• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰুগীয়া দেহাৰে মাজুলীৰ শিক্ষক মোহন চন্দ্ৰ দাসে তাঁতশালত বৈ উলিয়ালে সচিত্ৰ ভাগৱত

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 2, 2018 12:38 pm
majuli gamocha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনত দুৰ্বাৰ হেপাহ থাকিলে শৰীৰে কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলীৰ এজন শিক্ষকে। মাজুলী বেঙেনাআটীৰ বাসিন্দা মোহন চন্দ্ৰ দাসে ১৭ মাহত তাঁতশালত বৈ উলিয়ালে ১২ হাত দৈৰ্ঘ্যৰ সচিত্ৰ ভাগৱত ।

উল্লেখযোগ্য যে দিনত বিদ্যালয়লৈ যোৱাৰ বিপৰীতে ৰাতি ৰাতি তাঁতশালত সুন্দৰ আৰু নিখুঁতভাৱে বৈ উলিয়াইছে ১২ স্কন্ধ ভাগৱতৰ আৰ্হিত ১২ হাত দৈৰ্ঘ্যৰ সচিত্ৰ ভাগৱত বস্ত্ৰখন। এই বস্ত্ৰখনত উল্লেখ আছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মহাৰাসলৈকে।

Apply Now

এই বস্ত্ৰখনত এক জীৱন্ত ৰূপত প্ৰকাশ পাইছে শ্ৰীকৃষ্ণৰ লীলা। এজন পুৰুষে এই অসাধাৰণ কাম সম্ভৱ কৰা কাৰ্যত সকলোৱে শুভেচ্ছা প্ৰদান কৰিছে।

স্মৰ্তব্য যে বৰ্তমান পেচাত শিক্ষক মোহন চন্দ্ৰ দাসে নিজৰ ১০ বছৰ বয়সৰ পৰাই এনেদৰে তাঁতশালত কাম কৰি আহিছে। টঙালী, গামোচা, নগাচাল, পাত মুগাৰ চোলা, মেখেলা-চাদৰ আদি বিবিধ বস্ত্ৰ সুন্দৰকৈ বৈ আহিছে।

65c2f9c3-006c-4b9f-b715-bcf6c7901d09

মাজুলীৰ বিশিষ্ট মুখা শিল্পী ডঃ হেমচন্দ্ৰ গোস্বামীৰ অনুপ্ৰেৰণা তথা অজস্ৰজনে আগ বঢ়োৱা মনোবলকে সাৰথি কৰি এই অসাধাৰণ কাম কৰি উলিয়াবলৈ সক্ষম হ’ল মোহন চন্দ্ৰ দাসে । তেওঁ এই সচিত্ৰ ভাগৱতখন বৈ থাকোতেই জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। মোহন দাসৰ এই বিৰল কৰ্মই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এই বস্ত্ৰভাগ অসম চৰকাৰে বিচাৰিলে শংকৰদেৱ কলা ক্ষেত্ৰত প্ৰদান কৰাৰ কথা উল্লেখ কৰি শিল্পী মোহন দাসে কয় যে ভবিষ্যতে স্বাস্থ্য ভালে থাকিলে এই তাঁতশালতে বৃন্দাবনী বস্ত্ৰও তৈয়াৰ কৰিব।

উল্লেখযোগ্য যে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত শিল্পী মোহন দাস ২ মাহ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰিছে। দেহত দুৰাৰোগ্য ৰোগ লৈ শিক্ষকতা আৰু বয়ন শিল্প দুয়োতাই আগবঢ়াই নিয়া শিল্পী মোহন দাসৰ সু-স্বাস্থ্য কামনা কৰি ভৱিষ্যতেও এনেধৰণৰ কাম কৰি যোৱাৰ বাবে শুভেচ্ছা প্ৰদান কৰে মাজুলীবাসীয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd