• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

প্ৰকৃতি বিৰোধী মন্তব্যৰে ৰাইজক প্ৰস্তৰ যুগলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান ছিক্কিমৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 11:45 am
sikkim passes new law
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সভ্য মানুহৰ পৃথিৱীত যি সময়ত, গছ-গছনি, ঘৰচীয়া, বনৰীয়া প্ৰাণীৰ প্ৰতি মানুহক সদয় হোৱাৰ বাবে, সুৰক্ষা দিয়াৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী দল –সংগঠন, আৰু লোকে নানা কাৰ্যপন্থা আৰু উদ্যোগ গ্ৰহণ কৰিছে, প্ৰকৃতিৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ  আহ্বান জনাই আহিছে, সেই সময়তেই ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে গ্ৰহণ কৰা প্ৰকৃতি বিৰোধী স্থিতিত সচেতন মহলৰ চকু কপালত উঠিছে।  ছিকিমৰ মুখ্যমন্ত্ৰী চামলিঙে নিজৰ বাজেট অধিৱেশনৰ বিদায়ী ভাষণত বনৰীয়া জীৱ-জন্তু বিৰোধী মন্তব্যৰে জনসাধাৰণক প্ৰস্তৰ যুগলৈ প্ৰত্যাৱৰ্তনৰ  আহ্বান জনোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

জানিব পৰা গৈছে যে ছিকিম বিধান সভাৰ বাজেট অধিৱেশনৰ সামৰণি ভাষণত মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে যে খেতি পথাৰত সোমোৱা আৰু পোহনীয়া জীৱজন্তু, চৰাই আদিক আক্ৰমণ কৰা জীৱ-জন্তুক ৰাইজে শিল, টাঙোন আৰু অস্ত্ৰেৰে খেদি পঠোৱাৰ লগতে সিহঁতক হত্যা কৰিলেও তাৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

Apply Now

ভাৰতত নিৰ্বাচনত জয়ী হোৱাৰ বাবে যোগ্যতাৰ কোনো নিম্নতম মাপকাঠি নথকাৰ বাবে যি কোনো ধৰণৰ লোকে শাসন ব্যৱস্থাটোত  ভীৰ কৰাটো এটা সাধাৰণ ঘটনা হৈ পৰিছে। ছিকিমৰ ক্ষেত্ৰত আজি যেন আৰু এখোঁপ চেৰাই গৈ প্ৰস্তৰ যুগৰ চিকাৰী আৰু সংগ্ৰহকাৰী আদি মানৱৰ জীৱনক আকোঁৱালি ল’বলৈ আহ্বান কৰিলে স্বয়ং মুখ্যমন্ত্ৰীজনে, য’ত দৰাচলতে হতবাক হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

পবিত্ৰ সদনৰ মজিয়াৰ বাজেট ভাষণত  বনৰীয়া জীৱজন্তুৱে খেতি পথাৰত উৎপাত কৰা সন্দৰ্ভত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা কৃষক ৰাইজৰ অভিযোগৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় ‘ৰাইজে তেওঁলোকৰ খেতি পথাৰলৈ অহা জীৱ-জন্তুক শিল, লাঠি, টাঙোন আৰু অস্ত্ৰেৰে খেদি পঠোৱাৰ লগতে সিহঁতক কেদি পঠোৱাৰ সময়ত সেই জীৱটোৰ মৃত্যু হ’লেও লোকজনৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ’ব আৰু ইয়াক এটি দুৰ্ঘটনাজনিত মৃত্যু হিচাপে গণ্য কৰা হ’ব’।

মুখ্যমন্ত্ৰীজনে আনকি বন বিভাগকো এই সন্দৰ্ভত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা জাৰী কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীজনে প্ৰকাৰান্তৰে হত্যাৰ বাবে প্ৰৰোচিত কৰা জীৱসমূহৰ তালিকাত আছে নিগনিৰ লগতে অত্যন্ত বিপদাপন্ন তথা বিৰল প্ৰজাতিৰ চিতাবাঘ, লেপাৰ্ড, বনৰীয়া মেকুৰি, শিয়াল, বনৰৌ, ভালুক, বনৰীয়া গাহৰি আৰু বান্দৰ।

অৱশ্যে তেওঁ পিছত কয় যে  কোনো মানুহে অৰণ্যত প্ৰৱেশ কৰি অপ্ৰৰোচিতভাৱে অৰণ্যৰ জীৱ জন্তু হত্যা কৰাৰ অধিকাৰ নাই।

উল্লেখ্য যে ৰাজ্যখনৰ গাঁৱলীয়া  এলেকাসমূহৰ পৰা বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিয়ে খেতি পথাৰ নষ্ট কৰা আৰু পোহনীয়া জীৱ-জন্তু হত্যা কৰাৰ নিয়মিত অভিযোগ উত্থাপিত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd