অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে আজি সোমবাৰে গ্ৰহণ কৰিছে।
দিল্লীৰ কমলেশ বাৰ্মা নামৰ এজন লোকে যোৱা ৩০ জানুৱাৰিত শীৰ্ষতম আদালতখনত এই ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখন দাখিল কৰিছিল।
আৱেদনখনত কোৱা হৈছে যে ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ত যিহেতু এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কৈছিল, গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো বে-আইনী।
ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত লগতে ২০১৬ চনত বিচিচিআইৰ গোচৰটোত কৰাৰ দৰে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন সুচাৰুৰূপে চলিবৰ বাবে প্ৰশাসকৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰাৰ্থনা কৰে।
আৱেদনখনত তেওঁ তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ আন আন বিষয়ববীয়া সকলকো বৰ্খাস্তৰ অনুৰোধ জনাইছে।
লগতে মন্ত্ৰী শৰ্মাই দায়িত্ব লোৱাৰ পিছৰ পৰা বিত্তীয় লেনদেনৰ তথ্য পৰীক্ষা কৰিবলৈও আবেদনখনত অনুৰোধ জনোৱা হৈছে।
হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনৰ ২৩ এপ্ৰিলত ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে দায়িত্ব লৈছিল। অসমৰ মন্ত্ৰীজন বৰ্তমান অসম বেডমিণ্টন এচচিয়ে’শ্বন আৰু এছিয়ান পেৰা বেডমিণ্টন কমিটিৰ সভাপতিৰ দায়িত্বটো আছে।
‘শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্তি দিয়াটো আৰু তেওঁক পদত বাহাল ৰখাটো, নিয়ম আৰু আইনৰ অৱমাননা হ’ব আৰু সম্পূৰ্ণকৈ জানিশুনি সংবিধানৰ ১৪ নং দফাৰ উলংঘন হ’ব’ বুলি আবেদনখনত লগতে কোৱা হৈছে।