• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ ৪০ কোটি লুণ্ঠন, এজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 7:32 am
06-05-18 Guwahati- Maheswar Rao arrested by BIEO (1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠনৰ কাহিনী এতিয়াও শেষ হোৱা নাই। এইবাৰ দিল্লী পাব্লিক স্কুলৰ আৰ্হিত বিদ্যালয় স্থাপন, অত্যাধুনিক ছুইমিং পুল নিৰ্মাণকে ধৰি বিভিন্ন আকৰ্ষণীয় প্ৰকল্প ৰূপায়নৰ প্ৰলোভন দেখুৱাই গ্ৰাহকক লুণ্ঠন চলোৱা ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান এটাৰ এগৰাকী বিষয়া মহেশ্বৰ ৰাও বি আই ই অ’ৰ জালত পৰিছে।

দুলীয়াজানত শাখা স্থাপন কৰি গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগত উক্ত প্ৰৱঞ্চকগৰাকীক শনিবাৰে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই ( বি আই ই অ’) গ্ৰেপ্তাৰ কৰে। আনহাতে, ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ অসমৰ মুখ্য কাৰ্যবাহী বিষয়া চাবুৱাৰ অমল লাল বাবু, দুলীয়াজানৰ শাখা প্ৰৱন্ধক আৰ চি যাদব, শিৱসাগৰৰ চাজ্জাদ হুছেইন, নগাঁৱৰ ধৰ্মদত্ত শৰ্মা আৰু গুৱাহাটীৰ অঞ্জন কুমাৰ শৰ্মা নামৰ প্ৰৱঞ্চককেইজন পলাতক হৈ আছে।

Apply Now

বি আই ই অ’ৰ সূত্ৰই জানিব দিয়া মতে হাৰিয়ানাৰ প্ৰবীন কুমাৰ ৰহিলা নামৰ ব্যক্তিজনে স্বয়ম্ভু মুখ্য পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লৈ হাৰিয়ানাত ডি পি এল লেণ্ডমাৰ্ক ইনফাষ্ট্ৰাকছাৰ প্ৰাইভেট লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল। তেওঁ কোম্পানীটোৰ সঞ্চালক হিচাপে ৰহিলাৰ পত্নী ৰিতু ৰাম, ভ্ৰাতৃ ৰাকেশ কুমাৰ ৰহিলা আৰু সুনীল দত্ত শৰ্মাক নিয়োগ কৰিছিল।

ইয়াৰ পিছতে অসমত চাবুৱাৰ অমল লাল বাবুক মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দি হাৰিয়ানাৰ এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে লুণ্ঠন চলাই গৈছিল। অসমত এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে গুৱাহাটী, ডুমডুমা, দুলীয়াজান, বৰপেটা, নগাঁও, চিলাপথাৰ, ডিব্ৰুগড়, মাৰ্ঘেৰিটা, তেজপুৰ, ডিগবৈ আৰু গোগামুখত শাখা কাৰ্যালয় স্থাপন কৰি ২০১০ চনৰ মাৰ্চৰ পৰা ২০১৫ চনৰ এপ্ৰিললৈকে প্ৰায় ৪০ কোটি টকা সংগ্ৰহ কৰে।

ভুৱা প্ৰতিষ্ঠানটোৱে বিভিন্ন আকৰ্ষণীয় প্ৰকল্প ৰূপায়নৰ প্ৰলোভন দেখুৱাই অসমৰ প্ৰায় ১৮,৩৩৬ জন বিত্তশালী লোকৰ পৰা কোটি টকা সংগ্ৰহ কৰি ২০১৫ চনতে প্ৰতিষ্ঠানটো অন্তৰ্ধান হয়।

গুৱাহাটীৰ এগৰাকী এজেন্ট শশীকলা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি বি আই ই অ’ৱে তদন্ত আৰম্ভ কৰে। তদন্তত প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড়ৰ বগীবিলত ৬০ বিঘা, নগাঁৱৰ বেবেজিয়াত ১৪ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য লাভ কৰে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখাত ৯২ টা একাউন্ট থকাৰো তথ্য বি আই ই অ’ৱে লাভ কৰিছে। এই সকলোবোৰ ইতিমধ্যে জব্দ কৰা হৈছে।

বি আই ই অ’ৱে উক্ত গোচৰৰ ভিত্তিতে চাৰিমাহ পূৰ্বে ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বয়ম্ভু মুখ্য পৰিচালন সঞ্চালক প্ৰবীন কুমাৰ ৰহিলা, ডুমডুমা শাখাৰ প্ৰৱন্ধক সতীশ সতীশ প্ৰসাদ আৰু গুৱাহাটীৰ মালিগাঁৱৰ এজেন্ট প্ৰমোদ দাসক গ্ৰেপ্তাৰ কৰে। আটাইকেইজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে যদিও ৰহিলাক বাদ দি বাকী দুজনে জামিনত মুকলি হয়। উক্ত গোচৰতে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মহেশ্বৰ ৰাওক  শনিবাৰে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হয়। বাকী পলাতক অভিযুক্ত কেইজনৰ সন্ধানতো অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd