• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰমাকান্ত দেউৰী আখ্যান : কেবিনেট মন্ত্ৰিত্ব আছিল মোদী-শ্বাহৰ প্ৰতিশ্ৰুতি; বিসৰ্জন দিছিল ৪টা সমষ্টি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 27, 2018 9:27 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মোদী, অমিত শ্বাহে’ তিৱাসকলৰ পৰা এজনক কেবিনেট মন্ত্ৰিত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। চৰকাৰ গঠনৰ দুবছৰৰ পিছত ২৬ এপ্ৰিলত সোণোৱাল ( Sonowal ) মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ পিছতে তিৱা জনগোষ্ঠীৰ পৰা মন্ত্ৰিত্বপ্ৰত্যাশী মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি ২৭ এপ্ৰিলত নৰ্থ ইষ্ট নাও-ৰ আগত ‘বঞ্চনা’ৰ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে তিৱা জাতীয় ঐক্যমঞ্চক ‘মোদী, অমিত শ্বাহৰ ওচৰলৈ লৈ’ যোৱাৰ কথা উল্লেখ কৰি দেউৰীয়ে কয় যে উক্ত বৈঠকত তেওঁলোকক ‘সন্মান দি’ কেবিনেট মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত তিৱা ঐক্যমঞ্চ বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আছিল আৰু মিত্ৰজোঁটৰ মূল প্ৰচাৰ ছবিৰ দেউৰী অন্যতম মুখ আছিল।

Apply Now

‘তিৱা জাতীয় ঐক্যমঞ্চই ৫টা সমষ্টিত প্ৰাৰ্থিত্ব দিব খুজিছিল’ বুলি উল্লেখ কৰি দেউৰীয়ে কয় যে ‘দেশৰ কাৰণে এইবাৰ দিব নালাগে’ বুলি তেওঁলোকক নিৰ্বাচনত বাৰণ কৰা হৈছিল। বটদ্ৰৱাত যোৱা নিৰ্বাচনত ১,৬৫,০০০ সংখ্যালঘু ভোট পৰা বুলি উল্লেখ কৰি দেউৰীয়ে প্ৰশ্ন কৰে ‘আমাৰ ২৮ হাজাৰ ভোট নিদিয়া হ’লে বটদ্ৰৱাত জিকিলেহেঁতেন নেকি? ৰহাত জিকিলেহেঁতেন নেকি?’

দেউৰীয়ে কয় যে জনগোষ্ঠীয় এজনে মন্ত্ৰিত্ব পাব বুলিয়ে মধ্য অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে মিলি যোৱা নিৰ্বাচনত মিত্ৰজোঁটক ভোট দিছিল। উল্লেখযোগ্য যে ৰমাকান্ত দেউৰীয়ে মন্ত্ৰিত্ব নোপোৱাৰ প্ৰতিবাদত সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, তিৱা মহিলা কল্যাণ পৰিষদ, জাতীয় ঐক্যমঞ্চ আদি সকলো তিৱা জাতীয় সংগঠনৰ লগতে কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া জাতি যুৱ সন্মিলন, কোঁচ ৰাজবংশী সন্মিলনী, চুতীয়া জাতি সন্মিলনেও আজি ২৭ এপ্ৰিলত অসম বন্ধ আহ্বান জনাইছিল।

আনহাতে আজিৰ বন্ধটো তেওঁ সমৰ্থন কৰা নাই, বৰঞ্চ বন্ধ দিব নালাগে বুলিহে তেওঁ সংগঠনবোৰক ‘বুজোৱা’ বুলি মন্তব্য কৰি দেউৰীয়ে কয় যে বন্ধই মন্ত্ৰিত্ব পোৱা নোপোৱাটো নিৰ্ধাৰণ নকৰে। ‘কৰ্মীখিনিলে দুখ লাগিছে, কাকো বুজাব পৰা নাই এতিয়া’ বুলি মন্তব্য কৰি তেওঁ লগতে প্ৰশ্ন কৰে ‘আজিলৈকে অসমৰ কোনো চৰকাৰতে তিৱা জনগোষ্ঠীৰ মন্ত্ৰী নাই। ক্ষোভ উজাৰিবনে নে নুজাৰিব? কেনেকে বাধা দিম?’

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত তিৱা নেতাজনে আগবঢ়োৱা মন্তব্য আৰু মধ্য অসমৰ আজিৰ পৰিস্থিতিয়ে ‘জাতি’ৰ প্ৰতিনিধিত্ব দিব নোৱাৰি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে গঠিত সোণোৱাল চৰকাৰে থৰকাছুটি হেৰুওৱাৰ ইংগিত দিছে।

মন্ত্ৰীসভা সম্প্ৰসাৰণত নৈতিকতাৰ ‘কোনো কথা নাই’ বুলি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে  নতুন মন্ত্ৰীয়ে শপত লৈ থকাৰ সময়তে কালি অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতিৰ পদ ত্যাগ কৰিছিল।

আনহাতে মন্ত্ৰীসভাত সংখ্যালঘু এজনো মন্ত্ৰী নথকাত বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ বিজেপি বিধায়কজনেও ক্ষোভ ওজৰাৰ লগতে মন্ত্ৰীসভাত বৰাকৰ মাত্ৰ এজনহে প্ৰতিনিধি থকাত বৰাকৰ বিভিন্ন দল-সংগঠনেও প্ৰতিবাদ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd