মঙ্গলবাৰে হাফলং চৰকাৰী বাগানস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকাই। সোতৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰি ডিমা হাচাও জিলাৰ উপায়ুক্ত তথা হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ চেয়াৰমেন দেবজ্যোতি হাজৰিকা আপ্লুত হৈ পৰে। মঙ্গলবাৰে আবেলি বিদ্যালয়খনৰ এখন বিশেষ সভাত ভাগ লোৱাৰ পূৰ্বে তেওঁ নতুনকৈ নিৰ্মাণ হোৱা বিদ্যালয় ভৱনটো পৰিদৰ্শন কৰে। নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা জিলা উপায়ুক্ত হাজৰিকাই কয় যে ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা কেন্দ্ৰীয় বিদ্যালয় ভৱনকৈ হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন যথেষ্ট ভাল হৈছে। দেবজ্যোতি হাজৰিকা উপস্থিতিত সভাখনত বিদ্যালয়খনৰ বিভিন্ন সমস্যা উত্থাপিত হোৱাৰ লগতে জিলা উপায়ুক্ত গৰাকীয়ে উক্ত সমস্যা সমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ বিশেষকৈ বিদ্যালয়খনত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণৰ উপৰি স্থায়ী অধ্যক্ষ নিযুক্তিক লৈ কেন্দ্ৰীয় বিদ্যালয়ৰ কমিচনাৰ কাৰ্যালয়ত হেঁচা দিয়াৰ কথা কয়। উল্লেখযোগ্য যে হাফলং কেন্দ্ৰীয় বিদ্যালয় বৰ্তমানে পুৰণি বিদ্যালয় ভৱনত চলি আছে। আনহাতে নতুন বিদ্যালয় ভৱনটোৰ নিৰ্মাণ কাৰ্য শেষ হ’লেও আনুষংগিক কিছু কামকাজ বাকী থকাৰ লগতে খোৱাপানীৰ সমস্যা অটাইতকৈ ডাঙৰ সমস্যা হৈ ৰৈছে। সেয়ে মঙলবাৰৰ সভাত খোৱা পানীৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগক সোনকালে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত হাজৰিকাই। আনহাতে গড়কাপ্তানী বিভাগৰ ফালৰ পৰা কোৱা হয় যে জানুৱাৰি মাহৰ ভিতৰত অবশিষ্ট কাম সম্পন্ন কৰি তোলা হ’ব।