DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম শক্তি বিতৰণ কোম্পানীৰ অধীনৰ ৪৭টা উপ-আস্থানৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত ৪ মে’ত ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 7:44 am
APDCL.jpeg
84
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিদ্যুৎ খণ্ডটোৰ বিতৰণ ব্যৱস্থাটো সম্পূৰ্ণভাৱে ব্যক্তিগতকৰণৰ উদ্দেশ্য আগত ৰাখি ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে চৰকাৰে অসম শক্তি বিতৰণ কোম্পানীৰ অধীনস্থ ১৭টা মণ্ডলৰ ৪৭টা উপ-আস্থান (sub-station) ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।  চৰকাৰৰ এই ষড়যন্ত্ৰ তথা এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছাম ষ্টেইট পাৱাৰ য়ুনিয়নে অহা ৪ মে’ত সমগ্ৰ অসমজুৰি দুঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী হাতত লৈছে।

য়ুনিয়নে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰামৰ বাবে সমগ্ৰ বিদ্যুৎকৰ্মীক অংগীকাৰবদ্ধ হ’বলৈ আৰু উক্ত কাৰ্যসূচী সফল কৰাৰ বাবে আহ্বান জনাইছে। য়ুনিয়নৰ ব্ৰজেন বৰি আৰু সাধাৰণ সম্পাদক দীনেশ চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, এই প্ৰতিবাদী কাৰ্যসূচী পুৱা ১০ বজাত শাখাসমূহৰ সুবিধা অনুযায়ী সংমণ্ডল, মণ্ডল ভিত্তিত পালন কৰা হ’ব।

মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিযোগে য়ুনিয়নৰ সভাপতি আৰু সম্পাদকে এই কথা জানিবলৈ দিছে।

উল্লেখযোগ্য যে চৰকাৰে সমগ্ৰ অসমৰ  ৪৭টা ৩৩/১১ কে ভি মানৱ চলিত, মানৱবিহীন বিদ্যুৎ উপ-আস্থান ব্যক্তিগতকৰণৰ বাবে নিবিদা আহ্বান কৰিছিল। অসম শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধক (মুখ্য কাৰ্যালয়)ৰ জৰিয়তে আহ্বান কৰা এই নিবিদা সম্পৰ্কত অহা ৪ মে’ তাৰিখে সিদ্ধান্ত লোৱা হ’ব।

য়ুনিয়নে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত কাৰ্য্যকৰী কৰাৰ পৰা বিৰত থকাৰ বাবে চৰকাৰ আৰু বিদ্যুৎ কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে নৱনিযুক্ত ৰাজ্যিক শক্তি মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীকো বিষয়টোত তৎকালে হস্তক্ষেপ কৰি শ্ৰমিক তথা ৰাইজ বিৰোধী এই ব্যৱস্থা বাতিলৰ বাবে আহ্বান জনায়।

এই প্ৰধান দাবীৰ লগতে য়ুনিয়নে উপযুক্ত আৰু উন্নত আন্তঃগাঁথনিৰে অস্থায়ী কৰ্মীসকলক তৎকালে স্থায়ীকৰণৰ দ্বাৰা বিভাগীয়ভাৱে উপ-আস্থানসমূহৰ লগতে বিতৰণ, উৎপাদন আৰু প্ৰৱহন ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছে। নেতাদ্বয়ে কয় যে এই ক্ষেত্ৰত উৰিষ্যা আৰু দিল্লীৰ অভিজ্ঞতা আমি মনত ৰখা ভাল।

Recent News

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd