• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰজত জয়ন্তী উপলক্ষে নগাঁও কলেজত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন

মিণ্টু দাস by মিণ্টু দাস
June 19, 2018 11:27 am
14713564_572575539615182_6381694574699871529_n

প্ৰতিনিধিত্বমূলক চিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে ১৭ জুনত ২০০৫ বৰ্ষত উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এক সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ আহোমৰ লগতে বিভিন্ন জনক সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি মহেন্দ্ৰ আহোমে আবেগিক হৈ কয় যে তেওঁ জীৱনত কেইবাখনো শিক্ষানুষ্ঠানত কাম কৰিছিল কিন্তু নগাঁও কলেজত অধ্যক্ষৰ আসনত বহি যিকেইবছৰ কাম কৰিছিল, সেই সময়বোৰ তেওঁৰ জীৱনত বেছি সেউজ আৰু গুৰুত্বপূৰ্ণ হৈ আছে।

Apply Now

উল্লেখ্য যে জাগীৰোড কলেজৰ অধ্যক্ষৰ পদ এৰি আহি নগাঁও কলেজত অধ্যক্ষ হিচাপে কিছু বছৰ কাম কৰাৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত পঞ্জীয়ক পদত যোগদান কৰে আৰু সেই পদৰ পৰাই তেওঁ অৱসৰগ্ৰহণ কৰিছিল।

প্ৰাক্তন অধ্যক্ষগৰাকীয়ে লগতে কয় যে, অনুশাসন থাকিলেহে এখন শিক্ষানুষ্ঠান সফলতাৰ দিশত আগবাঢ়িব পাৰে। মেধাৰ ভিত্তিত নামভৰ্তিৰ পৰা আৰম্ভ কৰি পৰীক্ষালৈকে সকলো ক্ষেত্ৰত নিষ্ঠাসহকাৰে কাম কৰাৰ দৰকাৰ। বৰ্তমান নগাঁও কলেজৰ আন্ত:গাঁথনিৰ উন্নয়ন আৰু বিদ্যায়তনিক উন্নয়ন সমান্তৰালভাবে চলিছে বুলি মন্তব্য কৰি প্ৰাক্তন অধ্যক্ষ আহোমে সন্তোষ প্ৰকাশ কৰে।

এই সম্বৰ্ধনা সভাত বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰূপদাকান্ত ভূঞা, বৰ্তমানৰ অধ্যক্ষ ড° শৰৎ বৰকটকী আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক ড° চিন্তামণি শৰ্মা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞাকো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক ৰূপদাকান্ত ভূঞাই কয় যে চাকৰিত যোগদান কৰাৰ সময়ত তেওঁৰ বাণিজ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আছিল যদিও পিছলৈ তেওঁ ইংৰাজী, আইন, ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অৱসৰগ্ৰহণ কৰাৰ পাছত বৰ্তমান তেওঁ ছ’চিয়ল’জি বিষয়ত স্নাতকোত্তৰ পৰীক্ষা দি আছে। জীৱনত পঢ়া আৰু পৰীক্ষা দিয়া কেতিয়াও শেষ নহয় বুলি তেওঁ উল্লেখ কৰে।

আনহাতে বৰ্তমানৰ অধ্যক্ষ ড° বৰকটকীয়ে চলিত বছৰৰ ৭ আগষ্টৰ পৰা হ’বলগীয়া মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক এই মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে মধ্য অসমৰ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনে ভাৰতৰ স্বাধীনতাৰ আগতেই প্ৰতিষ্ঠা লাভ কৰিছিল। সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা এই কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰা এই কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। বুৰঞ্জীৰ পৃষ্ঠা চহকী কৰা এই কলেজৰ বহুতো ঘটনাৰ কথা ২০০৫ বৰ্ষৰ প্ৰাক্তন সতীৰ্থসকলে ৰোমন্থন কৰে আৰু মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সংকল্পবদ্ধ হয় বুলি প্ৰাক্তন সতীৰ্থ সন্মিলনৰ অন্যতম সদস্য পংকজ মহন্তই জানিবলৈ দিয়ে।

মৌচম দাস আৰু পংকজ মহন্তই আঁত ধৰা এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কলেজীয়া দিনৰ সোণালী অতীত ৰোমন্থন কৰি এক প্ৰকাৰ আবেগিক হৈ পৰা পৰিলক্ষিত হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd