‘’পূৰ্বে স্বাস্থ্যবিভাগৰ কেঞ্চাৰৰূপী ভূৱা নিযুক্তি দূৰ কৰক, তাৰ পিছত ১৯ খন পাপ মোচন কেন্দ্ৰ অৰ্থ্যাৎ কেন্সাৰ হস্পিতাল নিৰ্মাণ কৰক।‘’
কিছুদিন পূৰ্বে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘’পাপৰ ফলত কেন্সাৰ হয়’’ বুলি কৰা মন্তৱ্যৰ উদ্ধৃতি দি এই মন্তৱ্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।
উল্লেখযোগ্য যে, উক্ত সংবাদমেলতে গগৈয়ে স্বাস্থ্য বিভাগত এতিয়াও প্ৰায় ২০ হাজাৰ ভুৱা নিযুক্তি থকা বুলি দাবী কৰে।
তেওঁ লগতে কয়, ‘’দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে বাৰম্বাৰ অভিযোগ কৰি থকাৰ পিছতো তথা থানাত গোচৰ ৰুজু কৰি থকাৰ পাছতো মন্ত্ৰী, উচ্চ পদস্থ বিষয়াৰ হাত থকাৰ বাবে বিভাগে কোনোধৰণৰ ব্যৱস্থা হাতত ল’ব পৰা নাই।‘’
সেয়েহে তেওঁ স্বাস্থ্য মন্ত্ৰীৰ প্ৰতি আহ্বান জনাই কয়, ‘’প্ৰথমে ভুৱা নিযুক্তিৰে চাকৰি কৰি থকা কেন্সাৰসদৃশ বীজানুসমূহ আঁতৰাই পিছত নতুনকৈ কেন্সাৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা চিন্তা কৰক।‘’
আনহাতে, উক্ত সংবাদমেলতে ধৰ্মকান্ত গগৈয়ে চৰকাৰে চিকিৎসা খণ্ডক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰিব খোজা বুলি অভিযোগ তুলি কয়, ‘’ৰতন টাটাৰ পৰা ৯০০ কোটি টকা নোলোৱাকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ১২১০ কোটি টকাৰে ১০ খন কেন্সাৰ হস্পিতাল অসমত অতি সুন্দৰভাৱে স্থাপন কৰিব পাৰিলেহেঁতেন।‘’
তাৎপৰ্য্যপূৰ্ণভাৱে একমাত্ৰ ব্যক্তিগত কোম্পানীক ৰঙা দলিচা পাৰি দিয়াৰ স্বাৰ্থতে চৰকাৰে ইচ্ছাকৃতভাৱে টাটা ট্ৰাষ্টৰ লগত সংযোগ কৰি ১৯ খনকৈ চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰিছে বুলি সংবাদমেলত গগৈয়ে গুৰুতৰ অভিযোগ তোলে।
তদুপৰি তেওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব খোজা ৰাজ্য চৰকাৰে নিজেই অন্ধ বিশ্বাসৰ বশৱৰ্তী বুলি মত প্ৰকাশ কৰাৰ উপৰিও কয়, ‘‘২০১৮ চনৰ নৱপ্ৰজন্মক অন্ধ বিশ্বাসৰ বিৰুদ্ধে প্ৰশিক্ষণ দিব খোজা তথা এইবোৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিব খোজা চৰকাৰখনে নিজেই কেন্সাৰ হস্পিতালৰ ভূমি পূজন কৰিলে।‘’
এই সম্পৰ্কে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়, ‘‘এখন ধৰ্ম নিৰপেক্ষ দেশত এটা ধৰ্মৰ ৰীতিৰে মাংগলিক কাৰ্য্য কৰি আন ধৰ্মক চৰকাৰখনে উপেক্ষা কৰা নাইনে?’’