ষই এই সিদ্ধান্ত ল’ব খুজিছে বুলি দাবী কৰি মঞ্চই কয় যে ‘যেতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ব তেতিয়ালৈকে এটাও হৰিণা স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব।’

চিৰিয়াখানাৰ ভগা দেৱালেৰে গুৱাহাটীৰ নলালৈ ওলাই অহা হৰিণাৰ ছবি

কৃষ্ণনগৰ, গণেশগুৰি, গীতা মন্দিৰ আদি অঞ্চলত উদ্ধাৰ হোৱা হৰিণাসমূহ আমচাং অভয়াৰণ্যৰ পৰা অহা বুলি ডি এফ অ’গৰাকীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ কৰি মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় ‘তেওঁৰ এই মন্তব্যই চিৰিয়াখানাৰ এলেকাত বাস কৰি থকা ৰাইজসকলৰ চকু কপালত উঠাইছে। চিৰিয়াখানাৰ সীমাৰ দেৱাল কৃষ্ণনগৰ আৰু গীতানৰৰ ফালে তিনিঠাইত ভঙা আছে। এই ভঙা দেৱালসমূহৰ কাষতে থকা স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে। চিৰিয়াখানাৰ ভগা দেৱালেৰে ওলাই অহা হৰিণাসমূহ খেদি ৰাইজে চিৰিয়াখানাৰ ভিতৰলৈ সুমুৱাই পঠিয়াই।’

চিৰিয়াখানাৰ মাজত ‘বনসৃষ্টি’ নামৰ বিপণি খোলাক লৈ মঞ্চৰ প্ৰতিবাদৰ অধিকাৰ নাই বুলি ডি এফ অ’ গৰাকীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ কৰি বৈশ্যই কয় ‘ডি এফ অ’ই কৰা মন্তব্যৰ অৰ্থ এইটোৱেই যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন কলিতাই লে’ডিজ ক্লাবৰ বিৰুদ্ধে বিধান সভাত যি বলিষ্ঠ প্ৰতিবাদ কৰি তদন্তৰ বাবে দাবী জনাইছিল, সেয়া কৰা অধিকাৰ তেওঁৰো নাই নেকি?’

চৰকাৰে চিৰিয়াখানাৰ কেলেংকাৰিৰ তদন্ত বন বিভাগৰ প্ৰধান সচিবক দিয়াৰ বিৰোধিতা কৰি বৈশ্যই কয় ‘বন বিভাগৰ মুখ্য সচিবে এই তদন্ত কৰাটো অৰ্থহীন কথা। তেওঁ নিজেও হয়তো এই কেলেংকাৰীৰ সৈতে জৰিত হৈ থাকিব পাৰে। গতিকে আমি এই কেলেংকাৰীৰ চি বি আই তদন্ত বিচাৰিছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd