এসময়ত এক অনগ্ৰসৰ অঞ্চল হিচাপে বিবেচনা কৰা অসম তথা উত্তৰ পূব বৰ্তমান দক্ষিণ এছিয়াৰ ১০ খন দেশৰ সৈতে সংযোগৰ ক্ষেত্ৰত দুৱাৰমুখ হিচাপে দ্ৰুতভাৱে উত্থান ঘটিছে আৰু লগতে ভাৰতীয় অৰ্থনীতিৰ বিকশিত অঞ্চল হিচাপে প্ৰচুৰ সম্ভাৱনা সৃষ্টি কৰিছে। কলকাতাত ইণ্ডিয়া টুডে গোষ্ঠীৰ কনচাল্টিং এডিটৰ ৰাজদীপ সৰদেশাইয়ে আঁত ধৰা ইণ্ডিয়া টুডে কনক্লেভ ইষ্ট ২০১৭ ৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলে এছীয় দেশসমূহত ভাৰতৰ অৱস্থিতিৰ ধ্বজা বহন কৰাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰা প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰে অসমে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক নেতৃত্ব দিবলৈ আৰু লগতে উত্তৰ পূবৰ জৰিয়তে কেন্দ্ৰৰ এক্ট ইষ্ট নীতি ৰূপায়িত কৰিবলৈ সাজু হৈছে।
সোণোৱালে লগতে কয় যে তেওঁ সম্পূৰ্ণ দৃঢ়তাৰে সৈতে অসমত উন্নয়নৰ পৰিবেশ সৃষ্টি কৰিবলৈ সকলো প্ৰশাসনিক সুৰুঙা অঁতৰাবলৈ চেষ্টা কৰিছে আৰু ই আন উত্তৰ পূবৰ ৰাজ্য কেইখনৰ উন্নয়নৰ পথো মুকলি কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজখন সম্পৰ্কে ক’বলৈ গৈ তেওঁ কয় যে প্ৰশাসনক বিকাশৰ সৈতে অধিক সহযোগী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
এন আৰ চি উন্নীতকৰণ সম্পৰ্কত সোণোৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চলি থকা এই প্ৰক্ৰিয়াটোত অসম চৰকাৰে এই উন্নীতকৰণ প্ৰক্ৰিয়াই এখন সম্পূৰ্ণ শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো জাতীয় দায়িত্ব বুলি গ্ৰহণ কৰিছে।
আজিৰ এই অনুষ্ঠানটোত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলী, বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজেজু ৰ লগতে ইণ্ডিয়া টুডেৰ গ্ৰুপ এডিটৰ অৰুণ পুৰী উপস্থিত আছিল।