অসমীয়া চলচ্চিত্ৰৰ ৰূপকাৰৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল সংৰক্ষণৰ দাবী তুলিছে নগাঁৱৰ সচেতন-সংস্কৃতিপ্ৰেমী লোকে।
কালি নগাঁও ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই দাবী তুলি চলচ্চিত্ৰ পৰিচালক পাৰ্থজিত বৰুৱাই কয়— অসমীয়া জাতিৰ ঐতিহ্য বহনকাৰী নগাঁৱৰ এই জয়শ্ৰী চিনেমা হলৰ নিৰ্মাণকাৰ্য জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৮ চনত কৰিছিল। ইয়াতেই ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ‘ইন্দ্ৰমালতী’ৰ প্ৰদৰ্শন হৈছিল।
সম্প্ৰতি বন্ধ হৈ থকা এই চিনেমা হলটো সংৰক্ষণ কৰিবলৈ সমগ্র ৰাজ্যত জনমত গঠন কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি পাৰ্থজিত বৰুৱাই কয়— ‘চলচ্চিত্ৰ গৃহটো সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু অসম চৰকাৰক ব্যৱস্থা ল’বলৈ আমি আহ্বান জনাইছো। আমি আশা ৰাখিছোঁ চৰকাৰে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব’।
উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰৰ বহু স্মৃতি বিজড়িত এই চিনেমা হলটো উপেক্ষিত হৈ আছে। চৰকাৰে ইয়াক কেতিয়াবাই সংৰক্ষণ কৰিব লাগিছিল যদিও আজি পৰ্যন্ত সংৰক্ষণ নকৰাটো জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে।
সংবাদমেলত বৰুৱাই চিনেমা হলটো সংৰক্ষণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সকলো সম্পদৰ লগতে অসমৰ পুৰোধা ব্যক্তিসকলৰ স্মৃতি বিজড়িত সম্পদসমূহ সংৰক্ষণ কৰি ইয়াক সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনায়।
সংবাদ মেলখনত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সমাজকৰ্মী মুকুট ভূঞা, পুনিৰাম শইকীয়া, ডাঃ আকাশী হাজৰিকা, সাহিত্য সভাৰ পাৰভেজ আনোৱাৰ আদিয়ে অংশগ্ৰহণ কৰি ঐতিহ্যবাহী এই চিনেমা হলটো সংৰক্ষণ কৰি ঐতিহ্য ভৱন হিচাপে গঢ়ি তুলিবলৈ স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক আহ্বান জনায়।