DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ দৰে ৰাজ্যৰ স্বাৰ্থ সুৰক্ষিত কৰিব কেৱল অগপ দলেহে : প্ৰফুল্ল কুমাৰ মহন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 11:01 am
prafulla-kumar

প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

120
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক নিৰ্বাচন আয়োগে ১৫ ছেপ্তেম্বৰৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বুলি কৰা ঘোষণাৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ ব্যস্ততা হৈ পৰিছে। পিছ পৰি ৰোৱা নাই বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদো।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি এখন সভাত অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ এবাৰ স্পষ্ট ৰূপত প্ৰকাশ কৰি দিয়ে।

নগাঁও জিলা অগপ কাৰ্যালয়ত দেওবাৰে অগপ ৰহা সমষ্টি কমিটীৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। আৰু সেই সভাতে অংশগ্ৰহণ কৰা মহন্তই আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব বুলি স্পষ্ট ৰূপত উল্লেখ কৰি সকলোকে দলৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ দৰে এখন ৰাজ্যৰ সমস্যা সমাধান তথা স্বাৰ্থ সুৰক্ষিত কেৱল আঞ্চলিক দলেহে কৰিব পাৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম গণ পৰিষদ দলে সংগ্ৰাম অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে মহন্তই।

উল্লেখ্য যে কালি অনুষ্ঠিত হৈ যোৱা এই সভাত প্ৰাক্তন মুখ্য মন্ত্ৰীৰ লগতে উপস্থিত থকা লোকসকলে ৰহাত এইমছৰ সলনি টোলগেট স্থাপন কৰা বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায়। সভাত উপস্থিত থকা একাংশই কয় যে বিজেপিৰ চৰকাৰখনে জনসাধাৰণৰ বিপৰীতে গৈ লোৱা সিদ্ধান্তৰ উচিত প্ৰত্যুত্তৰ পাব অহা নিৰ্বাচনত।

এই সভাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, উমেশ দাস, নগাঁও জিলা অগপৰ সভাপতি, সাধাৰণ সম্পাদক, যুৱ পৰিষদৰ নেতৃবৃন্দৰ লগতে ৰহা সমষ্টিৰ সকলো আঞ্চলিকৰে সভাপতি-সম্পাদকসকলে অংশগ্ৰহণ কৰে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd