• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

অমিত শ্বাহৰ নিৰ্দেশ : অসমত কিমান মসৃণ বিজেপিৰ পথ?

NE NOW NEWS ভাস্কৰজ্যোতি বৰা
গুৱাহাটী , June 21, 2018 5:09 pm

4 min read

amit-shah-in-guwahati
113
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৮ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অসমলৈ আহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি দলটোৰ ৰাজ্যিক নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠক সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষভাৱে তাৎপৰ্য্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

দেশজুৰি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে। শেহতীয়া ৰাজনৈতিক গতি-বিধিয়ে স্পষ্ট ইংগিত দিছে যে- মোদী চৰকাৰৰ জনপ্ৰিয়তা দ্ৰুতগতিত হ্ৰাস পাইছে আৰু বহু দিশৰপৰা প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। কোনোটো জনমত সমীক্ষাই ভাল খবৰ অনা নাই বিজেপিলৈ। বিভিন্ন ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে বৰ্তমান বিজেপিৰ জনপ্ৰিয়তা কিমান।

এইবাৰ বিজেপিয়ে উত্তৰ-পূবৰ লোকসভা আসনৰ ওপৰত বিশেষ চকু ৰাখিছে। সেইবাবে অমিত শ্বাহে অসমৰ ১৪টা লোকসভা সমষ্টিত বিজেপিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ ল’বলৈ ৰাজ্যিক নেতৃত্বক নিৰ্দেশ দিছে। আন ৰাজ্যত হেৰুওৱা আসনৰ বিপৰীতে উত্তৰ-পূবৰ পৰা যাতে ২০১৪ত কৈ বেছি আসন নিব পাৰে তাৰ চেষ্টা অমিত শ্বাহৰ। সেইবাবে অমিত শ্বাহে আটাইকেইটা লোকসভা সমষ্টিতেই সদস্যভৰ্তি প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। ১৪টা সমষ্টিত তাৰবাবে নিৰ্দিষ্ট ব্যক্তিক দায়িত্ব অৰ্পন কৰিছে। ভিতৰুৱাকৈ পোৱা খবৰ অনুসৰি বৰ্তমানৰ সদস্য ভৰ্তিৰ হাৰক লৈ সন্তুষ্ট নহয় ৰাষ্ট্ৰীয় সভাপতিগৰাকী। অসমত দলটোৰ গণভিত্তি বৰ্তমান যথেষ্ট শক্তিশালী। কিন্তু নিৰ্বাচনত জয়লাভৰ বাবে আশ্বস্ত হ’ব পৰাকৈ সদস্যভৰ্তি অভিযান চলাব বিচাৰিছে। বিজেপিৰ সমৰ্থন ভেটি শক্তিশালী যদিও, শেহতীয়াকৈ মোদী চৰকাৰৰ লগতে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত বলিবলৈ ধৰিছে অধিষ্ঠান বিৰোধী বতাহ। সেইবাবে দলটোৱে অসমত কিছু পৰিমাণে হ’লেও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু লোকসভা নিৰ্বাচন যিমানেই চমু চাপি আহিব, সিমানেই এই বতাহ অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু তৎসত্ত্বেও অসমত বিজেপি যথেষ্ট সুবিধাজনক স্থিতিত আছে। বৰ্তমান বিজেপিৰ দখলত থকা ৭টা লোকসভা সমষ্টিত বিৰোধী কংগ্ৰেছে বিশেষ শক্তি সঞ্চয় কৰিব পৰা নাই। কংগ্ৰেছৰ সাংগঠনিক তৎপৰতাও নাই। অসমৰ প্ৰেক্ষাপটত বিজেপিয়ে সমৰ্থন হেৰুওৱাৰ যি প্ৰধান সম্ভাৱনা আহিছে সেয়া হৈছে- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিবাদ। কিন্তু সূক্ষ্মভাৱে নিৰ্বাচনী ৰাজনীতি পৰ্যবেক্ষণ কৰা সকলো পৰ্যবেক্ষকেই ভালদৰে জানে যে- কেতিয়াবা বাস্তৱত বহিঃপ্ৰকাশ ঘটা জনসাধাৰণৰ ক্ষোভ ভোটলৈ পৰিৱৰ্তন নহ’বও পাৰে। সেই দিশৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাই নিৰ্বাচনত বিজেপিক কিমান দূৰ বিপদত পেলাব পাৰে সেয়া এতিয়াও স্পষ্ট নহয়। অৱশ্যে কিছু ক্ষতি কৰিব সেয়া নিশ্চিত।

বিৰোধীৰ অৰ্থাৎ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ এই ক্ষেত্ৰত দোদুল্যমান স্থিতি বিজেপিৰ বাবে সুবিধাজনক হৈ আছে। অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত কংগ্ৰেছ এতিয়াও শক্তিশালী ৰূপত আহিব পৰা নাই। লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী কংগ্ৰেছেই। ধুবুৰী, বৰপেটা, কৰিমগঞ্জতহে এ আই ইউ ডি এফ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ব পাৰে। অৱশ্যে এই তিনিওটা সমষ্টিত এ আই ইউ ডি এফৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। দলটোৰ প্ৰতি মোহভংগ হৈ বহু সংখ্যক সংখ্যালঘু লোক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে।

বিজেপিয়ে পৃষ্ঠাপ্ৰমুখ নিযুক্তিৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী কচৰত। এক কেডাৰভিত্তিক দল হিচাপে বিজেপিৰ সুকীয়া পৰিচয় আছে। আৰু ইয়াক তৃণমূল পৰ্যায়ৰ পৰাই গঢ়ি তোলে। অসমত সেই সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিৰ্দেশ আহিছে অমিত শ্বাহৰ পৰা।

কিন্তু ৰাজ্যিক বিজেপিৰ সমস্যাও আছে। বৰ্তমান নতুনকৈ সদস্য ভৰ্তিৰ বাবে অসমত বিজেপিৰ কোনো নতুন শ্ল’গান বা প্ৰতিশ্ৰুতি নাই। বৰঞ্চ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে কাম কৰি সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ। মোদী চৰকাৰৰ অৰ্থনৈতিক নীতিয়ে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তোলাৰ সময়ত অসমত ঘৰে ঘৰে সদস্যভৰ্তি অভিযান চলোৱা সহজ নহয়। দৈনন্দিন জীৱনৰ জটিলতাই মোদী চৰকাৰৰ বিৰুদ্ধে মানুহক ক্ষুব্ধ কৰি তুলিছে। ভোটদানৰ সময়ত ৰাষ্ট্ৰীয় ইচ্যু, জাতীয় ইচ্যু সকলো ভোটাৰৰ বাবে বিবেচ্য নহয়। ভোটদানৰ ধাৰাই এই কথা প্ৰমাণ কৰি আহিছে।

সাধাৰণ ভোটাৰৰ বাবে তেওঁলোকৰ জীৱন-যাপন অতিকৈ গুৰুত্বপূৰ্ণ। যি দলে জীয়াই থকাৰ ন্যূনতম সা-সুবিধা দিব সেই দলকেই ভোট দিব বিচাৰে। এইফালৰ পৰা বৰ্তমান বিজেপিয়ে সাধাৰণ লোকক নিৰাশ কৰিছে। মোদীৰ কৰ্পৰে’ট অনুকূল নীতিয়ে সাধাৰণ ভাৰতীয়ৰ জীয়াই থকাৰ সপোনো থান-বান কৰিছে। অসমৰ গাঁৱে-চহৰেও একেই ছবি। এই প্ৰেক্ষাপটত ৰাজ্যিক বিজেপিয়ে আটাইকেইটা লোকসভা সমষ্টিত কেনেদৰে সদস্যভৰ্তি অভিযান দ্ৰুত কৰিব? কি কৌশল অৱলম্বন কৰিব তেওঁলোকে? আকৌ মেৰু বিভাজনৰ চেষ্টাৰ বাহিৰে বিজেপিৰ হাতত এতিয়া একো অস্ত্ৰ নাই। অসমৰ দৰে বহুত্ববাদী সমাজ এখনত মেৰু বিভাজনেই এটা দলক শক্তিশালী কৰিব নোৱাৰে। কিছুদূৰ পাৰিব। সেয়া ২০১৬ৰ বিধানসভা নিৰ্বাচনে প্ৰমাণ কৰিছে।

কিন্তু কেৱল মেৰু বিভাজনত নিৰ্ভৰ কৰিয়েই আগবাঢ়িব নোৱাৰে বিজেপি। তেনেহ’লে কি কাৰ্যসূচী গ্ৰহণ কৰিব দলটোৱে? নিৰ্বাচনী যুঁজৰ পাকৈত নেতা হিমন্ত বিশ্ব শৰ্মাই কি কৌশল ল’ব? লক্ষণীয় হৈ পৰিছে এই সকলোবোৰ দিশ।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল ঠিকনা : [email protected])

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd