• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম খচৰাত নাম অন্তৰ্ভুক্ত কৰিও পিছত বাদ দিয়া ১ লাখ ৫০ হাজাৰ লোকক নেতৃত্ব দিব প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 12, 2018 5:39 pm
RashulHaque

গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এ আই য়ু ডি এফৰ নেতা ৰচুল হক বাহাদুৰৰ সংবাদমেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক কেন্দ্ৰ কৰি কোনো ধৰণৰ উচটনিমূলক মন্তব্য নিদিবৰ বাবে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ সময়তে আজি এন আৰ চিক লৈ বিতৰ্কিত মন্তব্য কৰিছে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এ আই য়ু ডি এফৰ নেতা ৰচুল হক বাহাদুৰে।

বাংলাদেশীক ভোটৰ বেংক হিচাপে লৈ ৰাজনীতি কৰি অহা এচাম ৰাজনৈতিক নেতা বাংলদেশীসকলক সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উঠাৰ সময়তে ৰচুল হক বাহাদুৰৰ এই মন্তব্যই তাৎপৰ্য্য বহন কৰিছে।

Apply Now

উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বাহাদুৰে এন আৰ চিৰ নামত মুছলমান লোকসকলক অকথ্য নিৰ্য্যাতন চলোৱা বুলি দাবী কৰে।

আনহাতে, যিসকল লোকক ডি-ভোটাৰ সজোৱা হৈছে তাৰ আঁৰত আছুৰ গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ তোলে প্ৰাক্তন বিধায়কজনে।

তেওঁ কয় “ডি-ভোটাৰৰ ক্ষেত্ৰত আছু নীৰৱ ভূমিকা পালন কৰিছে। প্ৰথম খচৰাত থকা ১ লাখ পঞ্চাছ হাজাৰ মানুহৰ নাম কটাত আছুৰ ভূমিকা আছে। সেইটো জলজল-পটপট হৈ পৰিছে। ইমানদিন হাই-হুলস্থূল কৰিলে, কিন্তু এতিয়া ডি-ভোটাৰৰ ক্ষেত্ৰত আছু চুপচাপ হৈ থকাৰ পৰা আমাৰ ধাৰণা হৈছে আছুৰ এইটো ষড়যন্ত্ৰ।”

এই প্ৰসংগত তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় “তেওঁ আছুৰ নেতৃত্বত আছিল। তেওঁৰ গাতো আছুৰ তেজ আছে, গতিকে তেৱোঁ এই সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে।”

তেওঁ লগতে অসমত এজনো বাংলাদেশী নাই বুলি দাবী কৰি লগতে কয় “ইমানদিনে আন্দোলন হৈ আছে বাংলাদেশী বহিষ্কাৰৰ নামত, বাংলাদেশী থকাহেঁতেন সমস্যাটো অতদিনে সমাধান হ’লহেঁতেন।”

আনহাতে, উক্ত সংবাদমেলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত গভীৰ ষড়যন্ত্ৰ চলি আছে বুলি ৰচুল হক বাহাদুৰে দাবী কৰে।

ইয়াৰোপৰি এন আৰ চিৰ পৰা নাম কৰ্তন হোৱা ১ লাখ ৫০ হাজাৰ লোকক লগত লৈ আন্দোলন কৰাৰ কথা ঘোষণা কৰে প্ৰাক্তন বিধায়কজনে। তেওঁ কয়, “এইসকলক লৈ আন্দোলন কৰাৰ উপৰি চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত উচ্চতম ন্যায়ালয়ত আমি আবেদন জনাম।”

আনহাতে, প্ৰথম খচৰাত অন্তৰ্ভুক্ত হোৱা লোকৰ নাম চূড়ান্ত খচৰাৰ পৰা কেনেকৈ বাদ পৰিব পাৰে বুলি প্ৰশ্ন কৰি তেওঁ কয়, “যদি প্ৰকৃততে এইসকল লোক বাংলাদেশী হয়, তেন্তে কেনেকৈ তেওঁলোকৰ নাম প্ৰথম খচৰাত সোমাল। নিশ্চয় ইয়াত এক খেলি-মেলি আছে।” এই বুলি কৈ তেওঁ এন আৰ চিৰ পৰা নাম কৰ্তন হোৱা ১ লাখ ৫০ হাজাৰ মানুহৰ নথি-পত্ৰসমূহ পুনৰ পৰীক্ষণ কৰিবৰ বাবে দাবী জনায়।

আনহাতে, উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মতে এন আৰ চি কৰ্তৃপক্ষই কাম কৰা নাই বুলি অভিযোগ তুলি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ে নিৰ্দেশবোৰ ঠিকেই দিয়ে, কিন্তু তলৰ পৰ্য্যায়ত নিৰ্দেশটো শুদ্ধ ৰূপত তেওঁলোকে গ্ৰহণ নকৰে। গতিকে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশমতে কাম কৰিব লাগে।”

ইয়াৰোপৰি, এজন মানুহ বিদেশী হিচাপে প্ৰমাণিত নোহোৱাকৈ কিহৰ ভিত্তিত এন আৰ চিৰ পৰা বাদ পৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

উল্লেখ্য যে, ১৯৭১ চনটোক ভিত্তিবৰ্ষ হিচাপে লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰ তত্ত্বাৱধানত অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো চলি আছে। এই প্ৰক্ৰিয়াক লৈ ৰাজ্যত যাতে কোনো অপ্ৰীতিকৰ তথা আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে কোনো বিভ্ৰান্তিকৰ তথা উচটনিমূলক মন্তব্য নিদিবলৈ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে সকলোকে সকীয়াই থৈছে। এনে ক্ষেত্ৰত এজন ৰাজনৈতিক নেতাই দিয়া এই মন্তব্যক প্ৰশাসনে কেনেভাৱে লয় সেয়া লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd