• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ জালত জনাথন চাংমাৰ হত্যাৰ মাষ্টাৰমাইণ্ড

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
তেজপুৰ , February 22, 2018 10:38 pm

2 min read

HPC-D-militant-leader-Lalmingthang-Sanate
75
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা অসম আৰক্ষীয়ে তেজপুৰৰ পৰা লালমিথাং ছিনেট নামৰ এজন মাৰ পীপল কনভেনশ্যন(ডেম’ক্ৰেটিক)ৰ নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা নেতাজন যোৱা ১৮ ফেব্ৰুৱাৰিত মেঘালয়ৰ আগন্তুক বিধানসভা নিৰ্বাচনত থিয় দিয়া এন চি পি দলৰ প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাকাণ্ডৰ আঁৰৰ মূল ব্যক্তি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ১৮ ফেব্ৰুৱাৰিত পূব গাৰোপাহাৰ জিলাৰ ছৱিলগ্ৰী গাৱঁত জনাথন নেংমিনজা চাংমাক গুলীয়াই হত্যা কৰা হৈছিল। প্ৰথমে আই ই ডি বিস্ফোৰণৰ পিছত সন্দেহযুক্ত বিদ্ৰোহীয়ে জধেমধে গুলীয়াই চাংমাকে ধৰি মুঠ চাৰিজনক হত্যা কৰিছিল। ইয়াৰ ভিতৰত তেওঁৰ দুজন দেহৰক্ষীও আছিল।

তেজপুৰ আৰক্ষীৰ এটা সূত্ৰই জনোৱামতে লালমিথাং ছিনেটক এছ এছ বি জোৱানৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বিশেষ তদন্তকাৰী ব্যুৰোৰ পৰা পোৱা এটা সূত্ৰৰ আঁত ধৰি জানুৱাৰিৰ পৰাই ছিনেটৰ সন্ধান কৰি আছিল। জানিব পৰা মটে লালমিথাং ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটৰ নেতা দাৰথাঙৰ হত্যাতো জড়িত থকাৰ অভিযোগ আছে। দাৰথাং ওৰফে নোবাৰ ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটটোৰ বিত্ত সচিব আছিল।

 

আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে তেওঁৰ বিৰুদ্ধে কাচাৰ জিলাৰ লক্ষীপুৰ থানাত 15/2018 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

‘আমি তেওঁক গ্ৰেপ্তাৰ কৰি শিলচৰ আৰক্ষীক গতাই দিছো। শিলচৰ আৰক্ষীৰ দ্বাৰা তদন্ত চলাই থকা হৈছে।’ এইদৰে কয় তেজপুৰৰ আৰক্ষী অধীক্ষক পি পি সিঙে।

উল্লেখযোগ্য যে মাৰ পীপল কনভেনশ্যন(ডেম’ক্ৰেটিক) নামৰ বিদ্ৰোহী গোটটো দুটা ভাগত বিভক্ত আৰু ইয়াৰে এইচ্ছ জোচাংবেৰা নেতৃত্বাধীন গোটটোৱে মিজোৰাম চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলাই আছে। আনটো আপোচবিহীন গোট লালমিথাং ছিনেটৰ নেতৃত্বাধীন।

Recent News

ponting on Indian victory

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd