• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই ভাৰা বৃদ্ধি হ’ব পাৰে সকলো ব্যৱসায়িক যান-বাহনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 10:03 am
CityBus

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচিৰেই সমগ্ৰ ৰাজ্যত ব্যৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি হ’ব পাৰে। এনে এটা ইংগিত পোৱা গৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ কুচকাৱাজত।

সন্থাটোৱে পে’ট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিত তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই মূল্যবৃদ্ধিয়ে ব্যৱসায়িক যান-বাহনৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলোৱা বুলি জানিবলৈ দিছে। সংগঠনটোৱে পে’ট্ৰল-ডিজেলৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত  চৰকাৰক অনতিপলমে ব্যৱসায়িক যান-বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণ কৰিবলৈ সময়সীমা বান্ধি দিছে বুলি জানিব পৰা গৈছে।

Apply Now

আনকি চলিত মাহৰ ভিতৰত ব্যৱসায়িক যান-বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণ কৰি চৰকাৰে জাননী জাৰি নকৰিলে সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজে ভাৰা বৃদ্ধি কৰিব বুলি সকীয়াই দিছে।

এই পৰিপ্ৰেক্ষিতত অচিৰেই সকলো ব্যৱসায়িক গাড়ীৰ ভাৰা বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাব নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ দাম। যান-বাহনৰ ভাৰা বৃদ্ধিয়ে যে সৰ্বসাধাৰণকে আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰিব সেয়া খাটাং।

সংগঠনটোৰ সচিব প্ৰধান প্ৰদীপ দাসে সাংবাদিকৰ আগত কয় যে ২০১২ চনৰ ১১ অক্টোৱৰত শেষবাৰৰ বাবে ব্যৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি কৰা হৈছিল। সেই সময়ত প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৫০.৫০ টকা। কিন্তু আজিৰ তাৰিখত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ প্ৰতি লিটাৰত ৭২ টকা।

সেইদৰে মটৰ ব্যৱসায়ীয়ে আদায় দিয়া বীমা ধনৰ পৰিমাণো অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰতিখন আসনৰ বাবত ভৰিব লগীয়া বছৰেকীয়া বীমা কৰ ১৩৮ টকাৰ পৰা ৮০৫ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে ১২ শতাংশ জি এছ টি সংযোগ ঘটাৰ লগতে ২০১২ চনৰ পৰা এতিয়ালৈ পথ কৰ ৩৬ শতাংশ, বেটাৰিৰ মূল্য ৫৪ শতাংশ আৰু টায়াৰৰ মূল্য ৬০ শতাংশ বৃদ্ধি হৈছে। ইয়াৰ উপৰি ফিটনেছ মাচুল, অনুজ্ঞা পত্ৰ মাচুল আদি সময়ে সময়ে বৃদ্ধি পাই গৈ আছে।

লগতে তেওঁ কয়, বিগত ছয় বছৰ কাল ধৰি ব্যাৱসায়িক যান-বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণ কৰা হোৱা নাছিল। কিন্তু যিহেতু এতিয়া পেট্ৰল, ডিজেলৰ মূল্য অস্বাভাৱিক গতিত বৃদ্ধি পোৱাৰ পিছত চৰকাৰে ব্যাৱসায়িক যান-বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণ নকৰিলে সংগঠনটোৱে নিজেই ভাৰা বঢ়োৱাৰ বাদে উপায় নাথাকিব।

যদি চৰকাৰে চলিত মাহৰ ভিতৰত ভাৰা পুনৰ নিৰ্ধাৰণ নকৰে তেন্তে সকলো ধৰণৰ ব্যাৱসায়িক যান-বাহনৰ চলাচল বন্ধ ৰখাৰ ভাবুকি দিয়ে সংস্থাটোৱে। এই বিষয়ত সদৌ অসম মটৰ পৰিবহণ সংস্থাই চিঠি নং এ এ এম টি এ /৩ / ২০৪২ /১৪ মৰ্মে ২০১৭ চনৰ ৬ জুলাই আৰু চিঠি নং এ এ এম টি এ /৩ / ২০৪৪ /১৮ মৰ্মে চলিত বৰ্ষৰ ৫ জানুৱাৰিত ব্যাৱসায়িক যান-বাহনৰ ভাৰা পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিল বুলি সচিব প্ৰধানজনে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd