• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্কত অসম কৃষি বিশ্ববিদ্যালয় : গণতন্ত্ৰৰ জ্ঞান নাই কৰ্তৃপক্ষৰ, তীব্ৰ ককৰ্থনা বিজেপি সভাপতিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 14, 2018 7:51 pm
assam agricultural university
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এক আৰ টি আই আবেদনৰ উত্তৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংস কৰাৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰাক লৈ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে বিশ্ববিদ্যালয়খন। এইবাৰ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উভটি ধৰিছে অসম বিজেপিৰ শীৰ্ষ নেতৃত্বই।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

Apply Now

‘তেওঁলোক (বিশ্ববিদ্যালয় কৰ্তৃপক্ষ)ৰ গণতন্ত্ৰৰ জ্ঞান নাই’ বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ককৰ্থনা কৰি দাসে কয় যে ৰাজনৈতিক দল একোটা গণতন্ত্ৰৰ অংশবিশেষ আৰু এখন ৰাজহুৱা খেলপথাৰত ৰাজনৈতিক দলে সভা-সমিতি বা অনুষ্ঠান পতাৰ সম্পূৰ্ণ অধিকাৰ আছে।

নৰ্থ ইষ্ট নাও-ৰ হাতত থকা খবৰ অনুসৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী গুৱাহাটীলৈ অহাৰ সময়ত খেলপথাৰখনৰ দেৱাল দুঠাইত ভঙা হৈছিল, আনকি খেলপথাৰ চৌহদৰে ২০ জোপা গছো কটা হৈছিল।

কিন্তু আৰ টি আই আবেদনৰ উত্তৰত ২০১৭ চনৰ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ বাবে ‘বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল’ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছিল।

‘খেলপথাৰখনৰ যদি কিবা ক্ষতিসাধন হৈছে, তেওঁলোকে আমাক নজনাই আৰ টি আইৰ উত্তৰ দি ৰাইজক জনাইছে কিয়?’ কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক উভটি ধৰি বিজেপি সভাপতি গৰাকীয়ে নৰ্থ ইষ্ট নাও-ক কয় ‘আমি বিভিন্ন অনুষ্ঠানৰ বাবে খেলপথাৰখন ভাড়ালৈ লৈহে ব্যৱহাৰ কৰিছো। তাৰ বিনিময়ত তেওঁলোকক ধন পৰিশোধ কৰিছো।’

আৰ টি আই আবেদনখনৰ উত্তৰ দিয়াক লৈয়ো কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজতে সৃষ্টি হৈছে খেলিমেলিৰ। উপাচাৰ্য্য কমল মল্ল বুজবৰুৱাই এই আৰ টি আই আবেদন সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ পৰাহে অৱগত হোৱা বুলি মন্তব্য কৰি আৰ টি আইৰ উত্তৰ দিয়াৰ বাবে ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগৰ ‘কৰ্তৃত্ব নাই’ বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।

আনহাতে ‘(খেলপথাৰ) বিষয়টোত মই এতিয়াই সোমাব খোজা নাই’ বুলি নৰ্থ ইষ্ট নাও-ৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছিল স্থানীয় দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

সভাপতি ৰঞ্জিত দাসে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পোনপতীয়াভাৱে ককৰ্থনা কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ‘এই বিষয়ত মই একো নকওঁ, যিয়ে আই আৰ টি আইৰ উত্তৰ দিছে তেওঁ তেনেকৈ কিয় ক’লে, তেওঁহে ক’ব পাৰিব’ বুলি নৰ্থ ইষ্ট নাও-ৰ আগত মন্তব্য কৰে।

গুৱাহাটী মহানগৰৰ দক্ষিণ দিশে থকা এই দৃষ্টিনন্দন খেলপথাৰখন ধ্বংসৰ বাবে বিজেপি আৰু কামৰূপ (মঃ) প্ৰশাসনক জগৰীয়া কৰাৰ পিছত বিজেপি নেতাৰ এই মন্তব্যৰ পিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd