• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব : স্বাস্থ্যমন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2018 9:33 am

2 min read

Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা : ফাইল ফটো

115
VIEWS
Share on FacebookShare on Twitter

অতি সোনকালেই অসমত ১৯ খন নতুন কেন্সাৰ হাস্পাতাল স্থাপন কৰা হ’ব। বুধবাৰে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ উদ্যোগত আৰম্ভ কৰা অটল ‘অমৃত অভিযান: নগদবিহীন ব্যৱস্থাৰ অধীনত চিকিৎসাসেৱাৰ সুবিধা’ আঁচনি মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।

‘’ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ সৈতে সহযোগিতাৰে এই কেন্সাৰ হাস্পাতালসমূহ স্থাপন কৰিব,’’-স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনায়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত টাটা গ্ৰুপটোৱে ঘোষণা কৰিছিল যে ৰাজ্যখনৰ ১৫ খন জিলাত কেন্সাৰ সেৱা স্থাপন কৰিবলৈ তেওঁলোকে অসম চৰকাৰৰ সৈতে এখন চুক্তিত আৱদ্ধ হোৱাৰ প্ৰক্ৰিয়া চলি আছে।

ৰাজ্য চৰাকাৰেও জন্মগত আসোঁৱাহ সমূহত ভূগি থকা শিশুসমূহৰ চিকিৎসাৰ বাবে চিকিৎসা সাহায্য আগবঢ়োৱাৰ এখন নতুন আঁচনি ঘোষণা কৰিছে।

‘’ ৰাজ্যখনত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনৰ সূচনা কৰি অসম চৰকাৰে শীঘ্ৰেই সামৰ্থ আঁচনি মুকলি কৰিব।  ৰূপায়নৰ বাবে এইখন প্ৰায় সম্পূৰ্ণ প্ৰায় পৰ্যায়ত আছে,’’-স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা অৱস্থালৈ লক্ষ্য কৰি সচেতন মহলে আশংকা প্ৰকাশ কৰে যে আঁচনিসমূহ ঘোষণা কৰা বা আৰম্ভ কৰাতকৈয়ো সেইবোৰৰ সঠিক ৰূপায়নহে প্ৰধান লক্ষ্য হোৱা উচিত।

বিগত সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগত আমূল পৰিৱৰ্তনৰ দাবী কৰি অহা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানো ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ ৰাইজে ন্যুনতম চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ অহা দিশত মনোযোগ দিয়া উচিত বুলিও একাংশ সচেতন ব্যক্তিয়ে মত পোষণ কৰে।

 

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd