• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ মানুহে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় : অগপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2017 9:46 pm

2 min read

অসমৰ মানুহে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় : অগপ

আজি গুৱাহাটীত অনুষ্ঠিত অগপৰ নাগৰিক সভা।

92
VIEWS
Share on FacebookShare on Twitter

অগপ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই আজি ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত দলটোৰ স্থিতি কি হ’ব তথা অন্যান্য জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰা বিশিষ্ট ব্যক্তিসকলক লৈ এক নাগৰিক সভাৰ আয়োজন কৰে। এই নাগৰিক সভাৰ অন্তত দলটোৰ নেতৃত্বই কেন্দ্ৰক এই বিলখন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। অগপৰ নেতৃবৃন্দই কয় যে যদিহে বিলখন পাছ কৰা হয় অসম চুক্তিক অৰ্থহীন কৰা হ’ব। ছবছৰীয়া অসম আন্দোলনৰ শেষত স্বাক্ষৰিত অসম চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকক তেওঁলোকৰ জাতি, সম্প্ৰদায়, ধৰ্মীয় পৰিচয় নিৰ্বিশেষে বহিষ্কাৰ কৰিব লাগে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মূলতঃ হিন্দু বাংলাদেশীকে ধৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদিৰ পৰা ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব দিবৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আনিবলৈ লৈছে। উক্ত বিধেয়কখনৰ মতে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ এনে ধৰণৰ অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্ব পাব।

অসমৰ প্ৰায়বোৰ দল-সংগঠন, বিশিষ্ট নাগৰিকে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। আনহাতে অগপ দলেও বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও বিষয়টোত নিজৰ স্থিতি অধিক স্পষ্টকৈ নিৰ্ধাৰণ কৰিবলৈ আজিৰ নাগৰিক সভাখনৰ আহ্বান কৰিছিল। ইতিপূৰ্বে আঞ্চলিক দলটোৰ এটা দলে বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী আৰু অন্যান্য নেতাক সাক্ষাৎ কৰিবলৈ নতুন দিল্লীলৈ গৈছে।

‘নাগৰিকত্ব সংশোধনী বিল সন্দৰ্ভত ইতিমধ্যে আমি আমাৰ স্থিতি প্ৰকাশ কৰি আহিছো। আমাৰ এটা দলে প্ৰধান মন্ত্ৰীক লগ কৰিবলৈ দিল্লীলৈ যাব আৰু আজিৰ সভাখনৰ সিদ্ধান্তমৰ্মে জনাব যে অসমৰ মানুহে কোনো কাৰণতে এই সংশোধনী বিলখন অহাটো নিবিচাৰে।’ অগপৰ সভাপতি অতুল বৰাই কয়।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd