• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক আখৰাথলীত পৰিণত হৈছে নেকি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 19, 2018 11:45 pm
Srimanta-Sankaradev-Kalakshetra

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ থলুৱা কলা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ আৰু অধ্যয়নৰ উদ্দেশ্য আগত ৰাখি গুৱাহাটীত স্থাপন কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অসম চুক্তিৰ আধাৰত স্থাপন কৰা এই বৃহৎ সাংস্কৃতিক অনুষ্ঠানটো বিগত কিছুদিনৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ সভা-সমিতি অনুষ্ঠিত কৰা থলীলৈহে যেন পৰ্যৱসিত হৈছে।

উল্লেখ্য যে, ২০ মে’ত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ। অমিত শ্বাহৰ উপস্থিতিত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলেয়েন্স, চমুকৈ ‘নেডা’ৰ তৃতীয়খন বৈঠক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বেও শাসক দল বিজেপিৰ কেইবাখনো গুৰত্বপূৰ্ণ সভা শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ গৈছে। কেৱল বিজেপিয়েই নহয় চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদকে ধৰি আন কেইবাটাও দলৰ সভা অনুষ্ঠিত হৈছে কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত। কিন্তু কলা-সংস্কৃতি চৰ্চাৰ বাবে স্থাপিত এই অনুষ্ঠানৰ চৌহদত ৰাজনৈতিক কাৰ্যসূচীৰ নিয়মীয়া ক্ষেত্ৰত পৰিণত কৰাটো কিমান দূৰ গ্ৰহণযোগ্য?

Apply Now

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰা বিষয়টো সন্দৰ্ভত বিভিন্নজন ব্যক্তিৰে হোৱা নৰ্থ-ইষ্ট নাওৰ বাৰ্তালাপত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা হৈছে।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যি উদ্দেশ্য আগত ৰাখি স্থাপন কৰা হৈছিল সেই অনুসৰি তাত ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত হোৱাটো গ্ৰহণযোগ্য নহয়। ৰাজনৈতিক কুচ-কাৱাজৰ বাবে বেলেগ বেলেগ ঠাই আছে, তাত ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰক। কিন্তু কৃষ্টি-সংস্কৃতিৰ বাবে স্থাপন কৰা এক বিশেষ স্থানত এনে কাৰ্যসূচী পতাটো কেতিয়াও উচিত নহয়। সেইটো ক’বলগীয়া কথা নহয়, কলাক্ষেত্ৰ সমাজে নিজেই বুজি পাব লাগে।”

একেদৰেই শংকৰদেৱ কলাক্ষেত্ৰত ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰা কথাটোৰ তীব্ৰ বিৰোধিতা কৰি জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই কয়, “অসম চুক্তিৰ আধাৰত অসমৰ কৃষ্টি-সংস্কৃতিৰ অধ্যয়ন, সংৰক্ষণ, প্ৰসাৰ আৰু চৰ্চাৰ উদ্দেশ্যে স্থাপন কৰা গুৰুজনাৰ নামাংকৃত এটা অনুষ্ঠানক ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক।” তেওঁ লগতে আগতেও এনেকুৱা অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল যদিও বৰ্তমানৰ বিজেপি চৰকাৰ দিনত ৰাজনৈতিক মেল-মিটিং বেছিকৈ অনুষ্ঠিত হৈছে বুলি মন্তব্য কৰে।

আনহাতে, এই বিষয়ত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, “শংকৰদেৱ কলাক্ষেত্ৰত নাট, ভাওনা, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈয়ে থাকে। কিন্তু অন্য অনুষ্ঠান নথকা সময়ত প্ৰেক্ষগৃহকেইটা এনেই পেলাই থোৱাতকৈ কিবা অনুষ্ঠানৰ কাৰণে ভাৰালৈ দিলে অলপ ৰাজহ আদায় হয়, যিটো কলাক্ষেত্ৰৰ কামতেই ব্যৱহাৰ কৰিব পাৰে।”

একেদৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও কলা-সংস্কৃতিক আগস্থান দি ৰাজহ আদায়ৰ কাৰণে কিবা অনুষ্ঠিত কৰাত একো অসুবিধা নেদেখা বুলি মত ব্যক্ত কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd