• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমত ইংৰাজী শিক্ষা : আপদ নে আৱশ্যক?

শিৱজিত দত্ত by শিৱজিত দত্ত
June 27, 2018 2:24 pm
learn-English
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটিছ ঔপনিৱেশিক যুগৰ হেং-অ’ভাৰ হিচাপে আমাৰ মাজত, বিশেষকৈ অসমীয়া সমাজত, এনে এক ধাৰণা সবল ৰূপত বিৰাজি থাকিল যে ইংৰাজী ভাষা-শিক্ষা অবিহনে আমাৰ বিদ্যা-শিক্ষা নিৰৰ্থক; ইংৰাজীৰ আটিল জ্ঞান বিনে আমাৰ সমাজ অগ্ৰসৰ হ’ব নোৱাৰে আৰু শিক্ষিত হিচাপে আমাৰ ব্যক্তিগত আত্মবিশ্বাসৰো ইংৰাজীয়েই আধাৰ। বিশ্বৰ অনেক আগশাৰীৰ সমাজলৈ চকু দিলে এই ধাৰণা ভিত্তিহীন আৰু ভ্ৰমাত্মক বুলি বুজিব পাৰি।

ইংৰাজী ভাষা-জ্ঞানত গড় হিচাপে ভাৰতীয় মানুহ চীনা মানুহতকৈ আগ বঢ়া। কিন্তু, বিজ্ঞান-প্ৰযুক্তি-অৰ্থনীতিত চীনে আমাক পিছ পেলাই বহুদূৰ আগুৱাই গৈছে। ফ্ৰান্স, স্পেইন, নেদাৰলেণ্ডছ আদি উন্নত ইউৰোপীয় দেশতো ইংৰাজীৰ প্ৰচলন বেচ সীমিত। সংক্ষেপে, এক বিশেষ ভাষাত দক্ষতাৰ জৰিয়তে এটা জাতি আগ নাবাঢ়ে;  বিজ্ঞান-প্ৰযুক্তিকে ধৰি জ্ঞানৰ বিভিন্ন শাখাৰ দখল আৰু ক্ৰমাগত সৃষ্টিশীল প্ৰগতিৰ যোগেদিহে জাতিৰ অগ্ৰগতি নিশ্চিত হয়।

Apply Now

তেনে জ্ঞানৰ কৰ্ষণৰ দিশত আমাৰ বাবে ইংৰাজী সহায়কো, বাধাও। অসমীয়াৰ দৰে প্ৰান্তীয় ভাষাত যিহেতু জ্ঞানৰ ভিন ভিন শাখাৰ উন্নত মানৰ পুথি-পাঁজি তেনেই তাকৰ, আৰু যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্তত আৱিষ্কৃত আৰু নিৰ্মিত জ্ঞান ইংৰাজীত সহজে উপলব্ধ, সেয়ে আমাৰ সমকালীন সমাজৰ পৰিপ্ৰেক্ষিতত জ্ঞানাৰ্জনৰ বাটত ইংৰাজী আমাৰ বাবে এৰাব নোৱৰা আহিলা। কিন্তু, একে সময়তে ইংৰাজীৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই জাতি হিচাপে আমাক পৰনিৰ্ভৰশীল আৰু পৰমুখাপেক্ষীৰূপে গঢ়ি তুলিছে;  মাতৃভাষাত পুথি-পাজি নৰচি আমি তাক দুৰ্বল, দুখীয়া, গুৰুত্বহীন আৰু সকলোৰে কেৰেপৰ অযোগ্য হ’বলৈ এৰি দিছোঁ।

মাতৃভাষাতে সকলো শাখাৰ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব পৰা পৰিস্থিতি থকা হ’লে ইংৰাজী শিকাৰ নামত এটা জাতি হিচাপে আমি বিপুল পৰিমাণৰ সময়-শক্তি ৰাহি কৰি তাক বিজ্ঞান-প্ৰযুক্তি আদিৰ চৰ্চাত প্ৰয়োগ কৰিব পাৰিলো হেঁতেন। যিবোৰ জাতিৰ মাতৃভাষা ইংৰাজী তেওঁলোক আমাতকৈ এই ক্ষেত্ৰত সুবিধাজনক অৱস্থাত আছে। এটা বিদেশী ভাষা শিকাৰ নামত আমি যিমান সময় লগাইছো, সেয়া তেওঁলোকে জ্ঞান চৰ্চাত লগাব পাৰিছে। ঔপনিৱেশিক চিন্তাৰ হেঁচাত আমাৰ ইয়াত ইংৰাজী ভাষাত দখলেই জ্ঞানৰ নামান্তৰ হৈ পৰিছে! আমাৰ বহু শিক্ষিত ব্যক্তিয়ে ইংৰাজী জানে কিন্তু গণিত, বিজ্ঞান, বুৰঞ্জী, ভূগোল, অৰ্থনীতি, ৰাজনীতিৰ তলা-মূধা নাপায়। কোৱা বাহুল্য যে সমাজৰ অগ্ৰগতিত বৰঙনি দিবলৈ এনে ব্যক্তি সাধাৰণতে অপাৰগ হয়।

চৌপাশৰ জগতখনক আৰু সমাজখনক আমাৰ উপলব্ধিৰ মাজলৈ আনিবলৈ আৰু তাৰ সৈতে সাৰ্থক যোগাযোগ কৰিবলৈ আমাক ন্যূনতম এটা ভাষাৰ প্ৰয়োজন। এই উপলব্ধি আৰু যোগাযোগেই একোজন ব্যক্তিৰ ভৱিষ্যত মৌলিকতা আৰু সৃজনীশীলতাৰ বুনিয়াদ। সেয়ে শিক্ষাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত অন্ততঃ এটা ভাষাত আমাৰ ব্যুৎপত্তি নিশ্চিত হ’ব লাগে। কিন্তু, মাতৃভাষাক কাষৰীয়া কৰি এক বিদেশী ভাষাক যদি সাৰথি কৰা হয়, তেন্তে উল্লেখিত স্বাভাৱিক প্ৰক্ৰিয়াটো ব্যাহত হয়। মাতৃভাষাৰ যোগেদি জীৱন-জগত-সমাজৰ সৈতে, ইবোৰৰ লগত সংলগ্ন অনেক দিশ আৰু ধাৰণাবোৰৰ সৈতে অন্তৰংগ আৰু সুগভীৰ যোগাযোগ সুনিশ্চিত নৌ হওঁতেই যদি এক বিদেশী ভাষাৰ শব্দ আৰু প্ৰকাশভংগীয়ে ওপৰা-উপৰি লগায়, তেন্তে সি এক সমৃদ্ধ মন গঢ় লৈ উঠাত যে বাধা দিব- সেয়া একপ্ৰকাৰ খাটাং। সেয়ে আমাৰ ভাষাত পুথি-পাঁজিৰ অভাৱৰ সুবাদত উচ্চশিক্ষাৰ বাবে যদিও আমি ইংৰাজীৰ আলম ল’ব লাগিব, তথাপি প্ৰাথমিক শিক্ষাৰ মাধ্যম যে মাতৃভাষা হোৱা উচিত, সেইকথা বিতৰ্কাতীত।

যা হওক, আমাৰ সমাজ-ইতিহাসৰ বৰ্তমানৰ পৰ্বত সাধাৰণভাৱে আমি ইংৰাজীক এৰি চলিব নোৱাৰোঁ। আমাৰ মাতৃভাষা অসমীয়াক বিকশিত কৰাৰ গুৰুদায়িত্ব আমাৰ আছে;  কিন্তু সি পৰ্যাপ্তভাৱে ঐশ্বৰ্যশালী হৈ নুঠা পৰ্যন্ত আমি ইংৰাজীক আহিলা হিচাপে ল’বই লাগিব। সেয়ে ইংৰাজী কেনেকৈ শিকিম অথবা ইয়াক শিকাৰ ক্ষেত্ৰত কোনবোৰ হেঙাৰ আমি আতৰাব লাগিব- সেইবিষয়ে থোৰতে আলোচনা কৰিব ওলাইছোঁ।

ইংৰাজী শিকাৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান বাধা হ’ল তাৰ প্ৰতি এক ঔপনিলেশিক সম্ভ্ৰম বা ভয়ৰ ভাৱ। ঘাইকৈ মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰী ইয়াৰ চিকাৰ হয়।  বড়ো বা কাৰ্বি ভাষা শিকিব লগা হ’লে আমি সেই ভাষা নজনা সকলে নিশ্চয় তেনে এক ভয় অনুভৱ নকৰিম। এই ভয়ৰ বাবে ইংৰাজীক আমি লগাতকৈ বেছি গুৰুত্ব দিওঁ আৰু আমাৰ দৰে সাধাৰণ নৰ-মনিচৰ বাবে এক দুৰ্লভ বস্তু বুলি জ্ঞান কৰোঁ। এই অহেতুক ভয় আমি জয় কৰিব লাগিব। এই ভয়ৰে জ্ঞাতি-ভাই হৈছে ভুল কৰাৰ প্ৰতি এক নীচাত্মিকাপ্ৰসূত ভয়। ঔপনিৱেশিক চেতনাৰ হেঁচাত আমি ইংৰাজীত এনে দেৱত্ব আৰোপ কৰোঁ যে তাত কিবা ভুল হ’লেই যেন মহাভাৰত অশুদ্ধ হৈ পৰিব! অথচ জীৱনৰ সকলো ক্ষেত্ৰতে Trial and Error  (প্ৰয়াস আৰু ভুল) প্ৰক্ৰিয়াৰ মাজেদিয়ে আমি সকলো শিকোঁ। মাতৃভাষাতো আমি ‘তা’, ‘দেতা’ আদি কৈহে এটা সময়ত ‘দেউতা’ উচ্চাৰণ কৰিব পৰা হৈছোঁ।

দ্বিতীয়টো বাধা হৈছে মাতৃভাষাত ব্যুৎপত্তিৰ অভাৱ। সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বাবে এই সমস্যা অধিক। ভাষাবোৰৰ মাজত বিভিন্নতা থকাৰ সমান্তৰালভাৱে কিছুমান সাৰ্বজনীন সামঞ্জস্যও থাকে। উদাহৰণস্বৰূপে, কৰ্তা-কৰ্ম-ক্ৰিয়াৰ সম্পৰ্ক, ইতি-নেতিৰ সম্পৰ্ক, সমাৰ্থকতা, অৰ্থৰ বৈপৰীত্য আদি সকলো ভাষাতে বিদ্যমান। প্ৰসিদ্ধ ভাষাতাত্ত্বিক নৌম চমস্কিয়ে কৈছে যে সকলো ভাষাৰ অন্তৰালত এক ‘সৰ্বজনীন ভাষা’ লুকাই আছে। কাজেই, মাতৃভাষাত যাৰ পোতন বেছি সেইজনে চেষ্টা কৰিলে বিদেশী ভাষাতো তুলনামূলকভাৱে কম আয়াসতে ব্যুৎপত্তি আৰ্জিব পাৰে। মাতৃভাষাৰ মাধ্যমেৰে জীৱন-জগত-সমাজৰ বিপুল-বিচিত্ৰ ধাৰণা আয়ত্ত কৰাজনে বিদেশী ভাষাতো উক্ত ধাৰণাবোৰৰ সৈতে সংলগ্ন প্ৰকাশভংগিবোৰ সহজে আয়ত্ত কৰিব। কিন্তু, আৰম্ভণিৰেপৰা বিদেশী ভাষাত পঢ়া-শুনা কৰাজনৰ ধাৰণাগত দিশটো তুলনামূলকভাৱে দুৰ্বল হৈ থকাৰ আৰু তাৰ ফলত বিদেশী ভাষাটোতো তেওঁৰ পোতন কিছু উপৰুৱা হৈ থকাৰ সম্ভাৱনা প্ৰবল।  মাতৃভাষাৰ প্ৰভাৱেও কিছু বাধাৰ সৃষ্টি কৰে সঁচা, কিন্তু সি সহজেই অতিক্ৰম্য।

তৃতীয়টো বাধা হৈছে ইংৰাজী সুচাৰুৰূপে শিকাব পৰা শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অৱহেলা। মাতৃভাষা আৰু ইংৰাজী ভাষা– দুয়োটাতে ব্যুৎপত্তি নথকা শিক্ষকে ভাল ইংৰাজী শিকাব নোৱাৰে। অসমত ই এক জল-জল পট্-পট্ হৈ থকা সমস্যা।

চতুৰ্থটো বাধা এই যে এটা বিদেশী ভাষা ভালকৈ আয়ত্ত কৰিবলৈ যি চাৰিটা কাৰ্য– পঠন, লিখন, শ্ৰৱণ, কথন –বাৰম্বাৰ কৰি থাকিব লাগে। তাৰবাবে আমাৰ সচেতনতা, ইচ্ছাৰ তীব্ৰতা আৰু পৰিবেশ যথোচিত নহয়। আমি কেঁচুৱা থাকোতে আমাৰ চৌপাশে মা-দেউতা, দাদা, বাই, পেহা-পেহী, মামা-মামী, জেঠা-জেঠী আদিৰ ৰূপত সহস্ৰ শিক্ষকে আমাক অসচেতনভাৱেই ভাষাটো শিকাই আছিল;  একোটা শব্দকে সহস্ৰবাৰ আমাৰ কাণত পেলাই আছিল। তাকো পেলাই আছিল একোটা জীৱন্ত পৰিবেশ সাপেক্ষে। এতিয়া ইংৰাজীৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ বাহিৰত আমাৰ বাবে তেনে সংস্পৰ্শী পৰিৱেশ (exposure) নাই;  ইংৰাজী প্ৰয়োগ কৰিবলৈ তেনে স্বাভাৱিক আৰু জীৱন্ত পৰিবেশ নাই। আমি কৃত্ৰিমভাৱেই আৰু সচেতনভাৱেই তেনে এক সংস্পৰ্শী পৰিৱেশ নিজৰ বাবে তৈয়াৰ কৰি ল’ব লাগিব।

বুজাই-নুবুজাই ইংৰাজী কাকত-আলোচনী, গল্পপুথি আদি পঢ়াৰ, ইংৰাজী চেনেলত বাতৰি শুনাৰ, ইংৰাজী চিনেমা চোৱাৰ, অন্তৰংগ লোকৰ সৈতে ভুলে-চুকে হ’লেও ইংৰাজী কোৱাৰ আৰু পৰাই-নোৱৰাই ইংৰাজীত কিবা-কিবি লিখি থকাৰ অভ্যাস কৰিব লাগিব।

শেষৰটো বাধা হৈছে বিশুদ্ধতাৰ প্ৰতি মোহ। আমাৰ ইয়াত আমাৰ মাজত দুশ বছৰ থাকিও ইংৰাজসকলে আমাৰ ভাষা শুদ্ধকৈ শিকিব নোৱাৰিলে। আমিনো পোন্ধৰ-বিচ বছৰৰ ভিতৰতে তেওঁলোকৰ পৰা দূৰত থাকিয়ে তেওঁলোকৰ ভাষাটো বিশুদ্ধ ৰূপত শিকিব পাৰিম বুলি অযথা ভাবি থাকোঁ কিয়?

লেখক সহকাৰী অধ্যাপক, ডুমডুমা মহাবিদ্যালয়

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd