• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অশোক কাগজ কল চৌহদত স্থাপন কৰা হ’ব সংহত অৰ্থনৈতিক মণ্ডল: চন্দ্ৰমোহন পাটোৱাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2018 7:30 am

2 min read

Chandra Mohan Patowary File Photo

চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ছবি।

286
VIEWS
Share on FacebookShare on Twitter

নামনি অসমত উদ্যোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁৱৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ঔদ্যোগিক কৰিডৰ স্থাপন কৰিব। সোমবাৰে বিধানসভাৰ শুণ্যকালীন সময়ত এই কথা কয় ৰাজ্যৰ উদ্যোগ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

ইয়াৰ উপৰি কালি সদনত কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে উত্থাপন কৰা অশোক কাগজ কল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তেওঁৰ উত্তৰত কয় যে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কলটো পুনৰুজ্জীৱিত কৰি তোলাৰ বাবে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও ইয়াক ফলপ্ৰসু কৰাত ব্যৰ্থ হয়। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষজ্ঞৰ দলে কলটো সন্দৰ্ভত অভ্যয়ন চলাই কৈছিল যে অশোক কাগজ কল পুনৰুজ্জীৱিত কৰাটো কাৰিকৰী তথা অৰ্থনৈতিকভাবে লাভান্বিত নহয়।

বিশেষক্ষৰ সেই প্ৰতিবেদনৰ পিছতে এতিয়া ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে। আমি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কলটোৰ চৌহদত সংহত অৰ্থনৈতিক মণ্ডল প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মণ্ডলৰ নাম অশোক কাগজ কলৰ নামেৰে নামাকৰণ কৰা হ’ব।

আনহাতে এই সন্দৰ্ভতে মন্ত্ৰীজনে আৰু কয় যে নতুনকৈ স্থাপন হ’বলগীয়া মণ্ডলটোত চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ যৌথ প্ৰচেষ্টাত ৬৫০০ কোটি টকা বিনিয়োগ কৰা হ’ব। মণ্ডলটোত এটা নতুনকৈ কাগজ কল, অট’ম’বাইল হাব, তথ্য প্ৰযুক্তি হাব, আৰু ঔদ্যোগিক পাম স্থাপন কৰিব বুলি সংসদত জানিবলৈ দিয়ে বিভাগীয় মন্ত্ৰীজনে।

লক্ষ্যণীয় যে আব্দুল খালেকে বিষয়টো উত্থাপন কৰি কয় যে নামনি অসমত বঙাইগাঁও তেল শোধনাগাৰৰ বাহিৰে আন কোনো উদ্যোগ নাই। যিমানবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিল সেইসকল ইতিমধ্যে নিষ্ক্ৰিয় হৈ পৰিছে। সেয়েহে চৰকাৰে অশোক কাগজ কল পুনৰুজ্জীৱিত কৰাটো নামনি অসমৰ বাবে অতিশয় প্ৰয়োজনীয়।

Recent News

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

Priyanka-Gandhi-750x375

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্য মন্দিৰলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd