• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ দক্ষিণ আঁহতগুৰিত নিৰ্মাণ হ’ব ৩খন পকী দলং; ধোদাঙত ‘জন-প্ৰশাসন’ কাৰ্যসূচী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 19, 2018 10:34 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা মাজুলী জিলাৰ অতি আওহতীয়া, দুৰ্গম অঞ্চল দক্ষিণ আঁহতগুৰিত বাৰিষাৰ পিছতে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৩খনকৈ পকী দলঙৰ। দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ ধোদাঙত আজি মাজুলীৰ উপায়ুক্তৰ উদ্যোগত আয়োজিত জিলা প্ৰশাসনৰ অভিলাষী জনসংযোগী কাৰ্যসূচী “জন-প্ৰশাসন”ত অঞ্চলবাসীৰ বাবে এই সুখবৰ প্ৰকাশ কৰে গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে।

জিলা প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আৰক্ষী অধীক্ষক হীতেশ ৰায় আৰু অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ উপৰি জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলক লগত লৈ আজি ধোদাঙৰ নৱজ্যোতি কৃষ্টি সংঘত এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

Apply Now

এই অনুষ্ঠানত উপায়ুক্তৰ নিৰ্দেশত প্ৰথমে জিলাখনৰ কৃষি, সমাজ কল্যাণ, গ্ৰামোন্নয়ন, গড়কাপ্তানী গ্ৰাম্য পথ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, পশুপালন আৰু পশুচিকিৎস্যা, খাদ্য আৰু অসামৰিক যোগান, মীন, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ আৰু ৰাজহ বিভাগৰ মূৰব্বী বিষয়াসকলে দক্ষিণ আঁহতগুৰি এলেকাত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আৰু জনকল্যাণৰ আঁচনি বিষয়ে স্থানীয় লোকসকলক অৱগত কৰে।

ইতিমধ্যে মুখ্য মন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাৰ অংশ হিচাপে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিৰ পথ যোগাযোগ ব্যৱস্থাৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে লোৱা কেইবাখনো নতুন দলং আৰু পথ নিৰ্মাণ আঁচনিৰ কথা ৰাইজৰ আগত ঘোষণা কৰে বিভাগটোৰ কাৰ্যবাহী অভিযন্তা বিপুল দত্তই। তেওঁ ৰাইজক জনোৱা মতে সদ্যহতে দক্ষিণ আঁহতগুৰিত থকা ভুৰিয়া-নাওঘাট, উৰিয়াআটি-কৰৈগুৰি আৰু ৰৌমাৰা-বাহিৰ ৰৌমাৰাৰ কাঠৰ দলং তিনিখন এইবাৰ পকী দলঙলৈ উন্নীতকৰণৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। একেদৰে চৰাচাপৰি-শগুণখোৱা পথটো পি এম জি এছ ৱাইৰ অধীনত এইবাৰৰ বাৰিষাৰ পিছতে পকীকৰণ কৰা হ’ব।

অনুষ্ঠানৰ সামৰণিত উপায়ুক্ত মিশ্ৰই অঞ্চলৰ বাসীক অৱগত কৰে যে দক্ষিণ আঁহতগুৰিবাসীক শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিব পৰাকৈ মাজুলীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসনৰ ৰাজহ বিভাগে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

জনপ্ৰশাসনৰ অধীনত আজি নৱজ্যোতি হাইস্কুলত স্বাস্থ্য বিভাগে ধোদাংবাসীৰ বাবে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰে।

আনহাতে ধোদাঙৰ জনপ্ৰশাসনত ভাগ লোৱাৰ বাবে আজি পুৱা ৭ বজাতে কমলাবাৰী ঘাটৰ পৰা জিলা প্ৰশাসনৰ দুখনকৈ ফেৰীৰে উপায়ুক্তৰ লগতে আন শীৰ্ষ বিষয়া, বিভাগীয় মূৰব্বী আৰু বিষয়া-কৰ্মচাৰীৰ বৃহৎ দলটোৱে নিমাতিঘাট অভিমুখে যাত্ৰা কৰিছিল যদিও প্ৰচণ্ড ঘন কুঁৱলীৰ আচ্ছাদনৰ বাবে দুয়োগন ফেৰীয়েই ব্ৰহ্মপুত্ৰৰ মাজত দিশ হেৰুৱাই পেলায়।

দিশহাৰা হৈ ফেৰীদুখন যথেষ্ঠ সময় ব্ৰহ্মপুত্ৰৰ মাজতে ঘূৰাই ফুৰাৰ পিছত এটা সময়ত গুৰিয়ালে দুয়োখন ফেৰী নিমাতিঘাটৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত এটা চাপৰিত বহুসময় ধৰি ৰখাব লগা হয়। অৱশেষত মোবাইল ফোনৰ জি পি এছৰ আধাৰত উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়াসকলক কঢ়িয়াই নিয়া ফেৰীদুখন প্ৰায় ১০.৪৫ বজাত সুকলমে নিমাটিঘাটত উপস্থিত হয়গৈ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd