• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

শাস্তিস্বৰূপে ৰাজহুৱা ঠাইত উলংগ কৰা অৰুণাচলৰ ৮৮গৰাকী ছাত্ৰীক ৫ হাজাৰ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
July 4, 2018 7:53 am
Arunachal_KGBV
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যালয়ৰ ছাত্ৰীক সকলোৰে সন্মুখত কাপোৰ খুলিবলৈ বাধ্য কৰাৰ শাস্তিস্বৰূপে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অৰুণাচল প্ৰদেশ চৰকাৰক পাপুমপাৰেত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ৮৮গৰাকী ছাত্ৰীক ৫০০০ টকাকৈ ক্ষতিপূৰণ দিবলৈ ৩ জুলাইত নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত ঘটা এই আশ্চৰ্য্যকৰ ঘটনাটোত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তিনিগৰাকী শিক্ষয়িত্ৰীৰ দ্বাৰা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ মুঠ ৮৮গৰাকী ছাত্ৰীক কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকৰ মাজৰে কোনোবাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে কাগজৰ টুকুৰাত অশ্লীল শব্দ লিখা বুলি অভিযোগ উঠিছিল। কিন্তু কোনো এগৰাকী ছাত্ৰীয়েই সেইটো কৰা বুলি স্বীকাৰ নকৰাত তেওঁলোকক সকলোৰে সন্মুখত কাপোৰ খুলিবলৈ দি শাস্তি দিয়া হৈছিল।
ৰাজ্য চৰকাৰে ঘটনাটো নিশ্চিত কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত আয়োগৰ দ্বাৰা এই নিৰ্দেশটো দিয়া হয়। নিৰ্দেশটোত শিক্ষয়িত্ৰী তিনিগৰাকীৰ আচৰণ অমানৱীয় আৰু নিষ্ঠুৰাতপূৰ্ণ বুলি কোৱা হৈছে।

Apply Now

“নাৱালিকা ছোৱালীকেইগৰাকীৰ প্ৰতি তেওঁলোকৰ আচৰণ সাধাৰণ মানৱীয় মৰ্য্যাদা আৰু শালীনতাৰ পৰিপন্থী।” এইদৰে কোৱা হয়। এই ক্ষতিপূৰণ চাৰি সপ্তাহৰ ভিতৰত প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক কোৱা হৈছে আৰু তাৰ প্ৰমাণৰ সৈতে আইন অনুৱৰ্তিতাৰ এটা প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰে ঘটনাটোৰ অনুসন্ধান কৰোৱাৰ পিছত দুজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে আনজনক নিলম্বন কৰে।

ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ ওচৰত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত 112/17 নম্বৰৰ এটা গোচৰো পঞ্জীয়ন কৰা হৈছিল। এই গোচৰত শিক্ষয়িত্ৰীকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত জামিন পায়।

আনহাতে ঘটনাটোৰ বলি ছাত্ৰীকেইগৰাকীক মনস্তাত্ত্বিক দিহা-পৰামৰ্শ দিয়া হৈছিল।
ৰাজ্য চৰকাৰেও এই ঘটনাটো গুৰুত্বসহকাৰে লৈ ৰাজ্যখনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় চলাই থকা অৰুণাচল ফাৰ্মাৰ্ছ ডেৱেল’পমেণ্ট ছ’চাইটিৰ অধ্যক্ষক কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছিল। চৰকাৰে ৰাজ্যখনৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত থকা পুৰুষ প্ৰধান শিক্ষক আৰু শিক্ষকৰ ঠাইত আন শিক্ষক নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ছাত্ৰী নিৱাসত কেমেৰা সংস্থাপন কৰিবলৈও পৰামৰ্শ দিছিল।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাটোৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। লগতে বিষয়টো সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ সচিবলৈ জাননী জাৰি কৰিছে।

“শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজত সদায়ে সন্মানৰ চকুৰে চোৱা হয়, কাৰণ তেওঁলোক হ’ল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ পথ দেখুৱাওঁতা আৰু সুৰক্ষা দিওঁতা। এই ধৰণৰ অমানৱীয় আৰু অনুভূতিহীন আচৰণ তেওঁলোকৰ পৰা আশা কৰিব নোৱাৰি। নাবালিকা ছোৱালীকেইজনীক গোটেইবোৰৰ আগত নাঙঠ কৰাটো অনৈতিক আৰু নিষ্ঠুৰতাপূৰ্ণ কাম।” নিৰ্দেশটোত কোৱা হয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd