• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকাত ভোগা জনগণৰ নিৰাপত্তাৰ স্বার্থত বেপৰোৱা তুলিৰামক তৎকালে বর্খাস্ত কৰক : কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2018 1:12 pm
ApurbaBhatta-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কার্বি আংলঙৰ ডকমকাত আজিৰ পৰা দুদিনৰ পূর্বে দুগৰাকী নিৰপৰাধী যুবক নীলোৎপল আৰু অভিজিৎ পাণজুৰি গাওঁৰ এচাম লোকৰ নৃশংস আক্রমণত নিহত হোৱাৰ ৪৮ ঘন্টা পাৰ হোৱাৰ পিছতো কার্বি আলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাংৰ কোনো সাৰসুৰ নোহোৱা কার্য্য চৰম দায়িত্বহীনতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে অসম প্রদেশ কংগ্রেছ কমিটিয়ে। কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

‘’মুখ্যমন্ত্রী সোণোৱালৰ বিশ্বস্ত সৈনিক, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শর্মাৰ বুকুৰ কুটুম আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ আস্থাৰ পাত্র তুলিৰাম ৰংহাং ডাঙৰীয়া এই সংকটৰ সময়ত কলৈ গ’ল? যি সময়ত ডকমকালৈ গৈ পৰিস্থিতিৰ সমুখৰ পৰা মোকাবিলা কৰিব লাগিছিল, সেই সময়ত ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশা কাৰ সাহসত বিদেশলৈ গ’ল?’’- বুলি প্ৰশ্ন কৰে কংগ্ৰেছে।

Apply Now

মৃতকৰ পৰিয়ালৰ কাষত ঠিয় হোৱাৰ প্রয়োজন অনুভব নকৰা কার্য্যত মুখ্যমন্ত্রীয়ে কঠোৰ শাস্তি বিহিব পাৰিবনে বুলি প্ৰশ্ন কৰি দায়সৰা তুলুঙা মন্তব্য প্রদান কৰা জিলা উপায়ুক্তৰ ক্ষেত্রত ৰাইজৰ আস্থা নোহোৱা হোৱাৰ পিছতো দিছপুৰৰ দৰদ কিয় বুলি চৰকাৰক জবাবদিহি কৰে কংগ্ৰেছে।

জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষা দিবলৈ অসমর্থ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কর্তব্য পালনত ব্যর্থ হোৱাৰ অভিযোগ তুলি দলটোৱে বিষয়াগৰাকীৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নাই তাৰ উত্তৰ বিচাৰে।

বিবৃতিটোত লগতে কোৱা হৈছে- ‘’ৰাজ্যখনত আইন শৃংখলাৰ চৰম অৱনতি ঘটিছে। কার্বি পাহাৰ আজি কলংকিত। মানৱতাৰ বধ্যভূমিলৈ পৰিণত। ভিতৰুৱা অঞ্চলত কু-সংস্কাৰ আৰু অপপ্রচাৰৰ ইতিমধ্যে কেইবাজনো বলি হোৱাৰ পিছতো স্বায়ত্ব শাসিত পৰিষদ আৰু জিলা প্রশাসন নির্লিপ্ত হৈ আছিল কেনেকৈ?‘’

আজিৰ পৰা দুবছৰৰ পূর্বে দিনদুপৰত ডিফুৰ অটো ষ্টেণ্ডত পিতৃৰ সমুখতে পুত্রক বিনা দোষত নৃশংসভাবে হত্যা কৰা ঘটনাৰ পিছতো বিজেপি নেতৃত্বাধীন স্বায়ত্ব শাসিত পৰিষদৰ একো কৰণীয় নাছিল নেকি বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে।

কার্বি পাহাৰত আৰক্ষীয়ে অপৰাধ ৰোধৰ বিপৰীতে নীৰৱ দর্শক হৈ ভিডিঅ’ কৰাত ব্যস্ত থকা বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে পাণজুৰি কছাৰী গাওঁৰ মানুহৰ মাজত সোপাধৰাৰ আতংক সৃষ্টিৰ বিষয়ে চোৰাংচোৱা জ্ঞাত নাছিল নেকি বুলি প্ৰশ্ন তোলে।

শংকাত ভোগা জনগণৰ নিৰাপত্তাৰ স্বার্থত বেপৰোৱা তুলিৰামক তৎকালে বর্খাস্ত কৰাৰ দাবী তুলি কংগ্ৰেছে হত্যাকাৰী এজনো যাতে দুর্বল “কেছ ডায়েৰীৰ ” কাৰণে ৰেহাই নাপায় সেইটো নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd