• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মমতা বেনাৰ্জীক তৰুণ গগৈ-প্ৰফুল্ল মহন্তৰ সকীয়নি : অসমৰ কথাত মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 31, 2018 5:30 pm
Mamata_NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ আধাৰত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক উভতি ধৰিছে অসমৰ দুগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈয়ে।

কালি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই মমতা বেনাৰ্জীয়ে কলকাতাত সংবাদমেল পাতি ইয়াৰ বিৰোধিতা কৰাৰ পাছতেই আজি ৩১ জুলাইত পৃথকে পৃথকে সংবাদমেল পাতি মমতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দুয়োগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে।

Apply Now

আজি দিচপুৰৰ নিজ আৱাসত সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, “মোৰ মতে মমতাই অসমৰ কথাত মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই। তেওঁ পশ্চিমবংগত যি ৰাজনীতি কৰে কৰি থাকক। অসমত আমি আছো নহয়।”

গগৈয়ে লগতে কয় যে অসম চুক্তিৰ আধাৰত যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াক লৈ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই।

“হিন্দু বাঙালীয়েই হওক, মুছলমানেই হওক, গোৰ্খায়েই হওক বা চাহ বাগানৰ লোকেই হওক -সকলোৰে বাবে আমি আছো।” তৰুণ গগৈয়ে কয়।

একেদৰে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সীত সংবাদমেল পাতি আনগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে কয়, “মমতা বেনাৰ্জীয়ে এইবিলাক Political gain ৰ বাবে কৰি আছে। অসমৰ ৰাইজে এন আৰ চিক মানি লৈছে, তেনেস্থলত অসমৰ বাহিৰত ইয়াৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই।”

তেওঁ লগতে কয় যে এন আৰ চিৰ প্ৰক্ৰিয়াটো কোনো ধৰ্ম, ভাষা বা জাতিৰ বিৰুদ্ধে নহয়।

‘৭০ৰ দশকতে পূৰ্ব বংগৰ পৰা শৰণাৰ্থী হিচাপে উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ যোৱা লোকসকলে আজিলৈ নাগৰিকত্বই পোৱা নাই। শেহতীয়াভাৱে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে সেই লোকসকলক খেদি দিব লাগে বুলি মন্তব্য কৰিছিল। কিন্তু পূৰ্ব বংগৰ পৰা অসমলৈ অহা লোকে অসমত আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা হ’ল”– মহন্তই কয়। তেনেক্ষেত্ৰত এন আৰ চিক ‘বাঙালী খেদাৰ ষড়যন্ত্ৰ’ বুলি কোৱাটো মমতা বেনাৰ্জীৰ এটা ৰাজনীতিহে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে মমতা বেনাৰ্জীয়ে অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিষয়ে নাজানে বা জানিবলৈ চেষ্টা নকৰে বাবেই এনে ৰাজনৈতিক মন্তব্য দিছে বুলি কয় ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি ডিব্ৰুগড়ত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ড০ শৰ্মাই কয়, “গোটেই প্ৰক্ৰিয়াটো আইনৰ ওপৰত প্ৰতিষ্ঠিত, ইয়াত ওজৰ-আপত্তি দৰ্শাব পাৰিব, বিদেশী ন্যায়াধিকৰণলৈ যাব পৰিব আৰু তাতো যদি সন্তুষ্ট নহয় উচ্চ ন্যায়ালয়-উচ্চতম ন্যায়ালয়লৈ যাব পাৰিব। অৰ্থাৎ ই এজনো ভাৰতীয়ৰ নাম বাদ নপৰা আৰু এজনো বিদেশীৰ নাম নোসোমোৱা এটা ফুল প্ৰূফ (full proof) ব্যৱস্থা আৰু গোটেই ব্যৱস্থা যি সকলে বুজি পাইছে তেওঁলোকে কোনেও হুলস্থূল কৰা নাই।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd