• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ পৰা চাউল সংগ্ৰহত শক্তিশালী ‘সংগ্ৰাহক লবি’ৰ দৃঢ় বাধাই দলিয়াই পেলাইছে এক্ট ইষ্ট নীতিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 10:35 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ, মিজোৰাম হৈ ভাৰতলে ৩ মিলিয়ন চাউল ৰপ্তানি কৰিব খোজা বন্ধুত্বপূৰ্ণ চুবুৰীয়া ম্যানমাৰৰ ইচ্ছাৰ বাটত দেশৰ শক্তিশালী ‘সংগ্ৰাহক লবি’এ  খাৰা কৰা দৃঢ় বাধাৰ ফলত থেকেচা খাব লগা হৈছে ভাৰতৰ বহুল প্ৰচাৰিত এক্ট ইষ্ট নীতি।

চুবুৰীয়া ৰাষ্ট্ৰ বিশেষকৈ ম্যানমাৰৰ পৰা চাউল আৰু দাইল সংগ্ৰহৰ প্ৰচেষ্টাত এক শক্তিশালী ‘সংগ্ৰাহক লবি’ সদায় বাধা হিচাপে থিয় দি আহিছে। ফলত উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ সুদূৰ পাঞ্জাব, হাৰিয়ানাৰ দৰে ৰাজ্যৰ পৰা এফ চি আয়ে চাউল, দাইল সংগ্ৰহ কৰিব লগা হৈছে।

Apply Now

ম্যানমাৰৰ ৰাষ্ট্ৰপতি টিন কিয়াৱে শেহতীয়াকৈ কৈছিল যে এই বিত্তীয় বৰ্ষত দেশখনে ৩ মিলিয়ন চাউল ৰপ্তানি কৰিব পাৰিব আৰু ই হ’ব যোৱা ৭০ বছৰৰ ভিতৰত সৰ্বাধিক। আচৰিত কথাটো হ’ল ম্যানমাৰৰ পৰা কিছু উৎকৃষ্ট চাউল আমদানিৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নাই কোনো দৃশ্যমান আগ্ৰহ।

বেছিখিনি চাউল এফ চি আয়ে পাঞ্জাব আৰু আন উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ পৰা সংগ্ৰহ কৰে আৰু মিজোৰাম, মণিপুৰৰ দৰে প্ৰান্তীয় ৰাজ্যসমূহলৈ এই চাউল পৰিবহণৰ বাবদ কোটি কোটি টকা খৰচ হয়। অথচ ম্যানমাৰৰ সৈতে এই দুয়োখন ৰাজ্যৰ আছে সুদীৰ্ঘ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু ম’ৰে আৰু চাম্ফাইত আছে দুটা গুৰুত্বপূৰ্ণ স্থল শূল্ক আস্থান।

অসম বা উত্তৰ-পূবৰ আন ৰাজ্যলৈ পাঞ্জাব বা ছত্তিশগড়ৰ দৰে ৰাজ্যৰ পৰা চাউল সংগ্ৰহ কৰাটো পৰিচালনা আৰু পৰিবহণ মাচুলৰ বাবে ব্যয়বহূল হৈ উঠে। তাৰোপৰি চাউলৰ দানাৰ এটা জীৱনকালো থাকে। বহুসময়ত সংগৃহিত চাউল গুদামতে বা পৰিবহণ কালতে পচে। সেয়ে ম্যানমাৰৰ পৰা চাউল সংগ্ৰহ কৰিলে এফ চি আইৰ খৰচ আৰু অপচয় দুয়োটাই হ্ৰাস পাব।

লক্ষণীয়ভাৱে শক্তিশালী উত্তৰ ভাৰতীয় চক্ৰ এটাই এইক্ষেত্ৰত সদায় বাধা প্ৰদান কৰি আহিছে। মণিপুৰ আৰু মিজোৰামত চলি থকা ৰে’লপথ নিৰ্মাণৰ বাবে ৰাজ্যকেইখনত হোৱা যোগান সংকট এৰাই চলিবৰ বাবে ২০১৪ চনত ম্যানমাৰৰ পৰা ১ লাখ টন চাউল আমদানিৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা প্ৰচেষ্টাকো আনকি এই চক্ৰটোৱে ধ্বংস কৰিছিল।

মণিপুৰৰ ম’ৰেৰ থল শূল্ক আস্থানলৈ ২০ হাজাৰ মেট্ৰিক টন চাউল আমদানিৰ বাবে ২০১৪ চনৰ ৫ নবেম্বৰত ষ্টে’ট ট্ৰে’ডিং কৰ্পৰে’শ্বন অৱ ইণ্ডিয়াই বিদেশী যোগনীয়াৰৰ পৰা বন্ধ টেণ্ডাৰ (TENDER NO: STC/AC/RICE/IMP/02/2014-15) আহ্বান কৰিছিল। ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহলৈ চাউল, দাইল যোগানৰ বাবে আৰু মুকলি বজাৰৰ বাবেও ষ্টে’ট ট্ৰে’ডিং কৰ্পৰে’শ্বন অৱ ইণ্ডিয়াই চাউল আৰু দাইল আমদানি কৰে।

মণিপুৰৰ ম’ৰেৰ শূল্ক আস্থানত ২০১৪ চনৰ ২০ ডিচেম্বৰৰ পৰা ২০১৫ চনৰ ২৫ জানুৱাৰিৰ ভিতৰত ১০ হাজাৰ মেট্ৰিক টন আৰু ২০১৫ চনৰ ১ ফেব্ৰুৱাৰিৰ পৰা ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত ১০ হাজাৰ মেট্ৰিক টন চাউল যোগানৰ বাবে সম্ভাব্য বিদেশী যোগানকাৰীৰ পৰা টেণ্ডাৰ আহ্বান কৰা হৈছিল।

২০১৪ চনত অসমৰ লামডিং আৰু শিলচৰৰ মাজত মিটাৰ গজৰ পৰা ব্ৰড গজলৈ ৰে’ল পথ উন্নীতকৰণৰ কাম চলি আছিল। এই পথটোৱেই মণিপুৰ আৰু মিজোৰামক দেশৰ বাকী অংশৰ লগত সংযোগ কৰে।

কিন্তু শক্তিশালী ‘সংগ্ৰাহক লবি’ৰ হেঁচাত টেণ্ডাৰ প্ৰক্ৰিয়াটোৱে এলাগী হৈ পৰি ৰয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd