অগ্নিকাণ্ডই ভোগালীৰ আনন্দৰ মাজতে বিষাদ দিলে পেঙেৰীৰ নগাপথাৰ গাৱঁবাসীক

মাঘবিহুৰ আনন্দত গোটেই ৰাজ্যবাসী ডুব গৈ থকাৰ সময়তে তিনিচুকীয়া জিলাৰ পেঙেৰীৰ নগাপথাৰ গাৱঁত আজি পুৱতি নিশা এটা অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৱে অঞ্চলটোত বিহুৰ উৎসাহ ম্লান পেলোৱাৰ লগতে বহু কেইলাখ টকাৰ ক্ষতি কৰে।
এটা সূত্ৰই এন ই নাওক জনোৱা মতে নিশাৰ প্ৰায় ৩ বজাত হোৱা অগ্নিকাণ্ডটোত ক্ৰমে পুষ্প গগৈ, ধৰ্মেশ্বৰ বৰুৱা আৰু বিষ্ণু গগৈৰ তিনিখন দোকান ভষ্মীভূত হয়।
অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ই কোনো দুৰ্বৃত্তৰ কাম হ’ব পাৰে বুলি স্থানীয় লোকে সন্দেহ কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে, ইয়াৰ গেলামালৰ দোকানখনত পূৰ্বে কেইবা বাৰো চোৰে চুৰ কৰাৰ প্ৰয়াস কৰাৰ তথ্য আছে। আনহাতে আজি বিহুৰ আনন্দত মানুহবোৰ ব্যস্ত তথা আত্মহাৰা হৈ থকাৰ সুযোগ এনেকুৱা দুষ্কৃতিকাৰীয়ে লোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে সূত্ৰটোৱে।
পেঙেৰী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপনীত হৈ ঘটনাৰ বুজ লৈছে। আৰক্ষীয়ে ক্ষয়-ক্ষতিৰ তথ্য সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।