• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বিৰোধী সুৰক্ষা সংস্থা সমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2018 2:13 pm

2 min read

548472-assam-attack
130
VIEWS
Share on FacebookShare on Twitter

গোটেই অসমতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফছ্পা) প্ৰত্যাহাৰৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্যখনত থকা সুৰক্ষা সংস্থাসমূহে অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱালৈকে আইনখন বলবৎ থকাটো বিচাৰিছে। ৰাষ্ট্ৰীয় বাতৰিকাকত ইক’নমিকছ টাইমছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

অলপতে মেঘালয়ৰ পৰা আফছ্পা প্ৰত্যাহাৰ কৰা হৈছে। অসমতো বিভিন্ন মহলে বৰ্তমান ৰাজ্যখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পোৱালৈ চাই আইনখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। কাকতখনে প্ৰকাশ কৰা অনুসৰি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই কয়, ‘’এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত আফছ্পা চলি থকাৰ কোনো যুক্তিযুক্ততা আমি দেখা নাই। ৩০ জুনৰ পিছত চৰকাৰে অন্তত: আৰক্ষী জিলা কেইখনৰ পৰা আইনখন প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিব পাৰে। সন্ত্ৰাসবাদ অসমৰ পৰা দ্ৰুত গতিত হ্ৰাস পাইছে।

তেওঁ লগতে কয় যে নামনি অসম প্ৰায় উগ্ৰপন্থী মুক্ত হৈছে। ‘’ বি বিদাইৰ নেতৃত্বত এটা সৰু গোট ভূটানত আত্মগোপন কৰি আছে। মধ্য অসমৰ কাৰ্বি আংলঙ অঞ্চলত কিছু বিদ্ৰোহী  গোট সক্ৰিয় হৈ আছে। উজনি অসমত, বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰে লাগি থকা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত আলোচনা বিৰোধী আলফা উগ্ৰপন্থীৰ শক্তিশালী স্থিতি থাকিব পাৰে।‘’

কাকতখনৰ আগত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ ভট্টাচাৰ্যই প্ৰকাশ কৰিছে যে ‘’ আমি এন আৰ চিৰ প্ৰকাশ হোৱালৈকে আফছ্পা বলবৎ হৈ থকাটো বিচাৰিছো। এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত আমি এইটো পুনৰীক্ষণ কৰিম। অলপতে মেঘালয়ত ইয়াক প্ৰত্যাহাৰ কৰা হৈছে আৰু তাৰ পিছত তাত এতিয়ালৈকে কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।‘’

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd