• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বানৰ সংহাৰ : ৩০ জুনত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশত অনিশ্চয়তা !

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 7:09 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশত জটিলতা আহি পৰিছে। ৰাজ্যত সৃষ্টি হোৱা বানৰ তাণ্ডৱৰ বাবেই পূৰ্ব নিৰ্দ্ধাৰিত সময় সূচী অনুসৰি ৩০ জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সম্পূৰ্ণ খচৰা পলমকৈ প্ৰকাশ হোৱাৰ সম্ভৱনাই দেখা দিছে।

বৰ্তমানলৈকে এন আৰ চিৰ কামৰ অগ্ৰগতিলৈ চাই ৩০ জুনত কোনো পধ্যেই প্ৰকাশ নাপায় এন আৰ চিৰ চূড়ান্ত খচৰা। অৱশ্যে ইয়াৰ কাৰণ আন নহয়, ৰাজ্যখনত আৰম্ভ হোৱা প্ৰলয়ংকাৰী বানৰ বাবে এই অনিশ্চয়তাৰ সৃষ্টি হৈছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাত চলি থকা এন আৰ চি উন্নীতকৰণৰ কাম ইয়াত নিয়োজিত কৰ্মচাৰীসকলে যুদ্ধকালীন তৎপৰতাৰে চলাইছে যদিও বানপানীৰ বাবে বহু অঞ্চলত কাম স্থবিৰ হৈ পৰিছে। বিগত ছয়দিন ধৰি ৰাজ্যখনৰ সাতখন জিলাত এন আৰ চিৰ নথি-পত্ৰ পুনৰীক্ষণৰ কাম প্ৰায় বন্ধ হৈ পৰিছে।

জানিব পৰা মতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই শীঘ্ৰেই অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে আৰু কিছুদিন সময় বিচাৰি উচ্চতম ন্যায়ালয়ত শপতনামা যোগে আবেদন জনাব। বানপানীৰ বাবে সৃষ্টি হোৱা অসুবিধাৰ কথা উল্লেখ কৰি এই আবেদন জনাব বুলি জানিব পৰা গৈছে।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সদৰী কৰা মতে বিগত কেইদিন ধৰি বানপানীৰ ফলত বৰাক উপত্যকাকে ধৰি হোজাই, গোলাঘাট আৰু পশ্চিম কাৰ্বিং আংলং জিলাত বহু সংখ্যক এন আৰ চি কেন্দ্ৰ পানীৰ তলত বুৰ যোৱাত সেই অঞ্চলত আগতীয়া জাননী পাইও ৰাইজে নথি-পত্ৰ পৰীক্ষণৰ বাবে সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ যাব পৰা নাই। সেয়েহে এন আৰ চিৰ বাবে জৰুৰী নথি-পত্ৰ পৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই।

আনহাতে, ৰাজ্যিক সমন্বয়কগৰাকীয়ে এইক্ষেত্ৰত এন আৰ চি প্ৰকাশৰ দিন পিছুওৱাৰ সম্ভাৱনা সম্পৰ্কে স্পষ্ট মন্তব্য কৰা নাই যদিও বান পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখা বুলি সদৰী কৰিছে। যদিহে বান পৰিস্থিতিৰ উন্নতি নহয়, বৰঞ্চ অৱনতিহে ঘটে তেতিয়া কথাটো বিবেচনা কৰা হ’ব।

ইপিনে বানপানীৰ ফলত এন আৰ চি কেন্দ্ৰসমূহত কোনো নথি-পত্ৰ বিনষ্ট হোৱা নাই আৰু সকলোবোৰ সুৰক্ষিত হৈ আছে বুলি জানিব দিছে এন আৰ চি কৰ্তৃপক্ষই।

আনহাতে, ৰাজ্যখনত শীঘ্ৰেই বান পৰিস্থিতিৰ উন্নতি হোৱাৰ আশা ক্ষীণ দেখা গৈছে। এনেকৈ যদি বৰষুণ দি থাকে আৰু বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেতিয়াহ’লে মাত্ৰ ১২ টা দিন বাকী থকা অৱস্থাত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত অসুবিধাৰ সৃষ্টি হ’ব।

এইক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই বান পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ লগতে পৰিস্থিতিৰ উন্নতি নঘটিলে উচ্চতম ন্যায়ালয়ত শপতনামযোগে সময় বিচৰাৰ গত্যন্তৰ নাথাকিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd