• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ স্পৰ্শকাতৰ কেন্দ্ৰসমূহ চিনাক্ত কৰাৰ লগতে অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে : ডিজিপি

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
June 13, 2018 7:30 pm
DGP , Assam Police Kuladhar Saikia

File Photo

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মাহৰ শেষত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ সময়তে ৰাজ্যখনত ধৰ্মীয় মৌলবাদী শক্তিয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰা সম্পৰ্কত চোৰাংচোৱাৰ হাতত কোনো তথ্য থকাৰ কথা অস্বীকাৰ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আজি দৰং, ওদালগুৰি আৰু শোণিতপুৰ এই তিনিখন জিলাত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ লগতে খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ’ব পৰা সুৰক্ষাজনিত পৰিস্থিতি সম্পৰ্কত মঙলদৈত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰাখে।

Apply Now

চোৰাংচোৱা সূত্ৰসমূহে বাংলাদেশ আৰু কেৰালাৰ লগত সম্পৰ্ক থকা ধৰ্মীয় মৌলবাদী শক্তিয়ে এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে সাজু হৈ থকা স্থানসমূহ ভিতৰত অতি স্পৰ্শকাতৰ হিচাপে খাৰুপেটীয়াক চিনাক্ত কৰা বুলি একাংশ অসমীয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত ডিজিপি শইকীয়াই চোৰাংচোৱা সূত্ৰৰ পৰা তেনে কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰে।

তেওঁ লগতে নিশ্চিত খৱৰ লাভ কৰাৰ বাবে মানৱ চোৰাংচোৱা আৰু কাৰিকৰী চোৰাংচোৱা দুয়োটা প্ৰক্ৰিয়াৰে ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘’ আমি তেনে কোনো বিশেষ প্ৰতিবেদন লাভ কৰা নাই আৰু আমি মানৱ চোৰাংচোৱাৰ লগতে কাৰিকৰী চোৰাংচোৱাৰ জৰিয়তে কেনেকৈ প্ৰকৃত তথ্য সংগ্ৰহ কৰিব পাৰি তাৰ পৰিকল্পনা কৰিছো,’’-তেওঁ ব্যক্ত কৰে।

ৰাজ্যৰ আৰক্ষীৰ মুৰব্বীগৰাকীয়ে লগতে নিশ্চিত কৰে যে অৰ্দ্ধ সামৰিক বাহিনীৰ সহযোগত এতিয়ালৈকে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাসমূহ সন্তোষজনক আৰু আইন-শৃংখলাজনিত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সাজু।

‘’ সংশ্লিষ্ট জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলে স্পৰ্শকাতৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহ যথোপযুক্তভাৱে চিনাক্ত কৰিছে আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি অতিৰিক্ত বাহিনী সাজু ৰখা হৈছে। আমি এন আৰ চি প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণভাৱে সাজু আছো,’’-ডিজিপি শইকীয়াই লগতে জানিবলৈ দিয়ে।

দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ ৰুদ্ধদ্ধাৰ বৈঠকত সভাপতিত্ব কৰে ৰাজ্যখনৰ মুখ্য সচিব টি ৱাই দাসে আৰু বৈঠকত অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ, সংশ্লিষ্ট জিলাকেইখনৰ আৰক্ষী অধীক্ষককেইজন, সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd