চৰকাৰে নজিৰবিহীন বাহুল্যৰে বিশ্ব বিনিয়োগকাৰী সন্মিলন পাতি দেশ-বিদেশৰ বৃহৎ উদ্যোগপতিসকলক অসমত বিনিয়োগৰ বাবে আকৰ্ষণৰ চেষ্টা কৰিছে। ৰজাঘৰীয়া বাহুল্যক উৎসাহ দিব নোৱাৰিলেও বিনিয়োগ বঢ়োৱাৰ চেষ্টা নিশ্চয় ভাল কথা। নিবনুৱাৰে ভৰি থকা ৰাজ্য এখনত উদ্যোগ স্থাপনৰ গত্যন্তৰ নাই।
কিন্তু উদ্যোগ স্থাপন মানেই আমি কিয় ভাবিবলৈ লৈছো যে পুঁজিপতি-উদ্যোগপতিক সেৱা-নমস্কাৰ কৰি, নিজে বলে নোৱৰা ধৰণৰ সা-সুবিধা দি হ’লেও আনি সেইটো কৰিব লাগিব? তেওঁলোকক আমি ৰাজ আতিথ্য দিলেই নিজৰ সকলো বিচাৰ-বিবেক বন্ধ কৰি, লোকচান-ভীতি, নিৰাপত্তা-ভীতি আঁতৰাই ধন খটাবলৈ উবুৰি খাই পৰিবনে?
ৰাজ্যখনৰ কিছুমান কথা ভাবকচোন- যোগাযোগ ব্যৱস্থা অতি শোচনীয়, আন্তঃগাঁথনিৰ নামত একোৱে নাই, নিয়মীয়া বিদ্যুৎ যোগানৰ গেৰাণ্টি নাই, দক্ষ শ্ৰমিকৰ অভাৱ, কেঁচামালৰ অভাৱ, উদ্যোগ স্থাপনৰ বাবে মাটিৰ অভাৱ, আচল বানপানী, কৃত্ৰিম বানপানী -মাজুলীয়েই হওক, গুৱাহাটীয়েই হওক, ঢকুৱাখনাই হওক, ক’তো সফল প্ৰতিৰোধ নাই। ইয়াৰ সমান্তৰালকৈ ধৰ্ণা, বন্ধ, আন্দোলন আছেই।
বিনিয়োগকাৰীৰ উদ্যম জগাবলৈ ৰাজ আতিথ্য দিয়াৰ পৰিৱৰ্তে চৰকাৰে এই disadvantage বোৰ নিৰ্মূল কৰি লোৱাৰ চেষ্টা কৰা উচিত নাছিলনে?
যোৱা প্ৰায় দুটা বছৰৰ সময়খিনিত চৰকাৰে এই গোটেইবোৰ নহ’লেও ইয়াৰ কিছুমান উন্নততৰ পৰ্য্যায়লৈ নিব পাৰিলে হেঁতেন। তাৰ পৰিৱৰ্তে চৰকাৰে ইটোৰ পিছত সিটো চমক দিয়াৰ চেষ্টাত ব্ৰতী হোৱাহে দেখা গৈছে, যিবোৰৰ আচলতে কোনো বাস্তৱিক কাৰ্য্যকাৰিতা নাই।
আনহাতে ৰাজ্যখনত ইতিপূৰ্বে থকা উদ্যোগকেইটাৰ কি অৱস্থা সকলোৱে জানে। নগাওঁ কাগজকল, নামৰূপৰ সাৰ কাৰখানা, যোগীঘোপাৰ অশোক কাগজকল, শুৱালকুছিৰ ৰেচম শিল্প, কূটীৰ শিল্পৰ ৰূপত থকা সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগ আদিৰ অৱস্থাৰ উন্নত কৰিবলৈ কিবা আঁচনি চৰকাৰৰ আছে নে?
জানিব পৰা মতে শনিবাৰৰ সন্ধিয়ালৈ মুখ্য মন্ত্ৰীৰ সন্মুখত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ MoU (এম অ’ য়ু)ত স্বাক্ষৰিত হোৱাৰ কথা। কিন্তু এই এম অ’ য়ুৰ কিমান শতাংশ প্ৰকৃতাৰ্থত কাৰ্য্যকৰী হ’ব বা ইয়াত জড়িত পক্ষসমূহৰ কিমানে এইবোৰৰ ভিত্তিত অসমত ধন বিনিয়োগ কৰিব? অসম চৰকাৰেইবা নিজৰ চৰ্তবোৰ পূৰণ কৰাত কিমান সফল হ’ব? অসমত উদ্যোগপতিক মাটি দিয়া কামটো সিমান সহজ নহয়। আইনী প্ৰক্ৰিয়াও আছে ইয়াৰ সৈতে। পূৰ্বে গ্ৰেছ ক্ৰেকাৰ স্থাপনৰ বাবে এম অ’ য়ুমতে মাটি আবণ্টন দিব নোৱৰা বাবে ৰিলায়েন্সে অসমৰ পৰা বহু কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰাই নহয়, সেয়া আদায়ো কৰিছিল। কেৱল মাটিৰ কথাটোৱেই নহয়, উপযুক্ত নিৰাপত্তা নাপালে, উপযুক্ত বজাৰ নেদেখিলে, কোটি কোটি টকা কৰ ৰেহাই নাপালে উদ্যোগপতিয়ে স্বাক্ষৰ কৰা এম অ’ য়ু কেতিয়াও কাৰ্য্যকৰী হোৱাৰ সম্ভাৱনা নাই। উদ্যোগপতিসকলৰ অৱশ্যে হেৰুৱাব লগীয়া একো নাই। তেওঁলোকে বিনামূলীয়া বিমান ভ্ৰমণ, পঞ্চ তাৰকা হোটেলত থকা-খোৱাৰ লগতে ৰাজ আতিথ্য পাইছে। কিন্তু অসম চৰকাৰৰ কোটি কোটি টকা (যিবোৰ জনসাধাৰণৰ কষ্টোপাৰ্জিত ধনৰ অংশৰ বাদে আন একো নহয়) পানীত পৰিব।
আমি আশা কৰিম, আৱেগিক অসমীয়াই যেন মোদী-আম্বানীয়ে নিজৰ ভাষণত অসমীয়া কোৱাটোকে বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উল্লেখ্যযোগ্য দিশ বুলি নাভাবে। অসমীয়া ভাষাক আঁকোৱালি লোৱা বা আদৰ কৰাটো বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্দেশ্য নহয়।