• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মিজোৰাম সীমান্তৰ অবৈধ নিৰ্মাণ পৰিদৰ্শন আৰম্ভ যৌথ সমিতিৰ

NE NOW NEWS এন ই নাও নিউজ
আইজল , April 13, 2018 12:51 pm

2 min read

joint-committee-570x320
83
VIEWS
Share on FacebookShare on Twitter

অসম আৰু মিজোৰামৰ বিষয়া তথা নাগৰিক সংগঠনৰ সদস্যৰে গঠিত যৌথ সমিতিয়ে বৃহস্পতিবাৰে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্তৰ ৬৪.৬ কিলোমিটাৰ অঞ্চলত অবৈধ নিৰ্মাণ চিনাক্তকৰণৰ বাবে পৰিদৰ্শন আৰম্ভ কৰিছে।

যোৱা মাৰ্চত সীমান্ত অঞ্চলত সংঘটিত হোৱা সীমা বিবাদৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উদ্যোগত যৌথ সমিতিখন গঠন কৰা হৈছিল।

উক্ত সমিতিখনত অসমৰ হাইলাকান্দি আৰু কাছাৰ জিলাৰ আৰু মিজোৰামৰ কলাসিব জিলাৰ বন বিভাগ, আৰক্ষী আৰু প্ৰশাসনীয় বিষয়া আৰু মিজোৰাম নাগৰিক সমাজৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হৈছে।

কাছাৰৰ মুখ্য বন সংৰক্ষক বিনয় গুপ্তা আৰু মিজোৰামৰ চেন্ট্ৰেল চাৰ্কোলৰ বন সংৰক্ষক লালথ্লামুৱানা পাচুৱাওৰ নেতৃত্বৰ সমিতিখনে যোৱা মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত সীমা বিবাদ সৃষ্টি হোৱা জ’ফাই (মিজোৰামত পৰিচিত) আৰু কৰচুলথাল (অসমত পৰিচিত) স্থানৰ পৰাই চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

জানিব পৰা মতে জ’ফাইৰ পৰা দলটোৱে অন্য স্থানলৈ যাব। জ’ফাইৰ পিছত সমিতিখনে অসমৰ লাইলাপুৰ অঞ্চলৰ নিৰ্মাণ পৰিদৰ্শন কৰি মিজোৰামৰ ভেইৰেংটে, ফাইচেন আৰু এইটলেঙলৈ যাব।

সমিতিখনৰ মতে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্ত জুৰি থকা ৫০৯ বৰ্গ কিলোমিটাৰ আন্ত:ৰাজ্যিক সংৰক্ষিত বনাঞ্চলতো অবৈধ নিৰ্মাণৰ চিনাক্তকৰণৰ কাম তেওঁলোকে সম্পন্ন কৰিব।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত জ’ফাইত যোৱা ২৮ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত যৌথ সমিতিক পৰিদৰ্শনৰ দায়িত্ব অৰ্পন কৰা হৈছিল। সমিতিখনক অহা ৩০ এপ্ৰিলৰ ভিতৰত পৰিদৰ্শনৰ কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd