মুকেশ হুণ্ডাইৰ ভুক্তভোগী কৰ্মচাৰী কমল দাসেও আজি দিচপুৰ থানাত স্বত্বাধিকাৰী ঋষভ হিম্মতসিংকাৰ বিৰুদ্ধে গোচৰ এজাহাৰ দাখিল কৰিছে। আজি দুপৰীয়াৰ পিছত কৰ্মচাৰীজনে দিচপুৰ থানাত স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে গোচৰ দিয়ে।
উল্লেখযোগ্য যে যোৱা ৪ জুলাইত কমল দাসক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই কাণত ধৰাই আঁঠু কঢ়াই থোৱাৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ দেখা গৈছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ৩টাকৈ গোচৰ ৰুজু হয় স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে।
জানিব পৰামতে, যোৱা ১১ বছৰে গণেশগুৰিৰ প্ৰতিষ্ঠানটোত অ’ডিটৰৰূপে কৰ্মৰত আছিল কমল দাস। কিবা কাৰণত ৫০গৰাকী গ্ৰাহকৰ নথি-পত্ৰ অডিট কৰিবলৈ ৰৈ গৈছিল বাবেই তেনেকুৱা নিন্দনীয় দুৰ্ব্যৱহাৰৰ কৰিছিল স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই।
আনহাতে আজি কৃষক মুক্তিৰ নেতা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, সদৌ অসম উন্নয়ন পৰিষদ আদি সংগঠনৰ নেতৃত্বৰ সৈতে মুকেশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰৰ এখন বৈঠকৰ সময়ত এই চুক্তি হয় যে স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ বন্ধ থাকিব।
ইফালে গোচৰ দিয়াৰ লগতে স্বত্বাধিকাৰীজনে ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী তুলিছে ভুক্তভোগী কৰ্মচাৰী কমল দাসে।
আনহাতে এই ঘটনাটোক গুৰুত্ব সহকাৰে লোৱা বুলি জানিবলৈ দিছে আৰক্ষী আয়ুক্ত হীৰেন নাথ। দোষীক সাৰি যাবলৈ দিয়া নহয় বুলি আমাক জানিবলৈ দিয়ে হীৰেন নাথে। প্ৰতিষ্ঠানটোৰ মেনেজাৰক ইতিমধ্যে সোধা-পোছা কৰা হৈছে বুলিও জনালে আৰক্ষী আয়ুক্তজনে।