• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ বিদেশীক লৈ উদ্বিগ্ন কিয় ৰাষ্ট্ৰসংঘ?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
June 24, 2018 4:45 pm
United_Nations
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন আছে। সেই সময়তেই অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ প্ৰেৰণ কৰা পত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত কেবাটাও দিশত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ে। ৰাষ্ট্ৰসংঘই সংখ্যালঘু বিষয়ত বিশেষ সম্পৰ্কৰক্ষী বিষয়া ফাৰ্নান্দ দে’ ভাৰ্নেছ আৰু তিনিগৰাকী বিশেষ সম্পৰ্কৰক্ষী বিষয়াই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ফলশ্ৰুতিত কি হ’ব পাৰে সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।

এন আৰ চিৰ চূড়ান্ত খচৰাৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কি প্ৰশ্ন কৰিছে ভাৰত চৰকাৰক? তাক লৈ অসমত বিভিন্ন মহলত স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই পত্ৰত এন আৰ চিত বাদ পৰা লোকসকলৰ ভৱিষ্যৎ কি হ’ব তাক লৈ প্ৰশ্ন তোলা হৈছে। এন আৰ চিত নাম নথকা লোকসকলক বিতাড়ণ কৰা হ’ব নে তেওঁলোকক ডিটেশ্যন কেম্পত ৰখা হ’ব? তাৰ স্পষ্ট উত্তৰ বিচাৰিছে ভাৰত চৰকাৰৰ পৰা।

Apply Now

এন আৰ চিৰ পৰা বাদ পৰাসকলক বিদেশী হিচাপে ধৰা হ’ব আৰু তেওঁলোকৰ নাগৰিকত্ব কৰ্তন কৰাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে পত্ৰখনত। এইসকল লোকৰ ক্ষেত্ৰত কি কৰা হ’ব এতিয়ালৈকে কেন্দ্ৰ চৰকাৰে একো নীতি গ্ৰহণ নকৰাত আচৰিত হৈছে ৰাষ্ট্ৰসংঘ।

পত্ৰখনত উল্লেখ কৰা হৈছে যে- বাঙালী মুছলমানসকলক অন্যায়ভাৱে নাগৰিকত্বৰ পৰা বঞ্চিত কৰি যাতে ৰাষ্ট্ৰহীন ব্যক্তিলৈ পৰ্যৱসিত কৰা নহয় সেয়া নিশ্চিত কৰিব লাগে। তেওঁলোকৰ মানৱ অধিকাৰ যাতে সুৰক্ষিত হৈ থাকে, তাৰো ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। এই আটাইকেইটা বিষয়তেই ৬০ দিনৰ ভিতৰত ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে।

এতিয়া প্ৰশ্ন হ’ল- আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ আৰু পৰ্যবেক্ষণত প্ৰস্তুত হৈ থকা এন আৰ চিক লৈ কিয় এই উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই?

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত সকলো পক্ষৰে সহমতত এন আৰ চিৰ কাম চলিছে। এন আৰ চিৰ কাম-কাজক লৈ কাৰো দ্বিমত নাই। এন আৰ চিত যাতে এজনো ভাৰতীয় লোকৰ নাম বাদ নপৰে আৰু এজনো বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিছে এন আৰ চি কৰ্তৃপক্ষই। এন আৰ চিৰ দৰে অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত সকলোৱে সংযমী হৈ যুক্তিৰে কথা-বতৰা কৈ আহিছে। এন আৰ চিৰ কাম-কাজক লৈ কিবা প্ৰশ্ন উত্থাপন হ’লে তাক মীমাংসা কৰিছে ন্যায়পালিকাই। কিন্তু তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কিয় এনেদৰে উদ্বেগ প্ৰকাশ কৰিছে?

এই উদ্বেগক লৈ প্ৰশ্ন হৈছে বহুতৰ মনত। বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনে অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটাইছে। বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে এখন শুদ্ধ এন আৰ চিৰ অতি প্ৰয়োজন। আৰু এন আৰ চিক ভিত্তি কৰিয়েই এই সমস্যা সমাধানৰ বাট ওলাব বুলি সকলোৱে বিশ্বাস কৰিছে। কোনো পক্ষই যাতে এন আৰ চিৰ কামত বাধা দিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে উচ্চতম ন্যায়ালয়ে। বৈধ ভাৰতীয় নাগৰিক যাতে কোনোপধ্যেই হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে।

সেই সময়ত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ পৰা অহা পত্ৰৰ আঁৰত কাৰ কি উদ্দেশ্য আছে তাক সন্দেহ কৰিবলগীয়া। বিষয়টো ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়লৈ কোনে নিছে, কি উদ্দেশ্যৰে ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে তাক ভালদৰে বিবেচনা কৰিব লাগিব।

ভাৰতবৰ্ষৰ সম্পূৰ্ণ বিধি ব্যৱস্থাৰ মাজত এন আৰ চিৰ কাম-কাজ চলি আছে। এন আৰ চিত কিমানসংখ্যক লোকৰ নাম বাদ পৰিব তাক কোনেও এতিয়াও ঠাৱৰ কৰিব পৰা নাই। প্ৰথমে সকলোৱে এখন শুদ্ধ এন আৰ চি বিচাৰিছে। আৰু আটাইতকৈ গুৰু্ত্বপূৰ্ণ কথাটো হৈছে- এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ইমানবোৰ ব্যৱস্থা ৰখা হৈছে যে কোনো প্ৰকাৰে বৈধ ভাৰতীয় লোকক আঁতৰাই ৰাখিব পৰা সম্ভৱেই নহয়।

এন আৰ চিক লৈ ন্যস্ত স্বাৰ্থজড়িত মহলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান অপপ্ৰচাৰ চলাই আহিছে। আন্তৰ্জাতিক পৰ্যায়ত ইয়াৰ জৰিয়তে জনমত গঠনৰ চেষ্টা কৰিছে। ই অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ। সেইবাবে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ এই চিঠিৰ ভালদৰে উত্তৰ দিয়াৰ প্ৰয়োজন। দেশৰ নাগৰিকৰ বাবেহে এন আৰ চি কৰা হৈছে তাক বুজাই দিয়াৰ প্ৰয়োজন। অন্যায়ভাৱে কোনো ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰা যে নহয়, সেই কথা স্পষ্ট আৰু দৃঢ়তাৰে কেন্দ্ৰ চৰকাৰে জনাব লাগে।

মানৱ অধিকাৰৰ দোহাই দি অসমক অবৈধ বাংলাদেশীৰ বিচৰণ ভূমি হ’বলৈ দিব নোৱাৰি। নাম কৰ্তন হোৱা লোকসকলৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও শীঘ্ৰে সিদ্ধান্ত ল’ব লাগে। কাৰণ ই অসমৰ বাবে জীৱন-মৰণৰ বিষয়। বিদেশী বহিষ্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কোনো প্ৰাথমিক কাম-কাজ আজিলৈকে চৰকাৰে নল’লে। এতিয়া এন আৰ চিৰ পিছত এই ক্ষেত্ৰত উদ্ভৱ হ’ব অতি জটিল পৰিস্থিতি। এই জটিল পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিবলৈ তৎপৰ অসমৰ খিলঞ্জীয়াবিৰোধী চক্ৰান্তকাৰী লবি। এই চক্ৰৰ ষড়যন্ত্ৰ যাতে আগবাঢ়িব নোৱাৰে তাৰ প্ৰতি সজাগ থাকিব লাগিব সকলো। কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰে দৃঢ়তাৰে খিলঞ্জীয়াবিৰোধী অপশক্তিক প্ৰতিহত কৰা উচিত। অন্যথা অশুভ শক্তিয়ে ৰাজ্যখনত অথন্তৰ ঘটোৱাৰ চেষ্টা কৰিব। সঁচাকৈয়ে বৰ্তমান সময় অতি জটিল। জাতিৰ বাবে সন্ধিক্ষণৰ সময়। আমাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। তাৰবাবে অহৰ্নিশে সজাগতাৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ু্ক্তৰ কাৰ্যালয়ৰ পত্ৰই তাকেই সোঁৱৰাই দিলে।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। লেখকৰ ই মে’ইল [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd