• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত স্থাপন হ’ব ভাৰতৰ দ্বিতীয়খন আঞ্চলিক আভ্যন্তৰীণ নৌচালনাবিদ্যা প্ৰতিষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 18, 2018 2:57 pm

2 min read

regional inland navigation institute

প্ৰতিনিধিত্বমূলক ফটো

156
VIEWS
Share on FacebookShare on Twitter

অসমত অচিৰেই এখন আঞ্চলিক আভ্যন্তৰীণ নৌবিদ্যা প্ৰতিষ্ঠান স্থাপন হ’ব। এই প্ৰতিষ্ঠানটোৱে আভ্যন্তৰীণ জল পৰিবহণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব।

উল্লেখ্য যে অসমত স্থাপন হ’বলগীয়া এই  নৌচালনাবিদ্যা প্ৰতিষ্ঠানটো দেশৰ ভিতৰত এনেধৰণৰ দ্বিতীয়টো প্ৰতিষ্ঠান হ’ব।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক বি বি দেৱ চৌধুৰীয়ে কৈছে যে অসম চৰকাৰে ভূমি চিনাক্ত কৰিব পাৰিলে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানটোলৈ ৫০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ৰাজ্যখনত থকা দুটা ৰাষ্ট্ৰীয় জলপথ আৰু প্ৰস্তাৱিত ১৬টা জলপথৰ কথা বিৱেচনা কৰি এই প্ৰতিষ্ঠানটো এটা আন্তৰ্জাতিক মান বিশিষ্ট প্ৰতিষ্ঠান হোৱাৰ সম্ভাৱনীয়তা আছে।

এই আৱাসিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো প্ৰায় ২০ একৰ ভূমিত স্থাপন কৰা হ’ব। এই প্ৰশিক্ষণ  প্ৰতিষ্ঠানটোত বছৰি প্ৰায় ২০০০ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব।

ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলিত মাহৰ শেষৰ ফালে মাজুলীত ৪খন নতুন আধুনিক জাহাজ চলাচলৰ শুভাৰম্ভ কৰিব। ইয়াৰে দুখন হৈছে ২৮ মিটাৰ দৈৰ্ঘৰ কে’টামাৰে’ন  (catamaran ) শ্রেণীৰ একাধিক খোলযুক্ত জাহাজ। এই জাহাজ দুখনে ৬খন গাড়ীৰ লগতে ১০০ যাত্ৰী বহন কৰিব পাৰিব। প্ৰতিখনত ১.৯ কোটি টকা ব্যয়-সাপেক্ষে এই জাহাজ দুখন নিৰ্মাণ কৰা হৈছে। ‘দ্য আছাম ট্ৰিবিউন’ৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা মতে এই জাহাজকেইখনৰ সম্পূৰ্ণ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিছে।

এটা চৰকাৰী সূত্ৰই জনোৱা মতে অহা মাহৰ ফালে মাজুলীত গাড়ী পাৰাপাৰ কৰা সেৱা (ro-ro servic) আৰম্ভ কৰাৰ সম্ভৱনা আছে।

উল্লেখ্য যে মাজুলীত তিনিটা পাৰঘাটেৰে প্ৰায় ৫,০০০ দ্বীপবাসীয়ে ব্ৰহ্মপুত্ৰ ইপাৰ-সিপাৰ হয়। মাজুলীত বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন জাহাজ পৰিচালনা কৰি আছে আৰু ব্যক্তিগত মালিকৰ পৰিচালনাৰ ৮টা ফেৰী সেৱা আছে।

Recent News

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd