• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৈত্ৰী আঁচনিৰ জৰিয়তে আধুনিকীকৰণ কৰা হ’ব ৰাজ্যৰ ৩৫৫ খন থানা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2018 9:22 am
himanta biswa sarma

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম আৰক্ষীৰ দায়িত্বশীলতা আৰু কৰ্তব্যনিষ্ঠাৰ বাবেই সম্প্ৰতি ৰাজ্যখনত শান্তি বিৰাজ কৰিছে। কোনো ব্যক্তিয়ে থানাত প্ৰৱেশ কৰিলে নিৰাপত্তা অনুভৱ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰা হ’ব।‘ মঙলবাৰে ৰাজ্য চৰকাৰৰ বিত্ত-শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।

উল্লেখ্য যে মঙলবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দান কৰা ভূমিত জালুকবাৰী আৰক্ষী থানাৰ বহুমহলীয়া নতুন ভৱন এটিৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী শৰ্মাই এইদৰে কয়।

Apply Now

তেওঁ পুনৰ কয় যে চৰকাৰ গঠন হোৱাৰ পাছতেই বিগত বাজেট অধিৱেশনত ‘দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়ন অভিযান’ চমুকৈ মৈত্ৰী শীৰ্ষক অভিলাষী আঁচনিখন ৰূপায়ন কৰিব বুলি ঘোষণা কৰা হৈছিল।

সন্ত্ৰাসবাদ প্ৰতিহত কৰা, চাইবাৰ ক্ৰাইমকে ধৰি সাম্প্ৰতিক সময়ত যিবোৰ অপৰাধে ৰাজ্যত গা কৰি উঠিছে তাৰ সৈতে মুখামুখি হ’ব পৰাকৈয়ে মৈত্ৰী আঁচনিখন প্ৰস্তুত কৰি সঠিক ৰূপায়ণৰ কাম আৰম্ভ কৰা হৈছে।

ইফালে অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰো কৰ্তব্যৰ সময়সীমা অইন বিভাগৰ কৰ্মচাৰীৰ দৰে আঠ ঘণ্টা কৰাৰ চিন্তা চৰ্চা কৰি থকা বুলিও উল্লেখ কৰে। বিশ্ববন্দিত মহান শিল্পী ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখত স্থাপন হ’বলগীয়া এখন সৰ্বাংগসুন্দৰ আৰক্ষী থানাই বৃহত্তৰ অঞ্চলবাসীৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি তোলাৰ লগতে পৰিৱশো সলনি কৰি দিব।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহাই ভাষণ প্ৰসংগত কয় যে সমগ্ৰ দেশখনৰ কোনো এখন ৰাজ্য চৰকাৰে আৰক্ষী বিভাগটোৰ উন্নীতকৰণৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ আঁচনি হাতত লোৱা নাই। অসমৰ ৰাজ্য চৰকাৰৰ দায়িত্বশীল মনোভাৱৰ বাবেই ৰাজ্যৰ ৩৫৫খন থানাক ‘মৈত্ৰী’ আঁচনিৰ অধীনত উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে।

প্ৰথম পৰ্যায়ত ইয়াৰে ৭৩খন থানাক অত্যাধুনিকভাৱে সজাই- পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ১৮৯ কোটি টকা মুকলি কৰি দিছে। থানাসমূহক ‘গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড’ ভাগত ভাগ কৰা হ’ব। গ্ৰীণ ফিল্ড আঁচনিত থানাসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব আৰু ব্ৰাউন ফিল্ড আঁচনিত থানাসমূহ মেৰামতি কৰা হ’ব।

নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত সভাকক্ষ, বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু মহিলা-যুৱতীৰ বাবে বিশেষ কোঠা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীৰ বাবে বিশেষ কোঠাৰ উপৰি বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব। তাৰোপৰি আৰক্ষী বিষয়া-কৰ্মচাৰীৰ মানসিকতা সলনিৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

মঙলবাৰে অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, অসম আৰক্ষী গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ আৰ এন সিঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd