• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলপথাৰ খেলৰ বাবে : সোণোৱাল চৰকাৰ ‘দুতলীয়া’, মন্তব্য প্ৰাক্তন ৰঞ্জি খেলুৱৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2018 4:16 pm
cm sonowal with badminton player sandhu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গুৱাহাটীক ভাৰতৰ ক্ৰীড়াৰ ৰাজধানী’ হিচাপে গঢ় দিয়াৰ কথা ঘোষণা কৰা সোণোৱাল চৰকাৰে দুতলীয়া ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অসম ৰঞ্জি দলৰ  প্ৰাক্তন অধিনায়ক তথা সদৌ অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচন সমিতিৰ সভাপতি প্ৰবীৰ হাজৰিকাই।

খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনৰ পিছত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খেলুৱৈ তথা ক্ৰীড়া সংগঠকগৰাকীয়ে।

Apply Now

গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে গঢ় দিয়া প্ৰতিশ্ৰুতিৰে খানাপাৰাৰ ফ্লাই অ’ভাৰৰ তলত সৰ্বানন্দ সোণোৱালৰ ফটোসহ থকা বিজ্ঞাপনলৈ আঙুলিয়াই তেওঁ কয় যে সেই বিজ্ঞাপনৰ বিপৰীতে ৫০০ মিটাৰ নিলগত তেওঁলোকেই খেলপথাৰখনত ৰাজনৈতিক সভা অনুষ্ঠিত কৰে।

আনহাতে গুৱাহাটী মহানগৰ ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক তথা সম্পাদক গৌতম হাজৰিকাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাৰ নামত খানাপাৰাৰ ক্ৰিকেট পিটছখন মাটিৰে পুতি পেলোৱাক গৰিহণা দিছে।

‘মোদীয়েই আহক বা অমিত শ্বাহেই আহক, তেওঁলোকে সভা অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰখন বাদ দি বেলেগ ঠাই বাছি লওক,‘ বুলি মন্তব্য কৰি প্ৰশিক্ষকগৰাকীয়ে কয় ‘ক্ৰীড়াক লৈ বিভিন্ন পদক্ষেপ হাতত লোৱা হ’ব বুলি চৰকাৰে মুখতে আখৈ ফুটাই থাকে কিন্তু কাৰ্য্যক্ষেত্ৰত একোৱেই কৰা নাই।‘

ৰাজ্যৰ আন এগৰাকী প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাসে ‘খেলপথাৰত ৰাজনৈতিক সভা অনুষ্ঠিত কৰাটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো‘ বুলি মন্তব্য কৰি কয় ‘মোদীয়ে স্বাস্থ্য সুৰক্ষিত ৰখাৰ ওপৰত গুৰুত্ব দিলেই নহ’ব। সেইটো কাৰ্য্যত কিমান সফল হৈছে বা খেলুৱৈসকলে অনুশীলনৰ কিমান সুবিধা লাভ কৰিছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব।’

খানাপাৰাৰ খেলপথাৰখনৰ অৱস্থা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সদৌ অসম চেপাক টেকৰ’ এচচিয়ে’ছনৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিচা, প্ৰাক্তন ৰঞ্জি খেলুৱৈ শুভ্ৰজিৎ শইকীয়া, প্ৰশিক্ষক গৌতম হাজৰিকা সকলোৱেই খেলপথাৰ কেৱল খেলৰ বাবে সংৰক্ষণ কৰাৰ পোষকতা কৰিছে।

দেশৰ বিভিন্ন ৰাজ্যৰ বিখ্যাত খেলপথাৰসমূহ কেৱল খেলৰ বাবে সংৰক্ষিত থকাৰ কথাও তেওঁলোকে উল্লেখ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ খেলুৱৈসকলৰ হকে থিয় দিব বুলি আশা প্ৰকাশ কৰি প্ৰশিক্ষক গৌতম হাজৰিকাই কয় ‘অসম চৰকাৰে ৰাজনৈতিক সভা-সমিতি পাতিবৰ বাবে মহানগৰীৰ কাষৰ বহল ঠাই এটুকুৰা বাছি ল’ব লাগে য’ত হাজাৰ-হাজাৰ ৰাইজ একত্ৰিত হ’ব পাৰে, তেতিয়া তেওঁলোকো সফল হ’ব আৰু ৰাইজো সুখী হ’ব।’

আনহাতে গুৱাহাটীৰ জজ খেলপথাৰখনকো কেৱল খেলা-ধূলাৰ বাবে ব্যৱহাৰ কৰাৰ বাবে কৰিবলগা হোৱা ‘বহুত যুদ্ধৰ’ কথা উল্লেখ কৰি প্ৰবীৰ হাজৰিকাই খানাপাৰাস্থিত খেলপথাৰখনৰ পৰিসৰ বৃদ্ধি কৰি মূল অংশখিনি খেলাৰ বাবে ৰাখি বাকী অংশখিনি অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনায়।

গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক বাবলু চৌধুৰীয়ে খানাপাৰা খেলপথাৰখনৰ বৰ্তমানৰ অৱস্থাৰ বাবে কৰ্তৃপক্ষক দোষাৰোপ কৰি কয় যে মোদী আহোঁতে ক্ৰিকেট পিটছখনত পেলোৱা মাটিখিনি তাৰ পৰা আঁতৰাই পেলোৱাহেঁতেনে পিটছখনৰ আজিৰ অৱস্থা নহ’লহেঁতেন।

অসমৰ ভিতৰতে অন্যতম বিশাল আৰু উৎকৃষ্ট খানাপাৰাৰ খেলপথাৰখন সন্দৰ্ভত আৰ টি আই তথ্যৰ ভিত্তিত নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনৰ পিছত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ইয়াৰ পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

বিষয়টো সন্দৰ্ভত এইবাৰ সৰৱ হৈ উঠা প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠকসকলৰ এই প্ৰতিক্ৰিয়াৰ পিছত সোণোৱাল চৰকাৰৰ পদক্ষেপ লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd