• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰক্তৰ অভাৱৰ জোৰা মাৰিবলৈ ৰক্তদান শিবিৰৰ আয়োজন

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 28, 2018 8:42 pm
Blood-donation-
131
VIEWS
Share on FacebookShare on Twitter

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনীয়া ৰক্তৰ নাটনিৰ জোৰা মাৰিবলৈ  যোৰহাট কৃষি বিশ্ববিদ্যালয়ত থকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ (জে এম চি) ব্লাড বেংক আৰু  ছাত্ৰ সমাজৰ সহযোগত ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে (নেশ্যনেল চাৰ্ভিচ স্কীম) এটা ৰক্তদান শিবিৰৰ আয়োজন কৰিছে।

যোৰহাটৰ আৰক্ষী অধীক্ষক ভি নিম্বলকাৰ আৰু যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইমদাদ আলী এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত  আছিল।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কাৰ্যসূচীৰ আৰু ডি এছ ডব্লিউৰ সম্বয়ক ডি কে বৰাই আদৰণি ভাষণ প্ৰদান কৰিছিল।

যোৰাহাট চিকিৎসা মহাবিদ্যালয়ত ৰক্তৰ দীৰ্ঘদিনীয়া নাটনিৰ বিষয়টোৰ ওপৰত জোৰ দিয়া ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ছেৰমান ৰহমানে  স্বেচ্ছা ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখে।

কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ডীন ডি কে বৰাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰসকলক ৰক্তদানৰ এই সু্ন্দৰ পৰম্পৰাটো জীয়াই ৰাখিবলৈ উদগনি দিয়ে।

ৰক্তদান শিবিৰত কৃষি বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত প্ৰত্যেকখন মহাবিদ্যালয়ৰেই প্ৰায় ২০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, আৰু এই ৰক্তখিনি সংগ্ৰহ কৰিছিল।

ৰাষ্ট্ৰীয় সেৱা আঁচনি  গোটটোৰ কাৰ্যসূচী বিষয়া এছ বৰা শিক্ষাৰ্থীসকলক বিশেষকৈ ছাত্ৰী ৰক্তদাতাসকললৈ শলাগৰ শৰাই আগবঢ়ায়।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ বৰাই প্ৰীতিষা পাটগিৰী আৰু ঋতুৰাজ হাজৰিকাৰ সৈতে সমন্বয় ৰক্ষা কৰিছিল।

Recent News

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd